--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বৰেলীত মণিপুৰৰ দৰে এক সংঘটিত হোৱা এক ঘটনা চৰ্চালৈ আহিছে৷ য’ত এগৰাকী মহিলাক উলংগ কৰি আধা ডজন লোকে নিৰ্দয়ভাৱে কোবাইছে। আনহাতে, স্বামীয়ে এই ঘটনাৰ প্ৰতিবাদ কৰাৰ সময়ত তেওঁকো নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছিল।ইতিমধ্যে ভুক্তভোগীৰ অভিযোগৰ ওপৰত আধা ডজন লোকৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে “মই এগৰাকী মুছলমান আৰু মোৰ হিন্দু ধৰ্মৰ ওপৰত বিশ্বাস আছে। এই কাৰণেই মই এজন হিন্দু যুৱকক বিয়া কৰাইছো আৰু এই কাৰণেই সমাজৰ একাংশ লোকে এই কথাৰ বিৰোধিতা কৰিছে। যাৰ বাবে গাঁৱৰ মুৰব্বীকে ধৰি আধা ডজন মানুহে মোৰ ঘৰত সোমাই মোক উলংগ কৰি নিৰ্দয়ভাৱে মাৰপিট কৰিলে। মই তিনিমাহৰ গৰ্ভৱতী, তথাপিও গুণ্ডাবোৰে মোক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিলে। কেৱল এয়াই নহয়, যেতিয়া মই মোৰ স্বামীৰ সৈতে বাইকত উঠি বৰেলীলৈ আহি আছিলো, তেতিয়া গুণ্ডাবোৰে আকৌ মাজ ৰাস্তাত টানি নি মাৰপিট কৰিছিল। যাৰ বাবে মোৰ শৰীৰৰ বহু ঠাইত গুৰুতৰ আঘাত স্পষ্ট।”

ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে IPCৰ ১৪৭,৪৫২,৩৫৪,৩৫৪(বি)৩৪১, ৩২৩,৫০৪,৫০৬ ধাৰাত ক্যোদিয়া আৰক্ষী থানাত ভুক্তভোগীয়ে অভিযোগ ৰুজু কৰিছে।

এই ক্ষেত্ৰত আৰক্ষী অধীক্ষক দেহাত ৰাজকুমাৰ আগৰৱালাই কয় যে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত বৰেলীত মণিপুৰৰ দৰে ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে। আনহাতে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছিল, তাৰ পাছত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত মহিলাগৰাকী যিজনৰ লগত গৈছিল সেইজন যুৱকক বিয়া কৰাইছিল। এই ক্ষেত্ৰত ধনৰ লেনদেনৰ বিষয়টো চৰ্চালৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে