--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বৰেলীত মণিপুৰৰ দৰে এক সংঘটিত হোৱা এক ঘটনা চৰ্চালৈ আহিছে৷ য’ত এগৰাকী মহিলাক উলংগ কৰি আধা ডজন লোকে নিৰ্দয়ভাৱে কোবাইছে। আনহাতে, স্বামীয়ে এই ঘটনাৰ প্ৰতিবাদ কৰাৰ সময়ত তেওঁকো নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছিল।ইতিমধ্যে ভুক্তভোগীৰ অভিযোগৰ ওপৰত আধা ডজন লোকৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে “মই এগৰাকী মুছলমান আৰু মোৰ হিন্দু ধৰ্মৰ ওপৰত বিশ্বাস আছে। এই কাৰণেই মই এজন হিন্দু যুৱকক বিয়া কৰাইছো আৰু এই কাৰণেই সমাজৰ একাংশ লোকে এই কথাৰ বিৰোধিতা কৰিছে। যাৰ বাবে গাঁৱৰ মুৰব্বীকে ধৰি আধা ডজন মানুহে মোৰ ঘৰত সোমাই মোক উলংগ কৰি নিৰ্দয়ভাৱে মাৰপিট কৰিলে। মই তিনিমাহৰ গৰ্ভৱতী, তথাপিও গুণ্ডাবোৰে মোক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিলে। কেৱল এয়াই নহয়, যেতিয়া মই মোৰ স্বামীৰ সৈতে বাইকত উঠি বৰেলীলৈ আহি আছিলো, তেতিয়া গুণ্ডাবোৰে আকৌ মাজ ৰাস্তাত টানি নি মাৰপিট কৰিছিল। যাৰ বাবে মোৰ শৰীৰৰ বহু ঠাইত গুৰুতৰ আঘাত স্পষ্ট।”

ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে IPCৰ ১৪৭,৪৫২,৩৫৪,৩৫৪(বি)৩৪১, ৩২৩,৫০৪,৫০৬ ধাৰাত ক্যোদিয়া আৰক্ষী থানাত ভুক্তভোগীয়ে অভিযোগ ৰুজু কৰিছে।

এই ক্ষেত্ৰত আৰক্ষী অধীক্ষক দেহাত ৰাজকুমাৰ আগৰৱালাই কয় যে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত বৰেলীত মণিপুৰৰ দৰে ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে। আনহাতে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছিল, তাৰ পাছত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত মহিলাগৰাকী যিজনৰ লগত গৈছিল সেইজন যুৱকক বিয়া কৰাইছিল। এই ক্ষেত্ৰত ধনৰ লেনদেনৰ বিষয়টো চৰ্চালৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস