--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত  হোৱা  এছিয়ান গেমছ ২০২৩ৰ উদ্বোধনীৰ দিনটোতেই ভাৰতে বিজয়ৰ যাত্ৰা আৰম্ভ কৰে। খেলৰ প্ৰথম কেইঘণ্টামানতে টীম ইণ্ডিয়াই পাঁচটা  পদক জিকিবলৈ সক্ষম হয় । একে সময়তে ভাৰতীয়  মহিলা ক্ৰিকেটৰ দলটোৱে বাংলাদেশক হৰুৱাই  ফাইনেলত উপনীত হৈ আন এটা পদক নিশ্চিত কৰিছে।এছিয়ান গেমছ ২০২৩ৰ খেলসমূহ আনুষ্ঠানিকভাৱে ২৩ ছেপ্টেম্বৰত আৰম্ভ হয়।  ভাৰতীয় দলৰ প্ৰথমটো পদক জয় কৰে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলটোৱে।  প্ৰতিযোগিতাত দলটোৱে  ৰূপৰ পদক অৰ্জডন কৰে। মেহুলিৰ উপৰি দলটোত  ৰমিতা, অইছি চোকচিও আছিল।

 ৰয়িঙত তিনিটা পদক জিকিবলৈ সক্ষম হৈছে ভাৰতে। ৰোয়িঙত ভাৰতৰ অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙে লাইটৱেট পুৰুষৰ ডাবলছ স্কুলছ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে। ভাৰতৰ বাবুলাল যাদৱ আৰু লেখ ৰামে কক্সলেছ যুটিৰ ৰয়িঙত ব্ৰঞ্জৰ পদক জিকিছে। ৰোয়িঙত ভাৰতীয় দলে কক্স আঠত ৰূপৰ পদক জিকিছিল।পাঁচটা পদকৰ উপৰি ভাৰতীয় দলটোৱে ক্ৰিকেটতো পদক লাভ কৰিছে। স্মৃতি মান্ধানাৰ দলটোৱে  মহিলা ক্ৰিকেটত বাংলাদেশক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। ভাৰতীয় বলাৰসকলে বাংলাদেশক মাত্ৰ ৫১ ৰাণত আউট কৰে। ভাৰতে মাত্ৰ ৮.২ অভাৰত ৫২ ৰাণৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হয়। ভাৰতীয় ক্ৰিকেট দলটোৱে ২৭ ছেপ্টেম্বৰত ফাইনেলত সোণৰ পদক লাভৰ লক্ষ্য স্থিৰ কৰিছে। এতিয়ালৈকে ভাৰতৰ পদক বিজয়ীসকল হ’ল-

১. শ্বুটিং, মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল দল: মেহুলি ঘোষ, ৰমিতা আৰু আইছি চোকচিক লৈ গঠিত শ্বুটিং দলে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলৰ ইভেণ্ট সমাপ্ত কৰাৰ পিছত ৰূপৰ পদক লাভ কৰে। তেওঁলোকে মুঠ ১৮৮৬ পয়েণ্ট লাভ কৰে।  
২. ৰোয়িংছ পুৰুষৰ ডাবলছ স্কুল: অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙৰ যুটিয়ে ৬:২৮.১৮ ছেকেণ্ডত  লাইটৱেট পুৰুষৰ ডাবল স্কলছত ৰূপৰ পদক অৰ্জন কৰে।

৩. ৰোয়িং, পুৰুষৰ যুটি: লেখ ৰাম আৰু বাবু লাল যাদৱৰ যুটিয়ে ভাৰতক ৬:৫০.৪১ছেকেণ্ডত   ব্ৰঞ্জৰ পদক অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে।

৪. ৰোয়িং, পুৰুষৰ এইট: ৰয়িঙত পদকৰ দৌৰ অব্যাহত ৰাখি ভাৰতে আন এটা ৰূপৰ পদক লাভ কৰে। এই পদক  পুৰুষৰ এইট ইভেণ্টত ভাৰতে অৰ্জন কৰে।

৫. শ্বুটিং, মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত: মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা ৰমিতা জিন্দলে ১০ মিটাৰ এয়াৰ ৰাইফল শ্ৰেণীত ব্যক্তিগত ইভেণ্টত ২৩০.১ ৰ সামগ্ৰিক পয়েণ্টেৰে  ব্ৰঞ্জৰ পদক লাভ কৰে।

ইপিনে দেওবাৰে ভাৰতীয় পুৰুষ হকী দলে  চীন গণৰাজ্যৰ হাংঝৌৰ গংচু কেনেল স্পৰ্টছ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান গেমছ ২০২৩ পুল এ খেলত উজবেকিস্তানক ১৬-০ গ'লত পৰাস্ত কৰে।

ভাৰতৰ হৈ ললিত উপাধ্যায় , বৰুণ কুমাৰ , অভিষেক , মনদীপ সিং  অমিত ৰোহিদাস , সুখজিৎ, চামছেৰ সিঙে  সুন্দৰ প্ৰদৰ্শন কৰে।

এই বিজয়ৰ সৈতে, তিনিবাৰৰ এছিয়ান গেমছ চেম্পিয়ন ভাৰতে এছিয়ান গেমছ ২০২৩ৰ পুৰুষ হকী পুল এৰ শীৰ্ষ স্থানত উপনীত হৈছে। প্ৰতিটো পুলৰ শীৰ্ষ দল দুটাই  ছেমি ফাইনেলত প্ৰৱেশ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য