--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ সময় ওচৰ চাপি অহাৰ লগে লগে ৰোহিত শৰ্মা আৰু ৰাহুল দ্ৰাবিড়ৰ চিন্তা বাঢ়িছে। অৱশ্যে এই চিন্তা ইতিবাচক। চিন্তাটো হ’ল প্ৰথম এঘাৰত কোনে কোনে খেলিব। মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়াছ আয়েৰে  ইন্দোৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত শতক অৰ্জন কৰে। ১১ মাহৰ অন্তত এদিনীয়া ক্ৰিকেটত শতক অৰ্জন কৰে। এই শতকে আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত শ্ৰেয়াছক আত্মবিশ্বাস প্ৰদান কৰিব।

ভাৰতৰ মিডল অৰ্ডাৰত কোনে কোনে খেলিব সেই লৈ যুঁজ চলিছে। লোকেশ ৰাহুলে ৰান পাইছে। তেওঁ খেলাটো নিশ্চিত। ঈশান কিষানো দৌৰত আছে। সূৰ্যকুমাৰ যাদৱে পূৰ্বৰ খেলখনত অৰ্ধশতক অৰ্জন কৰি দলটো জয় কৰিছিল। শ্ৰেয়াছেও এইবাৰ শতক অৰ্জন কৰে। ৰোহিত, দ্ৰাবিড়ে বহুত চিন্তা কৰিব লাগিব যে এই চাৰিজনৰ ভিতৰত কোন দুজনক চাৰি আৰু পাঁচ নম্বৰত খেলিব।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ ৮৬টা বলত ১০০ ৰান কৰে। ২০২২ চনৰ ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত শ্ৰেয়াছে ১১১ বলত ১১৩ ৰানৰ ইনিংছ খেলিছিল। তাৰ পিছৰ পৰা তেওঁ তিনি অংকৰ ৰান কৰিব পৰা নাছিল। আঘাতৰ বাবে কেইবামাহো খেলপথাৰৰ পৰা আঁতৰি আছিল। অস্ত্ৰোপচাৰ কৰা হ’ল। আই পি এল খেলিব নোৱাৰিলে। কিন্তু তাৰ পিছতো দলটোৱে তেওঁক বিশ্বাস কৰিছিল। শ্ৰেয়াছে সেই ট্ৰাষ্টৰ মূল্য দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ