--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে আম্বানীৰ তিনিদিনীয়া অনুষ্ঠানত উপস্থিত হ’ল সমগ্ৰ বলীউড। তাত দেখা গ’ল তিনি খানৰ ত্ৰিবেণী সংগম। শ্বাহৰুখৰ কণ্ঠত শুনা গ’ল "জয় শ্ৰীৰাম" শব্দ। 

অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানে হলিউড, বলীউড আৰু দক্ষিণৰ চিনেমাক একত্ৰিত কৰিছিল। এফালে জানহৱী কাপুৰৰ ‘ধদক’ ছবিৰ ‘জিংগাট’ গীতত ৰিহানাই নৃত্য কৰাৰ সময়তে শ্বাহৰুখ-ছলমান-আমিৰে ৰাজমৌলিৰ ‘আৰ আৰ আৰ’ ছবিৰ ‘নতু নাতু’ গীতত নৃত্য কৰিছিল। তিনিওজনে পিন্ধিছিল আফগানী কুৰ্তা-পাইজামা, ৰূপালী ডিঙিৰ টুকুৰা। শ্বাহৰুখৰ ‘চয়া চায়া’, ছলমানৰ ‘জিনে কি হায় চৰ দিন’ আৰু আমিৰৰ ‘মস্তি কি পাঠশালা’ৰে মঞ্চ শোভা বঢ়ায়। তিনিজন ব্যক্তিৰ নৃত্যৰ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

অনুষ্ঠানৰ শেষত শ্বাহৰুখে সকলোকে ক'লে, "জয় শ্ৰী ৰাম, ভগৱানে সকলোকে আশীৰ্বাদ কৰক।"তেওঁ লগতে কয়, "আপুনি নৃত্য প্ৰদৰ্শন দেখিছে। ভাই, ভগ্নী, শহুৰ, শাহুৱেক, নায়ক আৰু নায়িকা সকলোৱে নাচিছে। অৱশ্যে  বয়োজ্যেষ্ঠৰ আশীৰ্বাদ অবিহনে সেয়া সম্ভৱ নহ'লহেঁতেন।"

ইয়াৰ পিছত শ্বাহৰুখে আম্বানী পৰিয়ালৰ তিনিটা স্তম্ভৰ পৰিচয় দিয়ে। অভিনেতাজনে কয়, "এইবাৰ মই আপোনালোকক চিনাকি কৰাই দিম আম্বানী পৰিয়ালৰ পাৱাৰপাফ ছোৱালী, পৰিয়ালটোৰ তিনিগৰাকী দেৱী - সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীক।" তেওঁলোকৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদে এই পৰিয়ালটোক টিকাই ৰাখিছে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী