--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এতিয়া বিদেশৰ শীৰ্ষ ৰাজনীতিকৰ ভিৰ। জি ২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকো।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই শুকুৰবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিক পালম বিমানবন্দৰত "জয় ছিয়া ৰাম" ধ্বনিৰে আদৰণি জনায়। সুনাকে সপ্তনীক  অষ্টাদশ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পালম বিমানবন্দৰত আজি অৱতৰণ কৰে৷ 

অশ্বিনী কুমাৰ চৌবেয়ে ভগৱৎ গীতা আৰু হনুমান চালিছা ঋষি সুনাক  আৰু তেওঁৰ পত্নী অক্ষ্য মূৰ্তিক প্ৰদান কৰে৷  নতুন দিল্লীলৈ উৰা মৰাৰ পূৰ্বে  ঋষি সুনাকে সংবাদ মাধ্যমৰ আগত  কৈছিল যে তেওঁৰ ভাৰত ভ্ৰমণ "বিশেষ" কাৰ্যসূচী হিচাবে পৰিগণিত হ’ব। কাৰণ তেওঁ ভাৰতৰ জোঁৱাই। ঋষি সুনাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব।  সন্মিলনখনত ইউৰোপীয় ইউনিয়নৰ ৩০গৰাকীতকৈও অধিক ৰাষ্ট্ৰপ্ৰধান আৰু শীৰ্ষ বিষয়া উপস্থিত থকাৰ সম্ভাৱনা আছে । সন্মিলনলৈ বিভিন্ন  ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বীক আমন্ত্ৰণ জনোৱা হৈছে। 

 ঋষি সুনাক নিৰ্বাচিত প্ৰথম ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰী হোৱাৰ পিছত  তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে। ৮ ছেপ্টেম্বৰৰ পৰা তেওঁ নতুন দিল্লীত জি-২০ (জি-২০) ৰাষ্ট্ৰপ্ৰধানসন্মিলনত অংশগ্ৰহণ কৰিব। ঋষিৰ সৈতে তেওঁৰ পত্নী অক্ষতা মূৰ্তিও ভাৰতলৈ আহিছে। সুনাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰাৰ উপৰি আন নেতাসকলৰ সৈতে বৈঠক কৰাৰ সম্ভাৱনা আছে।

সুনাকৰ  চাউদাম্পটনত জন্ম হৈছিল যদিও তেওঁৰ পিতৃ-মাতৃ দুয়ো ভাৰতীয় মূলৰ। সুনাকে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছতো ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।  





FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ