--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এতিয়া বিদেশৰ শীৰ্ষ ৰাজনীতিকৰ ভিৰ। জি ২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকো।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই শুকুৰবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিক পালম বিমানবন্দৰত "জয় ছিয়া ৰাম" ধ্বনিৰে আদৰণি জনায়। সুনাকে সপ্তনীক  অষ্টাদশ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পালম বিমানবন্দৰত আজি অৱতৰণ কৰে৷ 

অশ্বিনী কুমাৰ চৌবেয়ে ভগৱৎ গীতা আৰু হনুমান চালিছা ঋষি সুনাক  আৰু তেওঁৰ পত্নী অক্ষ্য মূৰ্তিক প্ৰদান কৰে৷  নতুন দিল্লীলৈ উৰা মৰাৰ পূৰ্বে  ঋষি সুনাকে সংবাদ মাধ্যমৰ আগত  কৈছিল যে তেওঁৰ ভাৰত ভ্ৰমণ "বিশেষ" কাৰ্যসূচী হিচাবে পৰিগণিত হ’ব। কাৰণ তেওঁ ভাৰতৰ জোঁৱাই। ঋষি সুনাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব।  সন্মিলনখনত ইউৰোপীয় ইউনিয়নৰ ৩০গৰাকীতকৈও অধিক ৰাষ্ট্ৰপ্ৰধান আৰু শীৰ্ষ বিষয়া উপস্থিত থকাৰ সম্ভাৱনা আছে । সন্মিলনলৈ বিভিন্ন  ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বীক আমন্ত্ৰণ জনোৱা হৈছে। 

 ঋষি সুনাক নিৰ্বাচিত প্ৰথম ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰী হোৱাৰ পিছত  তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে। ৮ ছেপ্টেম্বৰৰ পৰা তেওঁ নতুন দিল্লীত জি-২০ (জি-২০) ৰাষ্ট্ৰপ্ৰধানসন্মিলনত অংশগ্ৰহণ কৰিব। ঋষিৰ সৈতে তেওঁৰ পত্নী অক্ষতা মূৰ্তিও ভাৰতলৈ আহিছে। সুনাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰাৰ উপৰি আন নেতাসকলৰ সৈতে বৈঠক কৰাৰ সম্ভাৱনা আছে।

সুনাকৰ  চাউদাম্পটনত জন্ম হৈছিল যদিও তেওঁৰ পিতৃ-মাতৃ দুয়ো ভাৰতীয় মূলৰ। সুনাকে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছতো ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।  





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস