--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহা আয়োজন চলিছে দেশৰ ৰাজধানী নতুন দিল্লীত। নতুন দিল্লীত কাইলৈৰ পৰা আৰম্ভ হ’ব জি-২০ সন্মিলনৰ কাৰ্যসূচী। সেই উপলক্ষ্যে আজিয়েই বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাই দিল্লীত আহি উপস্থিত হৈছে।  ভাৰতে জি-২০ সভাপতিত্ব কৰাৰ অৰ্থে এক   চকুত লগা ল’গোও প্ৰকাশ কৰিছে।এই ল’গোত  দেশৰ পতাকা উন্নত জীৱনধাৰণৰ প্ৰতিশ্ৰুতিৰ কথাও প্ৰতিফলিত হৈছে। গেৰুৱা, বগা, সেউজীয়া আৰু নীলা ৰঙৰ সমাহাৰেৰে  জি-২০ ল’গোটো প্ৰস্তুত কৰৈা হৈছে। 

ল’গোটোৱে  ভাৰতৰ সমৃদ্ধ সংস্কৃতি, প্ৰকৃতিৰ প্ৰতি প্ৰতিশ্ৰুতি আৰু বিশ্বৰ সৈতে আন্তঃসংযোগৰ দৰে বিষয়সমূহক সুন্দৰভাবে প্ৰকাশ কৰিছে।   ল’গোটোত ভাৰতৰ ৰাষ্ট্ৰীয় ফুল পদুমৰ সৈতে পৃথিৱীও আছে। এই সম্পৰ্ক প্ৰত্যাহ্বানৰ মাজত বিকাশৰ প্ৰতীক, যি ভাৰতৰ স্থিতিস্থাপকতা আৰু দৃঢ়তা প্ৰতিফলিত কৰিছে। পৃথিৱীৰ উপস্থিতিয়ে ভাৰতৰ উদাৰ আৰু সম্প্ৰসাৰিত  দৃষ্টিভংগীক সূচাইছে। পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাৰ প্ৰতি থকা ইচ্ছাৰ কথাও ইয়াত  আলোকপাত কৰা হৈছে। জি-২০  ল’গোৰ তলত, "ভাৰত" শব্দটো দেৱনাগৰী লিপিত সুন্দৰভাৱে লিখা হৈছে, যি ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ বিষয়বস্তু, "বসুধৈৱ কুটুম্বকম", যাৰ অৰ্থ হৈছে "এক পৃথিৱী · এটা পৰিয়াল · এক ভৱিষ্যত,"। মহা উপনিষদৰ প্ৰাচীন সংস্কৃত পাঠৰ পৰা এই বাণী লোৱা হৈছে। 

এই বিষয়বস্তুয়ে মানুহ, জীৱ- জন্তু, উদ্ভিদ আৰু অণুজীৱকে ধৰি সকলো জীৱনৰ আভ্যন্তৰীণ মূল্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। কেৱল সেয়াই নহয়, ল’গোটোৱে পৃথিৱী আৰু বহল বিশ্বব্ৰহ্মাণ্ডত ভাৰতীয়ৰ আন্তঃসংযোগৰ  বিষয়ত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি ল’গোৰ  বিষয়বস্তুৱে পৰিৱেশৰ বাবে জীৱনশৈলীৰ বিষয়তো  আলোকপাত কৰিছে। জি-২০ৰ ল’গো আৰু থীমে  জি-২০ প্ৰেচিডেন্সিৰ বাবে ভাৰতৰ বাৰ্তা সামূহিকভাৱে প্ৰদান কৰিছে। ভাৰতৰ জি-২০ প্ৰেচিডেন্সি "অমৃতকাল"ৰ আৰম্ভণিৰ সৈতেও মিলিত হৈছে।এই পদক্ষেপৰ উদ্দেশ্য হৈছে ভাৰতক এক ভৱিষ্যতবাদী, সমৃদ্ধ, সামগ্ৰিক আৰু উন্নত সমাজৰ দিশে আগুৱাই নিয়া, যাৰ মূলত মানৱ-কেন্দ্ৰিক দৃষ্টিভংগী আছে। যিহেতু ভাৰতে জি-২০ৰ নেতৃত্ব গ্ৰহণ কৰিছে, ইয়াৰ লক্ষ্য হৈছে বিশ্বব্যাপী আলোচনা আৰু কাৰ্যকলাপত অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱা।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ