--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ব দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মধ্যপ্ৰদেশ,ৰাজস্থান,ছত্তিশগড় আৰু তেলেংগানা এই চাৰি ৰাজ্যৰ ফলাফলকলৈ উতকণ্ঠিত দেশবাসী। কোনে মাৰিব শেষ হাঁহি? কাৰ হাতলৈ যাব বাঘজৰী? কাৰ দখললৈ যাব ৰাজপাট? ইয়াকে লৈ চলিছে জল্পনা-কল্পনা। 

দেওবাৰে পুৱা ৮ বজাৰ পৰা চলিব চাৰিখন ৰাজ্যৰ হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা পৰ্ব। এই ভোটগণনাত প্ৰথমে প'ষ্টেল বেলটৰ ভোটগণনা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পাচতহে ইভিএমৰ ভোটগণনা আৰম্ভ হ'ব।

বিভিন্ন সংস্থাৰ EXIT POLLত দেখা গৈছে, চাৰিওখন ৰাজ্যতে চৰকাৰ সালসলনি হ’ব পাৰে। ৰাজস্থানত কংগ্ৰেছক গাদীচ্যুত কৰি শাসনলৈ আহিব পাৰে বিজেপি। আনহাতে, মধ্য প্ৰদেশত বিজেপিক আঁতৰাই গাদী দখল কৰিব পাৰে কংগ্ৰেছে। ছত্তীশগড়ত ক্ষমতা ধৰি ৰাখিব কংগ্ৰেছেই। তেলেংগানাত আকৌ কোনো দলেই একক সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা কম। কিছু সমীক্ষাত দেখা গৈছে ৰাজ্যখনত বিআৰএছ জয়ী হ’ব। তেনেদৰে কেইবাটাও EXIT POLLত আকৌ আগুৱাই ৰখা হৈছে কংগ্ৰেছক। কোন ৰাজ্যত,কোন দলে শেষ হাঁহি মাৰে সেয়া জানিবলৈ এতিয়া অপেক্ষা মাত্ৰ সময়লৈহে। 

ইফালে, মিজোৰামৰ ভোটগণনাৰ দিন পিছুৱাই দিয়া হৈছে। আজিৰ পৰিৱৰ্তে সোমবাৰে অৰ্থাৎ ৪ ডিচেম্বৰত এই ৰাজ্যখনত হ’ব ভোটগণনা। ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত এই পাঁচ ৰাজ্যৰ ভোটগণনা সম্পন্ন হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা