--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ব দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মধ্যপ্ৰদেশ,ৰাজস্থান,ছত্তিশগড় আৰু তেলেংগানা এই চাৰি ৰাজ্যৰ ফলাফলকলৈ উতকণ্ঠিত দেশবাসী। কোনে মাৰিব শেষ হাঁহি? কাৰ হাতলৈ যাব বাঘজৰী? কাৰ দখললৈ যাব ৰাজপাট? ইয়াকে লৈ চলিছে জল্পনা-কল্পনা। 

দেওবাৰে পুৱা ৮ বজাৰ পৰা চলিব চাৰিখন ৰাজ্যৰ হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা পৰ্ব। এই ভোটগণনাত প্ৰথমে প'ষ্টেল বেলটৰ ভোটগণনা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পাচতহে ইভিএমৰ ভোটগণনা আৰম্ভ হ'ব।

বিভিন্ন সংস্থাৰ EXIT POLLত দেখা গৈছে, চাৰিওখন ৰাজ্যতে চৰকাৰ সালসলনি হ’ব পাৰে। ৰাজস্থানত কংগ্ৰেছক গাদীচ্যুত কৰি শাসনলৈ আহিব পাৰে বিজেপি। আনহাতে, মধ্য প্ৰদেশত বিজেপিক আঁতৰাই গাদী দখল কৰিব পাৰে কংগ্ৰেছে। ছত্তীশগড়ত ক্ষমতা ধৰি ৰাখিব কংগ্ৰেছেই। তেলেংগানাত আকৌ কোনো দলেই একক সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা কম। কিছু সমীক্ষাত দেখা গৈছে ৰাজ্যখনত বিআৰএছ জয়ী হ’ব। তেনেদৰে কেইবাটাও EXIT POLLত আকৌ আগুৱাই ৰখা হৈছে কংগ্ৰেছক। কোন ৰাজ্যত,কোন দলে শেষ হাঁহি মাৰে সেয়া জানিবলৈ এতিয়া অপেক্ষা মাত্ৰ সময়লৈহে। 

ইফালে, মিজোৰামৰ ভোটগণনাৰ দিন পিছুৱাই দিয়া হৈছে। আজিৰ পৰিৱৰ্তে সোমবাৰে অৰ্থাৎ ৪ ডিচেম্বৰত এই ৰাজ্যখনত হ’ব ভোটগণনা। ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত এই পাঁচ ৰাজ্যৰ ভোটগণনা সম্পন্ন হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক