--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সলনি হ’ল নেচনেল মেডিকেল মিছনৰ প্ৰতীক চিহ্ন। প্ৰতীক চিহ্নৰ পৰা আঁতৰিল ভাৰতৰ ৰাষ্ট্রীয় চিহ্ন অশোক স্তম্ভ। অশোক স্তম্ভ আঁতৰাই প্ৰতিষ্ঠানটোৰ নতুন প্ৰতীক চিহ্নৰূপে স্থান দিয়া হ'ল ভগৱান বিষ্ণুক। লগতে নেচনেল মেডিকেল কমিচনৰ নামৰ ক্ষেত্ৰতো অনা হ'ল পৰিৱৰ্তন। 

লক্ষণীয়ভাৱে নতুন প্ৰতীক চিহ্নৰ তলত প্ৰতিষ্ঠানটোৰ নাম সলনি কৰা হ’ল ৰাষ্ট্রীয় আয়ুৰ্বিজ্ঞান আয়োগলৈ। পূৰ্বতে হিন্দী অথবা অসমীয়া, যিকোনো স্থানীয় ভাষাত ইয়াক জনা গৈছিল ৰাষ্ট্রীয় চিকিৎসা আয়োগ হিচাপে। বিজেপিৰ শাসনকালত নাম সলনিৰ উদাহৰণ কোনো নতুন কথা নহয়। কিন্তু চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান এটাক এনেদৰে ধৰ্মৰ সৈতে সংযুক্ত কৰাক লৈ এতিয়া সৃষ্টি হৈছে তুমূল প্ৰতিক্ৰিয়াৰ। 

চিকিৎসা আয়োগৰ নাম সলনিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে খোদ চিকিৎসক সমাজৰ মাজতেই। ভাৰতীয় চিকিৎসা সংস্থাৰ কেৰালা শাখাই সমগ্ৰ বিষয়ক লৈ পত্ৰ লিখিছে আয়োগলৈ। আধুনিক চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এনেধৰণৰ পদক্ষেপ মুঠেই গ্ৰহণযোগ্য নহয়। আয়োগৰ এনে পদক্ষেপে বৈজ্ঞানিক মানসিকতাত প্ৰভাৱ পেলাব। এই কাৰ্যই সমাজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰিব। তাৰোপৰি এনে পদক্ষেপে আয়োগৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰতো পেলাব প্ৰভাৱ। 

আয়োগলৈ লিখা পত্ৰত এইদৰে উল্লেখ কৰিলে ভাৰতীয় চিকিৎসা সংস্থাৰ কেৰালা শাখাই। ভাৰতীয় চিকিৎসা সংস্থাৰ ৰাষ্ট্রীয় সভাপতি ডাঃ শাৰদ কুমাৰ আগৰৱালাই The Print নামৰ সংবাদ প্ৰতিষ্ঠানটোক প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ৰাষ্ট্রীয় চিকিৎসা আয়োগে প্ৰকৃত দায়িত্ব পাহৰি এনেধৰণৰ অদৰকাৰী কাৰ্য্যত ব্যস্ত থকা বুলি মন্তব্য কৰিছে আগৰৱালাই। 

ইপিনে আয়োগৰ চিকিৎসা উপদেষ্টা কমিটীৰ সদস্য তথা TMC সাংসদ ডঃ শান্তনু সেনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কোনখন বৈঠকত হোৱা সিদ্ধান্তমৰ্মে আয়োগে গ্ৰহণ কৰিলে এই পদক্ষেপ, সেই কথা জনাবলৈ আয়োগক অনুৰোধ সদস্যগৰাকীৰ। নেচনেল মেডিকেল কমিছন এক্টৰ বিধি অনুযায়ী লোৱা হৈছিল নে এই সিদ্ধান্ত, তাকলৈও আয়োগক প্ৰশ্ন ডাঃ শান্তনু সেনৰ। 

উল্লেখ্য যে একাংশ সিদ্ধান্তৰে নিতৌ সংবাদ শিৰোনাম দখল কৰি আহিছে কেন্দ্ৰৰ মোদী চৰকাৰে। বহু সময়ত কৰ্ম আৰু ৰাজনীতি একাকাৰ কৰি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে চৰকাৰে। কিছুদিন পূৰ্বে NCERTৰ পাঠ্যক্ৰমত ৰামায়ণ, মহাভাৰত অন্তৰ্ভুক্তিৰ নিৰ্দেশনাও জাৰি কৰা হৈছিল। পৌৰাণিক কাহিনীক বুৰঞ্জী মৰ্যাদা দিয়াৰ পৰিকল্পনা যুগুত কৰিছিল কেন্দ্ৰীয় চৰকাৰে। NCERTৰ সেই সিদ্ধান্তক লৈও দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। এইসমূহ প্ৰতিষ্ঠানে লোৱা এনে সিদ্ধান্তৰ আঁৰত যে বিজেপিৰ ৰাজনীতি জড়িত আছে তাক লৈও অব্যাহত আছে চৰ্চা। তেনে সময়তে চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান এটাৰ প্ৰতীক চিহ্নত বিষ্ণুৰ ফটো সংলগ্ন কৰাৰ কথাই বহন কৰিছে বিশেষ তাৎপৰ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক