--°C
Loading...
Listen to Article
2 min read
80%
৯ ছেপ্টেম্বৰ ২০২৩,শনিবাৰ

মেষঃ দিনটো ভালেই যাব। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত। ধর্মীয় কৰ্মত ব্যস্ততা বাঢ়িব। আর্থিক উন্নতিৰ মৃদু যোগ। ব্যবসায়ত শুভ। শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মাখন। 

বৃষঃ  স্বাস্থ্য ভালেই যাব। পুৰণা ৰোগতো কিছু সকাহ পাব। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে, সুখ-শান্তিৰেই পাৰ হ'ব। প্রবাসত থকা আত্মীয়ৰ পৰা সুখবৰ পাব। খং, ৰাগ, অহংকাৰ ভাব এৰাই চলক। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং সেউজীয়া।

মিথুনঃ ধর্মীয় অনুষ্ঠানত জড়িত থাকি ভাল পাব। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা । কোনো কথাত ধৈর্যচ্যুত হৈ পৰাত কামবোৰত খেলিমেলি লাগিব পাৰে। শুভ কাৰক গ্ৰহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং মাখন। 

কর্কটঃ নতুন সমস্যাই দেখা দিলেও আর্থিক দিশত বেয়া নহয়। অৱশ্যে খৰচৰ নতুন বাটে আমনি দিব। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং নীলা। 

সিংহঃ আপুনি হাতত লোৱা কামবিলাক ভাল ধৰণে আগুৱাই নিব পাৰিব। সংগীত, নাটক আদি কলাত দক্ষতা প্রকাশ। আর্থিক উন্নতিৰ যোগ। শুভ কাৰক গ্ৰহ ৰবি, মণ্ডল। শুভ সংখ্যা ১, ৯। শুভ ৰং গেৰুৱা। 

কন্যাঃ কোনো ৰহস্যময় অপ্রকাশ্য কথাৰ পাকচক্ৰত পৰি চিন্তিত হ'ব। কথোপকথন বা বক্তৃতাদি দিয়াত পাৰদৰ্শিতা। হোটেল, কোনো পণ্য দ্রব্য, কপোৰ আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং ক’লা। 

তুলাঃ পাৰিবাৰিক জীৱন গতানুগতিক। শিক্ষক, অধ্যাপক তথা শিক্ষাজগতৰ লগত জড়িত ব্যক্তিৰ বাবে অনুকূল। সামাজিক কামৰ মাজেদি সমাজত সমাদৰ পাব। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ ৰং নীলা। শুভ সংখ্যা ৬, ৭। শুভ ৰং সেউজীয়া। 

বৃশ্চিকঃ স্বাস্থ্য প্রায় ভালেই। ভ্ৰমণ হ'ব পাৰে। ৰাশিৰ কেন্দ্ৰত তিনিটা গ্ৰহ, কর্মসংস্থাপনত শুভ কাৰক বুধাদিত্য যোগ আৰু উভয়চৰী যোগ হোৱাত প্রায় কর্মতে সুফল পাব। শুভ কাৰক গ্রহমণ্ডল, ৰবি। শুভ সংখ্যা ১। শুভ ৰং গুলপীয়া। 

ধনুঃ আনদিনাতকৈ স্বাস্থ্য কিছু উন্নত পাব। ঘৰুৱা পৰিৱেশ গতানুগতিক। উপৰুৱা চিন্তাই বিদ্যাৰ্থীক বিদ্যার্জনত বাধা দিব। আর্থিকত ভালেই। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং ৰঙা। 

মকৰঃ  দৈনন্দিন কামবিলাক আগুৱাই নিওঁতে সাধাৰণ অসুবিধা পাব পাৰে। দাম্পত্যত সুখী। আপোনাৰ ৰাশিৰ জায়া স্থানত থকা শুক্রই আহিব লগা সমস্যা সমাধানত সহায় কৰিব । শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং কমলা।

কুম্ভঃ বেলি আগুৱাই যোৱাৰ লগে লগে মনটোও ক্রমে ফৰকাল পাব। কামত নিজৰ বিচাৰ-বিবেচনাৰে আগুৱাক। অসৎ সংগৰ পৰা সতর্ক থাকক। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। 

মীনঃ শৰীৰ প্ৰায় ভালেই। সকলোৰে লগত মিলিজুলি থাকি দিনটো ভাল ধৰণেই পাৰ হ'ব। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা। ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ৩, ৬। শুভ ৰং বাদামী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ