--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ বিয়োগৰ পাছতে চৰ্চা চলিছে আন এটি বিষয়ক লৈ৷ কাৰ শিৰত জিলিকিব কোহিনুৰ হীৰাখচিত মুকুট? বাকিংহাম পেলেচে সন্ধিয়া এক বিবৃতিযোগে আনুষ্ঠানিকভাৱে মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছিল। আনহাতে, ব্ৰিটেইনৰ পৰৱৰ্তী ৰজা হ’ব চাৰ্লছ। মাতৃৰ মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁক আনুষ্ঠানিকভাৱে ৰজা ঘোষণা কৰা হ'ব।

এইবাৰ প্ৰশ্ন হৈছে, কোহিনুৰৰ অধিকাৰ কোনে পাব?
এই বছৰৰ আৰম্ভণিতে ৰাণী এলিজাবেথে ঘোষণা কৰিছিল যে তেওঁৰ অনুপস্থিতিত ৰাণীৰ সহধৰ্মিনী হ'ব প্ৰিন্স চাৰ্লছৰ পত্নী কেমিলা, ডাচেছ অফ কৰ্ণৱাল। গতিকে স্বাভাৱিকতে, যেতিয়া চাৰ্লছ ৰজা হ'ব, কেমিলাৰ শিৰতে জিলিকিব কোহিনুৰখচিত মুকুট৷ 

ভাৰত হৈছে ১০৫.৬ কেৰেটৰ কোহিনুৰ হীৰাৰ জন্মস্থান। চতুৰ্দশ শতিকাত ভাৰতত এই হীৰাটো পোৱা গৈছিল। তাৰ পাছত বহুতো হাত ঘূৰিছিল। ১৮৪৯ চনত ব্ৰিটিছসকলে পঞ্জাব দখল কৰিছিল। কোহিনুৰ তেতিয়া ৰাণী ভিক্টোৰিয়াক হস্তান্তৰ কৰা হৈছিল। তেতিয়াৰ পৰাই এই হীৰাটোৱে ব্ৰিটেইনৰ শাসকসকলৰ শিৰত শোভা পাই আহিছে।

এতিয়া এই হীৰাটো প্লেটিনামৰ মুকুটত স্থাপন কৰা হৈছে। ৰাণী দ্বিতীয় এলিজাবেথৰ পিতৃ ষষ্ঠ জৰ্জৰ উদ্বোধনৰ সময়ত ১৯৩৭ চনত এই মুকুটটো সৃষ্টি কৰা হৈছিল। দ্বিতীয় এলিজাবেথৰ মাতৃ এলিজাবেথ প্ৰথম। মুকুটটো টাৱাৰ অব্ লণ্ডনত ৰখা হৈছে। চাৰ্লছৰ আত্মপ্ৰকাশৰ দিনা এইটো এতিয়া কেমিলাৰ শিৰত জিলিকিব। ৰাণী দ্বিতীয় এলিজাবেথৰ বিয়োগৰ লগে লগে প্ৰিন্স চাৰ্লছৰ দ্বিতীয় পত্নী কেমিলা পাৰ্কাৰ বাউলছে ৰাণী মাতৃৰ বিখ্যাত কোহিনুৰ মুকুট পিন্ধিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ