--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাণী দ্বিতীয় এলিজাবেথৰ আকস্মিক  মৃত্যুৰ লগে লগে সমগ্ৰ বিশ্বতে  শোকৰ ছাঁ পৰিছে। সাধাৰণ জনতাৰ উপৰিও  ৰাজনৈতিক নেতা, কূটনীতিবিদ, অভিনেতা আৰু বহু বিখ্যাত ব্যক্তিয়ে ৰাণে এলিজাবেথলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ ছ’চিয়েল মিডিয়া প’ষ্ট লিখিও স্মৰণ কৰা হৈছে দীঘলীয়া সময় ধৰি সেৱা আগবঢ়োৱা ৰাণীগৰাকীক৷ 

ভাৰতৰো শিল্পা চেট্টীৰ দৰে বলীউডৰ বহু অভিনেতাই ৰাণীৰ সৈতে ফটোও  আপলোড কৰিছে৷ লগতে  সামাজিক মাধ্যমতো তেওঁলৈ সমবেদনা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে, বহু ভাৰতীয়   চেলিব্ৰিটিয়ে ৰাজপ্রাসাদত বা ৰাজহুৱা সমাৱেশৰ সময়ত  ৰাণীক লগ কৰাৰ সুযোগ লাভ কৰিছিল৷ 

কিন্তু আপুনি শুনি আচৰিত হ’ব যে  এই গৰাকী ৰাণীয়ে এবাৰ এখন ভাৰতীয় চলচ্চিত্ৰৰ ছেট পৰিদৰ্শনো কৰিছিল৷ দক্ষিণ মেগাষ্টাৰ কমল হাছানে শেহতীয়াকৈ  প্ৰকাশ কৰিছিল যে ৰাণী  ১৯৯৭ চনৰ ১৬ অক্টোবৰত এম জি আৰ ফিল্ম চিটিত 'মাৰুধানায়গম' চলচ্চিত্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত আছিল।
তদুপৰি  ৰাণীয়ে 'মাৰুধানায়গম' চলচ্চিত্ৰৰ ছেটত প্ৰায়  ২০ মিনিট সময়ো অতিবাহিত কৰিছিল বুলিও কমল হাছানে জানিবলৈ দিয়ে৷তামিলনাডুৰ প্ৰাক্তন  মুখ্যমন্ত্ৰী এম কৰুণানিধিও  ৰাণীৰ সৈতে উপস্থিত আছিল৷ 

সুদীৰ্ঘ সত্তৰ বছৰ ধৰি ইংলেণ্ডৰ ৰাজপাটত অধিস্থিত  হৈ থকা ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ কথা জানি যথেষ্ট দুখী হৈছিল কমল হাছান৷ অভিনেতাজনৰ মতে, তেওঁ  এনে এজন ব্যক্তি আছিল যিয়ে কেৱল ইংৰাজসকলৰেই নহয়, সমগ্ৰ পৃথিৱীৰ মানুহৰ মৰম অৰ্জন কৰিছিল। ৰাণী এলিজাবেথ ২য় কমল হাছানৰ  ছবি মাৰুধানায়াগমৰ দৃশ্যগ্ৰহণ চাবলৈ  আহিছিল৷ ইয়াৰ জৰিয়তে হয়তো তেওঁ প্ৰমাণ কৰিব বিচাৰিছিল যে, পৃথিৱীত ঔপনিৱেশিকতা এতিয়া নাই।মন কৰিবলগীয়া যে, এই ছবিখন  'মাৰুধনায়গাম'  আৰু সংলাপমূহ আছিল  বৃটিছ আৰু ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে৷ 

পঁচিশ বছৰ আগতে কমল হাছানৰ 'মাৰুধানায়গম' চলচ্চিত্ৰখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ ৰাণী এলিজাবেথক আমন্ত্ৰণ জনোৱা হৈছিল।নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ অনুষ্ঠানটোত উপস্থিত আছিল আৰু দলটোক শুভেচ্ছাও জনাইছিল। ইয়াৰোপৰি কমল হাছানে প্ৰকাশ কৰিছে যে  লণ্ডনৰ এটা সাংস্কৃতিক অনুষ্ঠানৰ সময়ত ৰাণী এলিজাবেথক  পুনৰ লগ পোৱাৰ সৌভাগ্য হৈছিল তেওঁৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ