--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাণী দ্বিতীয় এলিজাবেথৰ আকস্মিক  মৃত্যুৰ লগে লগে সমগ্ৰ বিশ্বতে  শোকৰ ছাঁ পৰিছে। সাধাৰণ জনতাৰ উপৰিও  ৰাজনৈতিক নেতা, কূটনীতিবিদ, অভিনেতা আৰু বহু বিখ্যাত ব্যক্তিয়ে ৰাণে এলিজাবেথলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ ছ’চিয়েল মিডিয়া প’ষ্ট লিখিও স্মৰণ কৰা হৈছে দীঘলীয়া সময় ধৰি সেৱা আগবঢ়োৱা ৰাণীগৰাকীক৷ 

ভাৰতৰো শিল্পা চেট্টীৰ দৰে বলীউডৰ বহু অভিনেতাই ৰাণীৰ সৈতে ফটোও  আপলোড কৰিছে৷ লগতে  সামাজিক মাধ্যমতো তেওঁলৈ সমবেদনা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে, বহু ভাৰতীয়   চেলিব্ৰিটিয়ে ৰাজপ্রাসাদত বা ৰাজহুৱা সমাৱেশৰ সময়ত  ৰাণীক লগ কৰাৰ সুযোগ লাভ কৰিছিল৷ 

কিন্তু আপুনি শুনি আচৰিত হ’ব যে  এই গৰাকী ৰাণীয়ে এবাৰ এখন ভাৰতীয় চলচ্চিত্ৰৰ ছেট পৰিদৰ্শনো কৰিছিল৷ দক্ষিণ মেগাষ্টাৰ কমল হাছানে শেহতীয়াকৈ  প্ৰকাশ কৰিছিল যে ৰাণী  ১৯৯৭ চনৰ ১৬ অক্টোবৰত এম জি আৰ ফিল্ম চিটিত 'মাৰুধানায়গম' চলচ্চিত্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত আছিল।
তদুপৰি  ৰাণীয়ে 'মাৰুধানায়গম' চলচ্চিত্ৰৰ ছেটত প্ৰায়  ২০ মিনিট সময়ো অতিবাহিত কৰিছিল বুলিও কমল হাছানে জানিবলৈ দিয়ে৷তামিলনাডুৰ প্ৰাক্তন  মুখ্যমন্ত্ৰী এম কৰুণানিধিও  ৰাণীৰ সৈতে উপস্থিত আছিল৷ 

সুদীৰ্ঘ সত্তৰ বছৰ ধৰি ইংলেণ্ডৰ ৰাজপাটত অধিস্থিত  হৈ থকা ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ কথা জানি যথেষ্ট দুখী হৈছিল কমল হাছান৷ অভিনেতাজনৰ মতে, তেওঁ  এনে এজন ব্যক্তি আছিল যিয়ে কেৱল ইংৰাজসকলৰেই নহয়, সমগ্ৰ পৃথিৱীৰ মানুহৰ মৰম অৰ্জন কৰিছিল। ৰাণী এলিজাবেথ ২য় কমল হাছানৰ  ছবি মাৰুধানায়াগমৰ দৃশ্যগ্ৰহণ চাবলৈ  আহিছিল৷ ইয়াৰ জৰিয়তে হয়তো তেওঁ প্ৰমাণ কৰিব বিচাৰিছিল যে, পৃথিৱীত ঔপনিৱেশিকতা এতিয়া নাই।মন কৰিবলগীয়া যে, এই ছবিখন  'মাৰুধনায়গাম'  আৰু সংলাপমূহ আছিল  বৃটিছ আৰু ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে৷ 

পঁচিশ বছৰ আগতে কমল হাছানৰ 'মাৰুধানায়গম' চলচ্চিত্ৰখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ ৰাণী এলিজাবেথক আমন্ত্ৰণ জনোৱা হৈছিল।নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ অনুষ্ঠানটোত উপস্থিত আছিল আৰু দলটোক শুভেচ্ছাও জনাইছিল। ইয়াৰোপৰি কমল হাছানে প্ৰকাশ কৰিছে যে  লণ্ডনৰ এটা সাংস্কৃতিক অনুষ্ঠানৰ সময়ত ৰাণী এলিজাবেথক  পুনৰ লগ পোৱাৰ সৌভাগ্য হৈছিল তেওঁৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ