--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ আবকাৰী নীতি গোচৰত গ্ৰেপ্তাৰৰ পিছত এতিয়া কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  কাৰাগাৰৰ পৰাই চলাইছে ৰাজ্য। দেওবাৰে  মন্ত্ৰী আতিশীলৈ চিঠি লিখি ৰাষ্ট্ৰীয় ৰাজধানীত পানী যোগানৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল কেজৰিৱালে। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত  স্বাস্থ্য সেৱা সন্দৰ্ভত দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজক বিশেষ  নিৰ্দেশনা দিছে।

 অৱশ্যে বিজেপিয়ে কাৰাগাৰৰ পৰা অৰবিন্দ কেজৰিৱালৰ বাৰ্তাক "প্ৰতাৰণা" আৰু নাটক বুলি অভিহিত কৰিছে। বিজেপিয়ে কাৰাৰুদ্ধ কেজৰিৱালৰ   পদত্যাগো দাবী কৰিছে। স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে মঙলবাৰে এখন সংবাদমেলত চৰকাৰ চলোৱাৰ বাবে কেজৰিৱালে প্ৰদান কৰা  দ্বিতীয় নিৰ্দেশনা পঢ়ি শুনায়। তেওঁ কয়  "কাৰাগাৰত থকা স্বত্বেও মুখ্যমন্ত্ৰী দিল্লীৰ জনসাধাৰণৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। তেওঁ মোক দিল্লীৰ মহল্লা ক্লিনিকৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে  যে দিল্লীৰ কিছুমান চিকিৎসালয় আৰু মহল্লা ক্লিনিকত বিনামূলীয়া ঔষধ উপলব্ধ হোৱা নাই। কৰবাত ঔষধৰ অভাৱ হৈছে। সেইবোৰ সমস্যাৰ সমাধান কৰিবলৈ কেজৰিৱালে নিৰ্দেশ দিছে। 
 
দিল্লীৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় "মুখ্যমন্ত্ৰীৰ আদেশ মোৰ বাবে ঈশ্বৰৰ আদেশৰ দৰে। আমি যুদ্ধকালীনভাবে সেই আদেশ পালন কৰিম’’। অৱশ্যে বিজেপিয়ে কেজৰিৱালে এনেদৰে  আদেশ দিয়া কাৰ্যক সহজভাবে লোৱা নাই।  বজেপিৰ  নেতা হৰিশ খুৰানাই কয়, "তেওঁ কাৰাগাৰৰ পৰা নাটক কৰি আছে। এইবোৰ প্ৰৱঞ্চনাৰ বাহিৰে আন একো নহয়। হঠাতে, তেওঁ দিল্লীৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ আগ্ৰহ দেখুৱাইছে। দৰাচলতে, তেওঁ নিৰ্বাচনৰ আগতে কাৰাগাৰৰ পৰা মানুহৰ সহানুভূতি লাভ কৰিব বিচাৰিছে। "

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত আবকাৰী কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক ২৮ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে কেজৰিৱালে চৰকাৰ কাৰাগাৰৰ পৰা চলাব বুলি  ঘোষণা কৰিছে।  মুখ্যমন্ত্ৰীৰ পদৰ পৰা  তেওঁ পদত্যাগ নকৰে বুলিও দলীয়ভাবেই স্পষ্ট কৰি দিয়া হৈছে। ২৩ মাৰ্চত মুখ্যমন্ত্ৰীয়ে ৰাজধানীত পানী যোগানক লৈ উদ্বেগ প্ৰকাশ কৰি কাৰাগাৰৰ পৰা জলমন্ত্ৰী আতিশীলৈ  বাৰ্তা প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু