--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ আবকাৰী নীতি গোচৰত গ্ৰেপ্তাৰৰ পিছত এতিয়া কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  কাৰাগাৰৰ পৰাই চলাইছে ৰাজ্য। দেওবাৰে  মন্ত্ৰী আতিশীলৈ চিঠি লিখি ৰাষ্ট্ৰীয় ৰাজধানীত পানী যোগানৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল কেজৰিৱালে। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত  স্বাস্থ্য সেৱা সন্দৰ্ভত দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজক বিশেষ  নিৰ্দেশনা দিছে।

 অৱশ্যে বিজেপিয়ে কাৰাগাৰৰ পৰা অৰবিন্দ কেজৰিৱালৰ বাৰ্তাক "প্ৰতাৰণা" আৰু নাটক বুলি অভিহিত কৰিছে। বিজেপিয়ে কাৰাৰুদ্ধ কেজৰিৱালৰ   পদত্যাগো দাবী কৰিছে। স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে মঙলবাৰে এখন সংবাদমেলত চৰকাৰ চলোৱাৰ বাবে কেজৰিৱালে প্ৰদান কৰা  দ্বিতীয় নিৰ্দেশনা পঢ়ি শুনায়। তেওঁ কয়  "কাৰাগাৰত থকা স্বত্বেও মুখ্যমন্ত্ৰী দিল্লীৰ জনসাধাৰণৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। তেওঁ মোক দিল্লীৰ মহল্লা ক্লিনিকৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে  যে দিল্লীৰ কিছুমান চিকিৎসালয় আৰু মহল্লা ক্লিনিকত বিনামূলীয়া ঔষধ উপলব্ধ হোৱা নাই। কৰবাত ঔষধৰ অভাৱ হৈছে। সেইবোৰ সমস্যাৰ সমাধান কৰিবলৈ কেজৰিৱালে নিৰ্দেশ দিছে। 
 
দিল্লীৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় "মুখ্যমন্ত্ৰীৰ আদেশ মোৰ বাবে ঈশ্বৰৰ আদেশৰ দৰে। আমি যুদ্ধকালীনভাবে সেই আদেশ পালন কৰিম’’। অৱশ্যে বিজেপিয়ে কেজৰিৱালে এনেদৰে  আদেশ দিয়া কাৰ্যক সহজভাবে লোৱা নাই।  বজেপিৰ  নেতা হৰিশ খুৰানাই কয়, "তেওঁ কাৰাগাৰৰ পৰা নাটক কৰি আছে। এইবোৰ প্ৰৱঞ্চনাৰ বাহিৰে আন একো নহয়। হঠাতে, তেওঁ দিল্লীৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ আগ্ৰহ দেখুৱাইছে। দৰাচলতে, তেওঁ নিৰ্বাচনৰ আগতে কাৰাগাৰৰ পৰা মানুহৰ সহানুভূতি লাভ কৰিব বিচাৰিছে। "

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত আবকাৰী কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক ২৮ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে কেজৰিৱালে চৰকাৰ কাৰাগাৰৰ পৰা চলাব বুলি  ঘোষণা কৰিছে।  মুখ্যমন্ত্ৰীৰ পদৰ পৰা  তেওঁ পদত্যাগ নকৰে বুলিও দলীয়ভাবেই স্পষ্ট কৰি দিয়া হৈছে। ২৩ মাৰ্চত মুখ্যমন্ত্ৰীয়ে ৰাজধানীত পানী যোগানক লৈ উদ্বেগ প্ৰকাশ কৰি কাৰাগাৰৰ পৰা জলমন্ত্ৰী আতিশীলৈ  বাৰ্তা প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ