--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ল'ৰা  জনৰ কেতিয়া জীৱন বন্তি নুমাই যায় তাৰ কোনো ঠিক নাই। কাৰণ এক গুৰুতৰ অপৰাধৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত তেওঁ। এক সম্পূৰ্ণ আশাহীন, অনিশ্চিত জীৱন যাপন কৰি থকা সেই ল'ৰা জনেই আন এক কাৰ্যৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ঘোষিত উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব’ৰ্ডৰ চূড়ান্ত পৰীক্ষাত কাৰাগাৰৰ পৰাই পৰীক্ষাত বহি ল'ৰা জনে লাভ কৰিছে প্ৰথম বিভাগ!

মৃত্যুদণ্ডপ্ৰাপ্ত বন্দীজনে দশম শ্ৰেণীৰ পৰীক্ষা  দিছিল আৰু  প্ৰথম বিভাগত  উত্তীৰ্ণ হৈ লোকসকলকে এতিয়া  আচৰিত কৰি দিছে।

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ কাৰাগাৰৰ মৃত্যুদণ্ডৰে দণ্ডিত এই  বন্দীজনে  ইউপি ব'ৰ্ড (ইউপি ব'ৰ্ড) পৰীক্ষাত বহাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰিছিল। কাৰাগাৰ কৰ্তৃপক্ষই অনুমতি দিয়াৰ পিছতে তেওঁ পৰীক্ষাত বহিছিল।

 শ্বাহজাহানপুৰ  জিলা কাৰাগাৰৰ  অধীক্ষক বি ডি পাণ্ডেই সংবাদমাধ্যমক জনোৱা অনুসৰি বন্দী জনে একাণপতীয়াকৈ অধ্যয়ন কৰি গৈছিল আৰু সেইবাবেই তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখ্য মনোজ যাদৱ নামৰ বন্দী জনক  এটি ৫ বছৰীয়া  শিশুক হত্যা কৰাৰ  গোচৰত দোষী সাৱস্ত্য কৰি আদালতে মৃত্যুদণ্ড বিহিছিল।  

মনোজৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ কলনৰ নিকুৰা গাঁৱৰ বাসিন্দা ৰামবীৰৰ পুত্ৰ আনমোলক  হত্যা কৰাৰ অভিযোগ আছিল। মনোজক ২০২১ চনৰ ২৪ নৱেম্বৰত মৃত্যুদণ্ড বিহা হৈছিল। তেওঁ কাৰাগাৰৰ বেৰেকত থাকিয়েই  পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মনোজৰ উপৰি  আন এজন হত্যাৰ গোচৰত অভিযুক্তই এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। শাস্তি ঘোষণা হোৱাৰ আগতেই মনোজে দশম শ্ৰেণীৰ প্ৰপত্ৰখন কাৰাগাৰৰ পৰাই পূৰণ কৰিছিল, কিন্তু মৃত্যুদণ্ড বিহাৰ পিছত, তেওঁ বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

বিদ্যালয়ত অতি চোকা ছাত্ৰ হিচাবে পৰিচিত আছিল মনোজ। সেই মনোজেই সামান্য কথাতেই  খঙৰ ভমকতে শিশুটিক হত্যা কৰিছিল।ইউপি ব'ৰ্ডৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হৈছিল।

 উত্তৰ প্ৰদেশ মাধ্যমিক শিক্ষা পৰিষদে (ইউপিএমএছপি) অনুষ্ঠিত কৰা দশম শ্ৰেণীৰ পৰীক্ষাত এই বছৰ ৫১,৯২,৬৮৯ গৰাকী আছিল। ফলাফল  নিৰ্ধাৰিত সময় অনুসৰি ঠিক দুপৰীয়া ২ বজাত প্ৰকাশ কৰা হৈছিল৷ ফলাফল প্ৰকাশৰ পিছতে কাৰাগাৰৰ কোনো লোকে মনোজ নামৰ বন্দী জনৰ ফলাফলৰ বিষয়ে জানিব পাৰে আৰু এই বিষয়ে কাৰাগাৰৰ অধীক্ষকৰ লগতে মনোজক জনায়। 

নিজৰ পৰীক্ষাৰ ফলাফল লাভ কৰি মৃত্যুদণ্ডেৰে দণ্ডিত মনোজ আচৰিত হৈ পৰিছিল। বাহিৰৰ পৰা লক্ষ্য কৰি কোনেও ক’ব পৰা নাছিল তেওঁৰ মনত আনন্দ নে অনুশোচনাৰ ঢৌ খেলি গৈছিল। নিৰ্বাক হৈ পৰা মনোজৰ দুগালেৰে নিগৰি আহিছিল মাথো দুধাৰি চকুলো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান