--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ল'ৰা  জনৰ কেতিয়া জীৱন বন্তি নুমাই যায় তাৰ কোনো ঠিক নাই। কাৰণ এক গুৰুতৰ অপৰাধৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত তেওঁ। এক সম্পূৰ্ণ আশাহীন, অনিশ্চিত জীৱন যাপন কৰি থকা সেই ল'ৰা জনেই আন এক কাৰ্যৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ঘোষিত উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব’ৰ্ডৰ চূড়ান্ত পৰীক্ষাত কাৰাগাৰৰ পৰাই পৰীক্ষাত বহি ল'ৰা জনে লাভ কৰিছে প্ৰথম বিভাগ!

মৃত্যুদণ্ডপ্ৰাপ্ত বন্দীজনে দশম শ্ৰেণীৰ পৰীক্ষা  দিছিল আৰু  প্ৰথম বিভাগত  উত্তীৰ্ণ হৈ লোকসকলকে এতিয়া  আচৰিত কৰি দিছে।

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ কাৰাগাৰৰ মৃত্যুদণ্ডৰে দণ্ডিত এই  বন্দীজনে  ইউপি ব'ৰ্ড (ইউপি ব'ৰ্ড) পৰীক্ষাত বহাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰিছিল। কাৰাগাৰ কৰ্তৃপক্ষই অনুমতি দিয়াৰ পিছতে তেওঁ পৰীক্ষাত বহিছিল।

 শ্বাহজাহানপুৰ  জিলা কাৰাগাৰৰ  অধীক্ষক বি ডি পাণ্ডেই সংবাদমাধ্যমক জনোৱা অনুসৰি বন্দী জনে একাণপতীয়াকৈ অধ্যয়ন কৰি গৈছিল আৰু সেইবাবেই তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখ্য মনোজ যাদৱ নামৰ বন্দী জনক  এটি ৫ বছৰীয়া  শিশুক হত্যা কৰাৰ  গোচৰত দোষী সাৱস্ত্য কৰি আদালতে মৃত্যুদণ্ড বিহিছিল।  

মনোজৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ কলনৰ নিকুৰা গাঁৱৰ বাসিন্দা ৰামবীৰৰ পুত্ৰ আনমোলক  হত্যা কৰাৰ অভিযোগ আছিল। মনোজক ২০২১ চনৰ ২৪ নৱেম্বৰত মৃত্যুদণ্ড বিহা হৈছিল। তেওঁ কাৰাগাৰৰ বেৰেকত থাকিয়েই  পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মনোজৰ উপৰি  আন এজন হত্যাৰ গোচৰত অভিযুক্তই এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। শাস্তি ঘোষণা হোৱাৰ আগতেই মনোজে দশম শ্ৰেণীৰ প্ৰপত্ৰখন কাৰাগাৰৰ পৰাই পূৰণ কৰিছিল, কিন্তু মৃত্যুদণ্ড বিহাৰ পিছত, তেওঁ বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

বিদ্যালয়ত অতি চোকা ছাত্ৰ হিচাবে পৰিচিত আছিল মনোজ। সেই মনোজেই সামান্য কথাতেই  খঙৰ ভমকতে শিশুটিক হত্যা কৰিছিল।ইউপি ব'ৰ্ডৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হৈছিল।

 উত্তৰ প্ৰদেশ মাধ্যমিক শিক্ষা পৰিষদে (ইউপিএমএছপি) অনুষ্ঠিত কৰা দশম শ্ৰেণীৰ পৰীক্ষাত এই বছৰ ৫১,৯২,৬৮৯ গৰাকী আছিল। ফলাফল  নিৰ্ধাৰিত সময় অনুসৰি ঠিক দুপৰীয়া ২ বজাত প্ৰকাশ কৰা হৈছিল৷ ফলাফল প্ৰকাশৰ পিছতে কাৰাগাৰৰ কোনো লোকে মনোজ নামৰ বন্দী জনৰ ফলাফলৰ বিষয়ে জানিব পাৰে আৰু এই বিষয়ে কাৰাগাৰৰ অধীক্ষকৰ লগতে মনোজক জনায়। 

নিজৰ পৰীক্ষাৰ ফলাফল লাভ কৰি মৃত্যুদণ্ডেৰে দণ্ডিত মনোজ আচৰিত হৈ পৰিছিল। বাহিৰৰ পৰা লক্ষ্য কৰি কোনেও ক’ব পৰা নাছিল তেওঁৰ মনত আনন্দ নে অনুশোচনাৰ ঢৌ খেলি গৈছিল। নিৰ্বাক হৈ পৰা মনোজৰ দুগালেৰে নিগৰি আহিছিল মাথো দুধাৰি চকুলো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু