--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ বাবে পুনৰ এক বৃহৎ আঘাত।  মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত ৰাহুল গান্ধীয়ে  গুজৰাট উচ্চ ন্যায়ালয়ত দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত   স্থগিতাদেশবিচাৰি কৰা আবেদন নাকচ কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ।  গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০ টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে ছুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কয়।

 আদালতে কয়  যে সত্ৰ আদালতে জাৰি কৰা আদেশটো  সঠিক। উল্লেখ্য ৰাহুল গান্ধীয়ে গান্ধীয়ে কেমব্ৰিজত বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ  পিছত পুনে আদালতত বীৰ ছাভাৰকাৰৰ নাতিয়েকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছে।

উল্লেখ্য মোদী উপাধি বিতৰ্কৰ গোচৰত ছুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা ৰায়ৰ বিৰুদ্ধে ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদনৰ জনাইছিল। কিছুদিন পূৰ্বে ন্যায়াধীশ হেমন্ত প্ৰচণ্ডৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।


 ৰাহুল গান্ধীৰ  অধিবক্তা বি.এম. মংগুকিয়াই শাস্তি কাৰ্যকৰী কৰাৰ বাবে ছুৰাট সত্ৰ আদালতে দিয়া  নিৰ্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। আবেদনখন ন্যায়াধীশ গীতা গোপীৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল। গীতা গোপীয়ে   উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক গোচৰটো মুখ্য ন্যায়াধীশলৈ  পঠিয়াবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে গোচৰটো ন্যায়াধীশ হেমন্তৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠলৈ গৈছিল।

 ২৩ মাৰ্চত গুজৰাটৰ ছুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান