--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ সমানেই চৰ্চাত আছিল কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে পিন্ধা টি- চাৰ্ট আৰু জিনছ। ব্যাপক চৰ্চা চলিছিল ৰাহুল গান্ধীৰ নতুন ৰূপক লৈও।  প্ৰৱল শীত প্ৰবাহৰ মাজতো ৰাহুল গান্ধীয়ে পৰিধান কৰিছিল টি- চাৰ্ট। ৰাহুল গান্ধীয়ে গোটেই যাত্ৰাকাল টি- চাৰ্ট পৰিধান কৰিয়েই পাৰ কৰিছিল। তাকে লৈও প্ৰশ্ন উত্থাপন কৰিছিল একাংশ বিজেপি

নেতাই।

 

 অৱশেষত ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিলে টি-চাৰ্ট পৰিধানৰ আঁৰৰ কাহিনী। আজি ভাৰত জোড়ো যাত্ৰাৰ অন্তিমটো দিনত এই কথা প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। যাত্ৰাকালত তেওঁ ৩ টাকৈ দৰিদ্ৰ শিশুক লগ পাইছিল। প্ৰচণ্ড শীততো সেই শিশুকেইটিৰ গাত নাছিল ছুৱেটাৰ অথবা আন কোনো গৰম কাপোৰ। শীতৰ পৰা পৰিত্ৰাণ পাবলৈ শিশুকেইটিয়ে পৰিধান কৰিছিল সাধাৰণ পোছাক। যি কথাই বাৰুকৈয়ে প্ৰভাৱিত কৰে ৰাহুল গান্ধীক।

 

সেই দিনাই তেওঁ সমগ্ৰ যাত্ৰাকালত প্ৰচণ্ড শীতকো নেওচি টি-চাৰ্ট পৰিধানৰ সিদ্ধান্ত লৈছিল। আজি শ্ৰীনগৰত এখন জনসভা সম্বোধন কৰি এই বাখ্যাই আগবঢ়ায় কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে।

 

উল্লেখযোগ্য যে, প্ৰথমাৱস্থাত বিজেপিয়ে প্ৰশ্ন তুলিছিল ৰাহুলে পৰিধান কৰা টি-চাৰ্টৰ মূল্যক লৈ। ৰাহুল গান্ধীৰ টি-চাৰ্টটো কি ব্ৰেণ্ডৰ, মূল্য কিমান আদিক লৈ ছ'চিয়েল মিডিয়াতো চলিছিল ব্যাপক চৰ্চা। ৰাহুল গান্ধীৰ এই শক্তিৰ আঁৰত কি কাৰণ আছে তাৰো বাখ্যা আগবঢ়ায় একাংশ বিজেপি নেতাই। এখোপ আগবাঢ়ি গৈ উত্তৰ প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰীয়ে আওপকীয়াকৈ ৰাহুলে ড্ৰাগছ লয় বুলিও সন্দেহ প্ৰকাশ কৰে।

 


অৱশেষত শ্ৰী নগৰত আজি অন্ত পৰিল বহু চৰ্চিত ভাৰত জোড়ো যাত্ৰাৰ। ১৪৫ দিনীয়া এই পদযাত্ৰাত যেন নতুন ৰূপত আত্মপ্ৰকাশ ঘটিল ৰাহুল গান্ধীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু