--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ সমানেই চৰ্চাত আছিল কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে পিন্ধা টি- চাৰ্ট আৰু জিনছ ব্যাপক চৰ্চা চলিছিল ৰাহুল গান্ধীৰ নতুন ৰূপক লৈও  প্ৰৱল শীত প্ৰবাহৰ মাজতো ৰাহুল গান্ধীয়ে পৰিধান কৰিছিল টি- চাৰ্ট ৰাহুল গান্ধীয়ে গোটেই যাত্ৰাকাল টি- চাৰ্ট পৰিধান কৰিয়েই পাৰ কৰিছিল তাকে লৈও প্ৰশ্ন উত্থাপন কৰিছিল একাংশ বিজেপি

নেতাই

 

 অৱশেষত ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিলে টি-চাৰ্ট পৰিধানৰ আঁৰৰ কাহিনী আজি ভাৰত জোড়ো যাত্ৰাৰ অন্তিমটো দিনত এই কথা প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে যাত্ৰাকালত তেওঁ টাকৈ দৰিদ্ৰ শিশুক লগ পাইছিল প্ৰচণ্ড শীততো সেই শিশুকেইটিৰ গাত নাছিল ছুৱেটাৰ অথবা আন কোনো গৰম কাপোৰ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ শিশুকেইটিয়ে পৰিধান কৰিছিল সাধাৰণ পোছাক যি কথাই বাৰুকৈয়ে প্ৰভাৱিত কৰে ৰাহুল গান্ধীক

 

সেই দিনাই তেওঁ সমগ্ৰ যাত্ৰাকালত প্ৰচণ্ড শীতকো নেওচি টি-চাৰ্ট পৰিধানৰ সিদ্ধান্ত লৈছিল আজি শ্ৰীনগৰত এখন জনসভা সম্বোধন কৰি এই বাখ্যাই আগবঢ়ায় কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে

 

উল্লেখযোগ্য যে, প্ৰথমাৱস্থাত বিজেপিয়ে প্ৰশ্ন তুলিছিল ৰাহুলে পৰিধান কৰা টি-চাৰ্টৰ মূল্যক লৈ ৰাহুল গান্ধীৰ টি-চাৰ্টটো কি ব্ৰেণ্ডৰ, মূল্য কিমান আদিক লৈ 'চিয়েল মিডিয়াতো চলিছিল ব্যাপক চৰ্চা ৰাহুল গান্ধীৰ এই শক্তিৰ আঁৰত কি কাৰণ আছে তাৰো বাখ্যা আগবঢ়ায় একাংশ বিজেপি নেতাই এখোপ আগবাঢ়ি গৈ উত্তৰ প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰীয়ে আওপকীয়াকৈ ৰাহুলে ড্ৰাগছ লয় বুলিও সন্দেহ প্ৰকাশ কৰে

 


অৱশেষত শ্ৰী নগৰত আজি অন্ত পৰিল বহু চৰ্চিত ভাৰত জোড়ো যাত্ৰাৰ ১৪৫ দিনীয়া এই পদযাত্ৰাত যেন নতুন ৰূপত আত্মপ্ৰকাশ ঘটিল ৰাহুল গান্ধীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক