--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন যোৱাৰ লগে লগে 'দ্য কাশ্মীৰ ফাইলছ'ৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ব্যৱসায়ৰ ফালৰ পৰা ছবিখনে ইতিমধ্যে বক্স অফিচত ২০০ কোটি টকাৰো অধিক লক্ষ্মীলাভ কৰিছে। চলচ্চিত্ৰ সমালোচকসকলৰ মতে দীৰ্ঘদিনৰ পাছত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ যোগেদি বলীউডে দেখিছে সফলতাৰ মুখ। অৱশ্যে, 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰশংসাত পঞ্চমুখ হ’লেও বক্স অফিচত ছবিখনৰ সফলতাক লৈ যেন সুখী নহয় অক্ষয় কুমাৰ! অলপতে অক্ষয় কুমাৰে ছবিৰ প্ৰচাৰৰ বাবে ভূপাললৈ গৈছিল।এখন সংবাদমেলত 'দ্য কাশ্মীৰ ফাইলছ'ৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল খিলাড়ী কুমাৰে। অক্ষয়ে কয়, ‘পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এখন আশ্চৰ্যকৰ ছবি উপহাৰ দিছে। দেশৰ ক্ষত-বিক্ষত ইতিহাসক পোহৰলৈ কঢ়িয়াই আনিছে তেওঁ। এই সত্য সকলোৰে সন্মুখত দাঙি ধৰাৰ প্ৰয়োজন আছিল। কিন্তু বিবেকৰ ওপৰত মোৰ অলপ খং উঠিছে। কাশ্মীৰ ফাইলৰ বাবে আমাৰ ছবিখন ডুব গৈছে।’ উল্লেখ্য যে, অক্ষয় কুমাৰ আৰু কৃতি চেনন অভিনীত 'বচ্চন পাণ্ডে' যোৱা শুক্ৰবাৰে মুক্তি লাভ কৰিছিল। নামী-দামী তাৰকাক লৈয়ো ‘দ্য কাশ্মীৰ ফাইলছ’ক টক্কৰ দিব পৰা নাই খিলাড়ী কুমাৰে। প্ৰথম সপ্তাহতে বক্স অফিচত মুখ থেকেচা খায় ছবিখনে।  সাধাৰণতে, অক্ষয় কুমাৰৰ ছবিৰ এনে ফলাফল এতিয়ালৈকে দেখিবলৈ পোৱা নাই। ইয়াৰ আঁৰত যে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ জনপ্ৰিয়তা, সেই কথা স্বীকাৰ কৰি লৈছে অক্ষয় কুমাৰে নিজে।মনকৰিবলগীয়া যে,  ‘বচ্চন পাণ্ডে'ই এসপ্তাহত বক্স অফিচত ৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। 'দ্য কাশ্মীৰ ফাইলছ'ৰ জনপ্ৰিয়তাৰ বাবে, এইবাৰ ডুব গ’ল ‘বচ্চন পাণ্ডে’! ইফালে, বক্স অফিচৰ প্ৰতিবেদনতো একে কথাকে প্ৰকাশ পাইছে। স্মৰ্তব্য যে, 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰশংসাত এতিয়া পঞ্চমুখ সমগ্ৰ বলীউড। প্ৰখ্যাত তাৰকাসকলেও ছবিখন সন্দৰ্ভত কৰিছে ইতিবাচক মন্তব্য। শেহতীয়াকৈ, আমিৰ খানৰ দৰে তাৰকাইয়ো দেশৰ সকলো লোককে ছবিখন চাবলৈ অনুৰোধ জনাইছে। আমিৰে কয়, ‘কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া সঁচাকৈয়ে দুখঃজনক। এই ঘটনাটো ভাৰতীয় ইতিহাসৰ এক হৃদয়বিদারক ঘটনা। মই ভাবো এনেকোৱা এটা বিষয় বস্তুক লৈ এখন চলচ্চিত্ৰ নিৰ্মান হোৱাটো বৰ প্ৰয়োজন আছিল।’ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু