--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন যোৱাৰ লগে লগে 'দ্য কাশ্মীৰ ফাইলছ'ৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ব্যৱসায়ৰ ফালৰ পৰা ছবিখনে ইতিমধ্যে বক্স অফিচত ২০০ কোটি টকাৰো অধিক লক্ষ্মীলাভ কৰিছে। চলচ্চিত্ৰ সমালোচকসকলৰ মতে দীৰ্ঘদিনৰ পাছত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ যোগেদি বলীউডে দেখিছে সফলতাৰ মুখ। অৱশ্যে, 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰশংসাত পঞ্চমুখ হ’লেও বক্স অফিচত ছবিখনৰ সফলতাক লৈ যেন সুখী নহয় অক্ষয় কুমাৰ! অলপতে অক্ষয় কুমাৰে ছবিৰ প্ৰচাৰৰ বাবে ভূপাললৈ গৈছিল।এখন সংবাদমেলত 'দ্য কাশ্মীৰ ফাইলছ'ৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল খিলাড়ী কুমাৰে। অক্ষয়ে কয়, ‘পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এখন আশ্চৰ্যকৰ ছবি উপহাৰ দিছে। দেশৰ ক্ষত-বিক্ষত ইতিহাসক পোহৰলৈ কঢ়িয়াই আনিছে তেওঁ। এই সত্য সকলোৰে সন্মুখত দাঙি ধৰাৰ প্ৰয়োজন আছিল। কিন্তু বিবেকৰ ওপৰত মোৰ অলপ খং উঠিছে। কাশ্মীৰ ফাইলৰ বাবে আমাৰ ছবিখন ডুব গৈছে।’ উল্লেখ্য যে, অক্ষয় কুমাৰ আৰু কৃতি চেনন অভিনীত 'বচ্চন পাণ্ডে' যোৱা শুক্ৰবাৰে মুক্তি লাভ কৰিছিল। নামী-দামী তাৰকাক লৈয়ো ‘দ্য কাশ্মীৰ ফাইলছ’ক টক্কৰ দিব পৰা নাই খিলাড়ী কুমাৰে। প্ৰথম সপ্তাহতে বক্স অফিচত মুখ থেকেচা খায় ছবিখনে।  সাধাৰণতে, অক্ষয় কুমাৰৰ ছবিৰ এনে ফলাফল এতিয়ালৈকে দেখিবলৈ পোৱা নাই। ইয়াৰ আঁৰত যে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ জনপ্ৰিয়তা, সেই কথা স্বীকাৰ কৰি লৈছে অক্ষয় কুমাৰে নিজে।মনকৰিবলগীয়া যে,  ‘বচ্চন পাণ্ডে'ই এসপ্তাহত বক্স অফিচত ৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। 'দ্য কাশ্মীৰ ফাইলছ'ৰ জনপ্ৰিয়তাৰ বাবে, এইবাৰ ডুব গ’ল ‘বচ্চন পাণ্ডে’! ইফালে, বক্স অফিচৰ প্ৰতিবেদনতো একে কথাকে প্ৰকাশ পাইছে। স্মৰ্তব্য যে, 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰশংসাত এতিয়া পঞ্চমুখ সমগ্ৰ বলীউড। প্ৰখ্যাত তাৰকাসকলেও ছবিখন সন্দৰ্ভত কৰিছে ইতিবাচক মন্তব্য। শেহতীয়াকৈ, আমিৰ খানৰ দৰে তাৰকাইয়ো দেশৰ সকলো লোককে ছবিখন চাবলৈ অনুৰোধ জনাইছে। আমিৰে কয়, ‘কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া সঁচাকৈয়ে দুখঃজনক। এই ঘটনাটো ভাৰতীয় ইতিহাসৰ এক হৃদয়বিদারক ঘটনা। মই ভাবো এনেকোৱা এটা বিষয় বস্তুক লৈ এখন চলচ্চিত্ৰ নিৰ্মান হোৱাটো বৰ প্ৰয়োজন আছিল।’ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক