--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুমান মানুহে নিজৰ জীৱনটো অলপ বেলেগকৈ উদযাপন কৰে। বেলেগতকৈ বেলেগ হৈ দেখুৱাবলে কিছুমানে অদ্ভূত চখ কিছুমানো পূৰণ কৰে। এগৰাকী মডেলে টাটু ইমানেই বেছি ভাল পায় যে গোটেই শৰীৰতে কৰি পেলালে টাটু অংকন। তেওঁৰ দেহৰ এনে কোনো অংগ নাই য'ত টাটু নাই। মডেলগৰাকীৰ নাম এম্বৰ লুক। ২৬ বছৰীয়া এম্বৰ লুক 'টাটু মডেল' নামেৰে জনাজাত। এম্বৰ লুকে নিজৰ ফটোবোৰ অনলাইনত বিক্ৰী কৰি ১.৫ কোটি টকাৰ অধিক উপাৰ্জন কৰিছে। তেওঁ অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ বাসিন্দা। মডেলগৰাকীয়ে নিজৰ শৰীৰত আৰু বহুতো পৰিৱৰ্তন কৰিছে। কাণৰ তলৰ অংশটো প্ৰসাৰিত কৰিছে আৰু দীঘল কৰিছে। আনকি বাচি যোৱা নাই চকু দুটাও।

টাটু প্ৰেমৰ বাবে যেতিয়া এম্বৰে তেওঁৰ চকুৰ বগা অংশৰ ৰং নীলা কৰিছিল তেতিয়া তেওঁ কিছু সময়ৰ বাবে অন্ধ হৈ পৰিছিল। নিজক লৈ এম্বৰে কয় যে 'আজি মই যি কৰি আছো তাৰবাবে মোৰ কোনো অনুশোচনা নাই। মোৰ চেহেৰাটো মোৰ নিজৰ খুব ভাল লাগে। নিজক পৰিৱৰ্তন কৰিলে যথেষ্ট আত্মবিশ্বাস বাঢ়ে।  এম্বাৰ লুকে প্ৰথমতে ভয় কৰিছিল যে তেওঁৰ শৰীৰত ইমানবোৰ টাটু অংকন কৰা বাবে তেওঁ কেতিয়াও চাকৰি নাপাব, কিন্তু সেয়া হোৱা নাছিল।

এম্বাৰ লুকে ছ'চিয়েল মিডিয়াত বহুতো ব্ৰেণ্ডৰ সৈতে কাম কৰাৰ সুযোগ পায়, এম্বৰ লুকে বহুতো ব্যয়বহুল ফটোশ্বুটৰ বাব অফাৰ লাভ কৰিছে। মডেলগৰাকীয়ে তেওঁৰ ফটো অনলাইনত বিক্ৰী কৰি প্ৰায় ১৬৩ নিযুত টকা উপাৰ্জন কৰিছে বুলি দাবী কৰিছে। 

এম্বৰ লুকৰ পূৰ্বৰ চেহেৰা

এতিয়া তেওঁৰ সপোন হৈছে ২০২৩ চনত নিজৰ বাবে এটা ঘৰ কিনা।  এম্বাৰ লুকে তেওঁৰ ১৪ বছৰ বয়সত প্ৰথম টেটু আঁকিছিল। তেওঁ তেতিয়া হতাশাত ভুগি আছিল। প্ৰথম এটা টাটু অংকন কৰাৰ পাছতেই তেওঁৰ আত্মবিশ্বাস ঘূৰি আহিছিল আৰু পাছত লাহে লাহে তেওঁ সমগ্ৰ শৰীৰ টাটুৰে ভৰ্তি কৰি দিয়াৰ সিদ্ধান্ত লয়।

আৰু পঢ়কঃ অসমৰ ৰাজ্যপাল জগদীশ মুখী ক’ভিডত আক্ৰান্ত


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু