--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুমান মানুহে নিজৰ জীৱনটো অলপ বেলেগকৈ উদযাপন কৰে। বেলেগতকৈ বেলেগ হৈ দেখুৱাবলে কিছুমানে অদ্ভূত চখ কিছুমানো পূৰণ কৰে। এগৰাকী মডেলে টাটু ইমানেই বেছি ভাল পায় যে গোটেই শৰীৰতে কৰি পেলালে টাটু অংকন। তেওঁৰ দেহৰ এনে কোনো অংগ নাই য'ত টাটু নাই। মডেলগৰাকীৰ নাম এম্বৰ লুক। ২৬ বছৰীয়া এম্বৰ লুক 'টাটু মডেল' নামেৰে জনাজাত। এম্বৰ লুকে নিজৰ ফটোবোৰ অনলাইনত বিক্ৰী কৰি ১.৫ কোটি টকাৰ অধিক উপাৰ্জন কৰিছে। তেওঁ অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ বাসিন্দা। মডেলগৰাকীয়ে নিজৰ শৰীৰত আৰু বহুতো পৰিৱৰ্তন কৰিছে। কাণৰ তলৰ অংশটো প্ৰসাৰিত কৰিছে আৰু দীঘল কৰিছে। আনকি বাচি যোৱা নাই চকু দুটাও।

টাটু প্ৰেমৰ বাবে যেতিয়া এম্বৰে তেওঁৰ চকুৰ বগা অংশৰ ৰং নীলা কৰিছিল তেতিয়া তেওঁ কিছু সময়ৰ বাবে অন্ধ হৈ পৰিছিল। নিজক লৈ এম্বৰে কয় যে 'আজি মই যি কৰি আছো তাৰবাবে মোৰ কোনো অনুশোচনা নাই। মোৰ চেহেৰাটো মোৰ নিজৰ খুব ভাল লাগে। নিজক পৰিৱৰ্তন কৰিলে যথেষ্ট আত্মবিশ্বাস বাঢ়ে।  এম্বাৰ লুকে প্ৰথমতে ভয় কৰিছিল যে তেওঁৰ শৰীৰত ইমানবোৰ টাটু অংকন কৰা বাবে তেওঁ কেতিয়াও চাকৰি নাপাব, কিন্তু সেয়া হোৱা নাছিল।

এম্বাৰ লুকে ছ'চিয়েল মিডিয়াত বহুতো ব্ৰেণ্ডৰ সৈতে কাম কৰাৰ সুযোগ পায়, এম্বৰ লুকে বহুতো ব্যয়বহুল ফটোশ্বুটৰ বাব অফাৰ লাভ কৰিছে। মডেলগৰাকীয়ে তেওঁৰ ফটো অনলাইনত বিক্ৰী কৰি প্ৰায় ১৬৩ নিযুত টকা উপাৰ্জন কৰিছে বুলি দাবী কৰিছে। 

এম্বৰ লুকৰ পূৰ্বৰ চেহেৰা

এতিয়া তেওঁৰ সপোন হৈছে ২০২৩ চনত নিজৰ বাবে এটা ঘৰ কিনা।  এম্বাৰ লুকে তেওঁৰ ১৪ বছৰ বয়সত প্ৰথম টেটু আঁকিছিল। তেওঁ তেতিয়া হতাশাত ভুগি আছিল। প্ৰথম এটা টাটু অংকন কৰাৰ পাছতেই তেওঁৰ আত্মবিশ্বাস ঘূৰি আহিছিল আৰু পাছত লাহে লাহে তেওঁ সমগ্ৰ শৰীৰ টাটুৰে ভৰ্তি কৰি দিয়াৰ সিদ্ধান্ত লয়।

আৰু পঢ়কঃ অসমৰ ৰাজ্যপাল জগদীশ মুখী ক’ভিডত আক্ৰান্ত


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ