--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
১৯৯১ চনৰ মে মাহত ৰাজীৱ গান্ধীৰ পৰিকল্পিত হত্যাকাণ্ডই কঁপাই গৈছিল সমগ্ৰ দেশ৷ এই হত্যাকাণ্ডত জড়িত থকাসকলক আদালতে শেহতীয়াকৈ ৩১ বছৰৰ অন্তত মুকলি কৰি দিয়ে৷    উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ভাল আচৰণ, শিক্ষা আৰু স্বাস্থ্যৰ অৱস্থাৰ কথা বিবেচনা কৰি তেওঁলোকক মুক্ত কৰাৰ নিৰ্দেশনা দিছিল৷  ছয়জন দোষীয়ে দীৰ্ঘ ৩১ বছৰকাৰাবাসৰ পিছত মুকলি আকাশৰ তললৈ আহিছিল৷ বন্দীত্বৰ পৰা মুক্তি লাভ কৰা প্ৰথমজন অভিযুক্ত আছিল  চেণ্ট্ৰেল কাৰাগাৰত বন্দী হৈ থকা নলিনী৷  

কাৰাগাৰত থাকোতে 'টপ চিক্ৰেট' নামৰ এখন কিতাপ ৰচনা কৰিছিল আন এজন বন্দী ৰবিচন্দ্ৰনে৷  মুক্তিৰ পিছত তেওঁ অধিক কিতাপ লিখাৰ  পৰিকল্পনা কৰিছে।তদুপৰি কিতাপ লিখাৰ উপৰিও,  বছৰ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ থকা মুছলমান বিচাৰাধীন সকলক মুক্ত কৰাত নিজকে নিয়োজিত কৰাৰ পণ লৈছে ৰবিচন্দ্ৰনে। তেনে মুছলমান বন্দীসকলৰ সৈতে ৰবিচন্দ্ৰনে ইতিমধ্যে বাৰ্তালাপ কৰিছে আৰু তেওঁলোক প্ৰত্যেকৰে  কাহিনীক  হৃদয়স্পৰ্শী আখ্যা দিলে ৰবিচন্দ্ৰনে৷  

আনফালে, মুক্তিৰ পিছত যথেষ্ট  সুখী আৰু  সকাহ পোৱা যেন দেখা গৈছিল  নলিনীক৷ মুক্তিৰ পিছত   শান্তিপূৰ্ণ জীৱন বিচাৰে বুলি স্পষ্ট কৰে নলিনীয়ে। লগতে অৱশেষত সত্যৰ জয় হৈছে বুলিও মন্তব্য দিয়ে নলিনীয়ে। বহুতে নলিনীহঁতৰ এই  সংগ্ৰামক সমৰ্থন কৰিছিল  আৰু  মুখ্যমন্ত্ৰী এম কে ষ্টালিনক বিশেষভাৱে  ধন্যবাদ জনাই নলিনীয়ে। 

নলিনীৰ সমান্তৰালভাৱে তেওঁৰ স্বামী মুৰুগান আৰু সান্থানে ভেলোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল৷ খবৰ অনুসৰি, সান্থনে শ্ৰীলংকালৈ যোৱাৰ ইচ্ছা প্ৰকাশ  কৰিছে আনহাতে৷  নলিনী আৰু মুৰুগানৰ ভৱিষ্যত পৰিকল্পনা স্পষ্ট নহয়। বন্দী অৱস্থাত জন্ম গ্ৰহণ কৰা তেওঁলোকৰ ছোৱালী হৰিত্ৰা লণ্ডনৰ এগৰাকী অনুশীলনী চিকিৎসক।  গৰ্ভৱতী অৱস্থাতে ১৯৯১ চনত নলিনীক আটক কৰা হৈছিল৷ তেওঁলোকৰ কন্যা হৰিথ্ৰাই ২০১৯ চনত ইউকেত বিবাহ পাশত আৱদ্ধ হৈছিল।

নলিনী আৰু মুৰুগানে এতিয়াও তামিলনাডুত থাকিবলৈ বা তেওঁৰ জীয়েকৰ সৈতে ইউকেত যোগদান কৰাৰ সিদ্ধান্ত লোৱা নাই। সন্ধিয়া সময়ত  ৰবাৰ্ট পায়াছ আৰু জয়াকুমাৰক  চেন্নাইৰ উপকণ্ঠৰ পুঝাল কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। তামিলপন্থী ৰাজনৈতিক সংগঠনসমূহৰ উৎসাহী সমৰ্থকসকলে কাৰাগাৰৰ বাহিৰত অপেক্ষা কৰিছিল আৰু তেওঁলোকক আৰক্ষীৰ বাহনত ত্ৰিচিলৈ লৈ যোৱাৰ সময়ত তেওঁলোকৰ ফুলৰ পাহিৰে উষ্ণ আদৰণি জনাইছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক