--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উচ্চতম ন্যায়ালয়ে মুক্তি প্ৰদান কৰাৰ পিছত ৩১ বছৰৰ অন্তত  মুকলি আকাশৰ তললৈ আহে অভিযুক্ত ৰবিচন্দ্ৰন৷ মুকলি আকাশৰ তললৈ আহি  উত্তৰ ভাৰতৰ মানুহক তেওঁলোকক সন্ত্ৰাসবাদী বা হত্যাকাৰী হিচাপে চোৱাৰ বিপৰীতে ভুক্তভোগী হিচাপেহে চাবলৈ অনুৰোধ কৰে ৰবিচন্দ্ৰনে৷ 

তদুপৰি তেওঁ মন্তব্য কৰে যে,  “সময় আৰু শক্তিয়েহে নিৰ্ধাৰণ কৰে  কোন সন্ত্ৰাসবাদী বা স্বাধীনতা সংগ্ৰামী ৷” 


ৰাজীৱ গান্ধীৰ হত্যাৰ  কুটিল  ষড়যন্ত্ৰত জড়িত নাছিল  ৰবিচন্দ্ৰনঃ

ৰাজীৱ গান্ধীৰ হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ বিপৰীতে তামিলসকলৰ গৌৰৱৰ বাবে আৰু তামিল আন্দোলনৰ বাবে কিছুমান কাম কৰিছো বুলিহে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৰবিচন্দ্ৰনে। লগতে  সন্ত্ৰাসবাদী হোৱাৰ  দোষ বহন কৰিলেও সময়ে নিৰ্দোষী হিচাপে বিচাৰ কৰিব বুলি আশাবাদী ৰবিচন্দ্ৰন৷ আনহাতে, আজীৱন কাৰাদণ্ডৰ শাস্তি ভূগিবলৈ  একো কৰা নাছিল বুলিও প্ৰত্যাহ্বানমূলক মন্তব্য প্ৰকাশ কৰে দীৰ্ঘ দিন ধৰি কাৰাবৰণ কৰা   ৰবিচন্দ্ৰনে৷ 

উল্লেখযোগ্য যে, সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত ইয়াৰ অসাধাৰণ ক্ষমতা প্ৰয়োগ কৰি উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ১৮ মে'ত ৩০ বছৰতকৈও অধিক কাৰাবাস খাটি থকা বন্দীক  মুক্তি দিয়াৰ নিৰ্দেশ দিছিল। শুক্ৰবাৰে, শীৰ্ষ আদালতে কৈছিল যে ইয়াৰ পূৰ্বৱৰ্তী আদেশ আন সকলো দোষীৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক