--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে দ্বিতীয় পত্নীৰ মৃত্যুৰ চাৰি মাহৰ পাছতে শেষ নিশ্বাস ত্যাগ কৰে। ৰঙীন ৰাজনৈতিক জীৱনৰ সমান্তৰালভাৱে তেওঁৰ ব্যক্তিগত জীৱনক লৈও বহু চৰ্চা চলিছে। বিশেষকৈ প্ৰথম বিবাহৰ পিছত দ্বিতীয় পত্নী সাধনা গুপ্তাৰ সৈতে মুলায়মৰ প্ৰেমৰ সম্পৰ্কে দেশৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছিল।

চলিত বৰ্ষৰ জুলাই মাহত সাধনাৰ মৃত্যু হোৱা মেদান্ত হাস্পতালতে জাতীয় ৰাজনীতিৰ দ্বিতীয়জন ‘নেতাজী’ই শেষ নিশ্বাস লয়। সাধনা গুপ্তা আছিল মুলায়মৰ দ্বিতীয় পত্নী। শুনা যায় যে মুলায়মে প্ৰথমতে তেওঁক পত্নী স্বীকৃতি দিয়া নাছিল। এই ক্ষেত্ৰত তেওঁ চূড়ান্ত গোপনীয়তা বজাই ৰাখিছিল। আৰু ইয়াৰ পাছত এই খবৰ জাতীয় ৰাজনীতিত বিয়পি পৰিছিল।

মুলায়ম সিং যাদৱৰ প্ৰথম পত্নী আছিল মালতী দেৱী। তেওঁ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ মাতৃ। ১৯৭৩ চনত অখিলেশৰ জন্মৰ পিছত অসুস্থ হৈ পৰে মালতী দেৱী। এনে সময়তে সাধনাই মালতীক কৰা  যতন দেখি মুলায়াম সিং যাদৱ আপ্লুত হৈছিল। এই ঘটনাৰ পাছতে আৰম্ভ হ’ল সাধনাৰ সৈতে তেওঁৰ সম্পৰ্ক।

শুনা যায় যে মুলায়মৰ প্ৰথম পত্নী জীয়াই থাকোতে সাধনাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। সাধনাৰ প্ৰথম স্বামী আছিল চন্দ্ৰপ্ৰকাশ গুপ্ত। ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁলোকৰ বিবাহিত জীৱন আছিল। ২০০৩ চনত তেওঁৰ প্ৰথম পত্নী মালতী দেৱীৰ মৃত্যু হয়। তেতিয়াৰ পৰা সাধনাৰ সৈতে তেওঁৰ সম্পৰ্ক অধিক শক্তিশালী হ’বলৈ ধৰিলে।
 
২০০৭ চনত মুলায়মে সাধনাক বিয়া কৰাইছিল বুলি চৰ্চা হৈছিল। মালতী দেৱীৰ মৃত্যুৰ পিছত মুলায়মে আনুষ্ঠানিকভাৱে সাধনাক বিয়া কৰায়। সাধনা মুলায়মতকৈ ২০ বছৰ সৰু আছিল। উল্লেখযোগ্য যে মালতী দেৱীও সমাজবাদী পাৰ্টীৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। কিন্তু মুলায়মক বিয়া কৰাই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিল সাধনা।

মুলায়ম সিং যাদৱৰ পাৰিবাৰিক সংঘাতৰ বিষয়ে কম অধ্যয়ন কৰা হোৱা নাই। তেওঁৰ পাৰিবাৰিক কাজিয়াই প্ৰায়ে শিৰোনাম দখল কৰে। মুলায়মৰ ভাতৃ শিৱপাল যাদৱৰ সৈতে অখিলেশৰ সংঘৰ্ষই উত্তৰ প্ৰদেশৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছিল। উত্তৰ প্ৰদেশত চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাধনা-পুত্ৰ প্ৰতীকৰ পত্নী অপৰ্ণা যাদৱে এছপি ত্যাগ কৰি বিজেপিত যোগদান কৰে। যাৰ ফলত মুলায়ম সিং যাদৱৰ ঘৰত থকা দুটা শিবিৰৰ অনুভূমিক বিভাজন অধিক স্পষ্ট হৈ পৰে।

মুলায়ম সিং যাদৱৰ সম্পত্তিৰ পৰিমাণো কম নাছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাত প্ৰকাশ পাইছিল যে তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৫ কোটিতকৈ অধিক।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২০২২ চনৰ ১০ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে মুলায়ম সিং যাদৱে। কিন্তু তেওঁৰ প্ৰেম কাহিনী তেওঁৰ ৰাজনৈতিক জীৱনৰ দৰেই ৰঙীন।ন একে সময়তে তেওঁক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কবোৰ এতিয়াও সক্ৰিয় হৈ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু