--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে দ্বিতীয় পত্নীৰ মৃত্যুৰ চাৰি মাহৰ পাছতে শেষ নিশ্বাস ত্যাগ কৰে। ৰঙীন ৰাজনৈতিক জীৱনৰ সমান্তৰালভাৱে তেওঁৰ ব্যক্তিগত জীৱনক লৈও বহু চৰ্চা চলিছে। বিশেষকৈ প্ৰথম বিবাহৰ পিছত দ্বিতীয় পত্নী সাধনা গুপ্তাৰ সৈতে মুলায়মৰ প্ৰেমৰ সম্পৰ্কে দেশৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছিল।

চলিত বৰ্ষৰ জুলাই মাহত সাধনাৰ মৃত্যু হোৱা মেদান্ত হাস্পতালতে জাতীয় ৰাজনীতিৰ দ্বিতীয়জন ‘নেতাজী’ই শেষ নিশ্বাস লয়। সাধনা গুপ্তা আছিল মুলায়মৰ দ্বিতীয় পত্নী। শুনা যায় যে মুলায়মে প্ৰথমতে তেওঁক পত্নী স্বীকৃতি দিয়া নাছিল। এই ক্ষেত্ৰত তেওঁ চূড়ান্ত গোপনীয়তা বজাই ৰাখিছিল। আৰু ইয়াৰ পাছত এই খবৰ জাতীয় ৰাজনীতিত বিয়পি পৰিছিল।

মুলায়ম সিং যাদৱৰ প্ৰথম পত্নী আছিল মালতী দেৱী। তেওঁ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ মাতৃ। ১৯৭৩ চনত অখিলেশৰ জন্মৰ পিছত অসুস্থ হৈ পৰে মালতী দেৱী। এনে সময়তে সাধনাই মালতীক কৰা  যতন দেখি মুলায়াম সিং যাদৱ আপ্লুত হৈছিল। এই ঘটনাৰ পাছতে আৰম্ভ হ’ল সাধনাৰ সৈতে তেওঁৰ সম্পৰ্ক।

শুনা যায় যে মুলায়মৰ প্ৰথম পত্নী জীয়াই থাকোতে সাধনাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। সাধনাৰ প্ৰথম স্বামী আছিল চন্দ্ৰপ্ৰকাশ গুপ্ত। ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁলোকৰ বিবাহিত জীৱন আছিল। ২০০৩ চনত তেওঁৰ প্ৰথম পত্নী মালতী দেৱীৰ মৃত্যু হয়। তেতিয়াৰ পৰা সাধনাৰ সৈতে তেওঁৰ সম্পৰ্ক অধিক শক্তিশালী হ’বলৈ ধৰিলে।
 
২০০৭ চনত মুলায়মে সাধনাক বিয়া কৰাইছিল বুলি চৰ্চা হৈছিল। মালতী দেৱীৰ মৃত্যুৰ পিছত মুলায়মে আনুষ্ঠানিকভাৱে সাধনাক বিয়া কৰায়। সাধনা মুলায়মতকৈ ২০ বছৰ সৰু আছিল। উল্লেখযোগ্য যে মালতী দেৱীও সমাজবাদী পাৰ্টীৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। কিন্তু মুলায়মক বিয়া কৰাই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিল সাধনা।

মুলায়ম সিং যাদৱৰ পাৰিবাৰিক সংঘাতৰ বিষয়ে কম অধ্যয়ন কৰা হোৱা নাই। তেওঁৰ পাৰিবাৰিক কাজিয়াই প্ৰায়ে শিৰোনাম দখল কৰে। মুলায়মৰ ভাতৃ শিৱপাল যাদৱৰ সৈতে অখিলেশৰ সংঘৰ্ষই উত্তৰ প্ৰদেশৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছিল। উত্তৰ প্ৰদেশত চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাধনা-পুত্ৰ প্ৰতীকৰ পত্নী অপৰ্ণা যাদৱে এছপি ত্যাগ কৰি বিজেপিত যোগদান কৰে। যাৰ ফলত মুলায়ম সিং যাদৱৰ ঘৰত থকা দুটা শিবিৰৰ অনুভূমিক বিভাজন অধিক স্পষ্ট হৈ পৰে।

মুলায়ম সিং যাদৱৰ সম্পত্তিৰ পৰিমাণো কম নাছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাত প্ৰকাশ পাইছিল যে তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৫ কোটিতকৈ অধিক।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২০২২ চনৰ ১০ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে মুলায়ম সিং যাদৱে। কিন্তু তেওঁৰ প্ৰেম কাহিনী তেওঁৰ ৰাজনৈতিক জীৱনৰ দৰেই ৰঙীন।ন একে সময়তে তেওঁক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কবোৰ এতিয়াও সক্ৰিয় হৈ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক