--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ বৰ্ষৰ পাছত কৰ’না মহামাৰীৰ বাবে বলীউড উদ্যোগ ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। চিনেমাৰ শ্বুটিং বন্ধ হোৱাৰ লগতে চিনেমাগৃহসমূহো বন্ধ কৰিবলৈ বহু লোক বাধ্য হ’ল। অৱশ্যে এতিয়া পৰিস্থিতি পূৰ্বৰ দৰেই স্বাভাৱিক হৈ পৰিছে। আজি আমি উল্লেখ কৰিম কৰ'না মহামাৰীৰ পাছত বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা ছবি উপহাৰ দিয়া এগৰাকী তাৰকাৰ বিষয়ে। সেইজন অভিনেতা শ্বাহৰুখ খান বা ৰজনীকান্ত নহয়। তেওঁৰ নাম সঞ্জয় দত্ত। আজি আমি জানো আহক সঞ্জয় দত্তৰ ছবিৰ বক্স অফিচ ৰেকৰ্ড।

২০২০ বৰ্ষৰ পাছত সঞ্জয় দত্তই বহু ছবিত কাম কৰিছিল। অৱশ্যে ৰূপালী পৰ্দাত তেওঁক সহযোগী চৰিত্ৰ বা নেতিবাচক চৰিত্ৰত দেখা গৈছিল। ২০২২ চনত মুক্তি পোৱা ‘কে জি এফ চেপ্টাৰ ২’ত তেওঁ খলনায়ক অধিৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে বক্স অফিচত সৰ্বকালৰ ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয়। ছুপাৰষ্টাৰ যশৰ এই ছবিখনে বিশ্বজুৰি ১২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

ইয়াৰ পাছত সঞ্জয় দত্তৰ ‘সম্ৰাট পৃথ্বীৰাজ’ আৰু ‘শমছেৰা’ ছবিয়ে ছবিগৃহত মুক্তিলাভ কৰে। যদিও দুয়োখন ছবি ফ্লপ হয় যদিও বক্স অফিচত ১৫৪ কোটি টকা উপাৰ্জন কৰিছিল। ২০২৩ চনত সঞ্জয় দত্তই ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ ‘লিঅ’ ছবিখনত কাম কৰিছিল। ছবিখনত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে বিশ্বজুৰি ৬০৭ কোটি টকাৰ ব্যৱসায় কৰিছিল।

২০২২ চনত মুক্তি পোৱা শ্বাহৰুখ খানৰ ‘জৱান’ ছবিতো কাম কৰিছিল সঞ্জয় দত্তই। অৱশ্যে ছবিখনত তেওঁৰ কেমিঅ’হে আছিল। মুক্তিৰ পাছত এই চিনেমাখনৰ বিশ্বব্যাপী ব্যৱসায় আছিল ১১৫০ কোটি টকা। যদি এই সকলোবোৰ ছবিৰ সংগ্ৰহৰ পৰিসংখ্যা যোগ কৰা হয় তেন্তে সেয়া ৩০০০ কোটি টকাতকৈও অধিক।

এতিয়া যদি শ্বাহৰুখ খানৰ কথা উল্লেখ কৰোঁ, ২০২৩ চনত শ্বাহৰুখৰ তিনিখন ছবিয়ে মুক্তি লাভ কৰিছিল। ‘পাঠান’, ‘জৱান’ আৰু ‘ডংকি’এ বক্স অফিচত ২৬০০ টকাৰো অধিক ব্যৱসায় কৰিছে। ৰণবীৰ কাপুৰৰ ‘শমছেৰা’, ‘ব্ৰহ্মাস্ত্ৰ’, ‘তু ঝুঠি মে মক্কাৰ’ আৰু ‘এনিমল’ আদি ছবিয়ে ১৬০০ কোটি টকা উপাৰ্জন কৰে। একে সময়তে প্ৰভাসৰ ‘ৰাধে শ্যাম’, ‘আদিপুৰুষ’ আৰু ‘ছালাৰ’ৰ মুঠ সংগ্ৰহ ১৩০০ কোটি টকা। থালাপথী বিজয়ৰ 'মাষ্টাৰ', 'বিজিল', 'বৰিছু' আৰু 'লিঅ' ছবিয়ে ১৪০০ কোটি টকাৰ ব্যৱসায় কৰিছে। এইদৰে ক’ৰোনা মহামাৰীৰ পাছত বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰত এই সকলো তাৰকাক পাছত পেলাইছে সঞ্জয় দত্তই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু