--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ বৰ্ষৰ পাছত কৰ’না মহামাৰীৰ বাবে বলীউড উদ্যোগ ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। চিনেমাৰ শ্বুটিং বন্ধ হোৱাৰ লগতে চিনেমাগৃহসমূহো বন্ধ কৰিবলৈ বহু লোক বাধ্য হ’ল। অৱশ্যে এতিয়া পৰিস্থিতি পূৰ্বৰ দৰেই স্বাভাৱিক হৈ পৰিছে। আজি আমি উল্লেখ কৰিম কৰ'না মহামাৰীৰ পাছত বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা ছবি উপহাৰ দিয়া এগৰাকী তাৰকাৰ বিষয়ে। সেইজন অভিনেতা শ্বাহৰুখ খান বা ৰজনীকান্ত নহয়। তেওঁৰ নাম সঞ্জয় দত্ত। আজি আমি জানো আহক সঞ্জয় দত্তৰ ছবিৰ বক্স অফিচ ৰেকৰ্ড।

২০২০ বৰ্ষৰ পাছত সঞ্জয় দত্তই বহু ছবিত কাম কৰিছিল। অৱশ্যে ৰূপালী পৰ্দাত তেওঁক সহযোগী চৰিত্ৰ বা নেতিবাচক চৰিত্ৰত দেখা গৈছিল। ২০২২ চনত মুক্তি পোৱা ‘কে জি এফ চেপ্টাৰ ২’ত তেওঁ খলনায়ক অধিৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে বক্স অফিচত সৰ্বকালৰ ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয়। ছুপাৰষ্টাৰ যশৰ এই ছবিখনে বিশ্বজুৰি ১২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

ইয়াৰ পাছত সঞ্জয় দত্তৰ ‘সম্ৰাট পৃথ্বীৰাজ’ আৰু ‘শমছেৰা’ ছবিয়ে ছবিগৃহত মুক্তিলাভ কৰে। যদিও দুয়োখন ছবি ফ্লপ হয় যদিও বক্স অফিচত ১৫৪ কোটি টকা উপাৰ্জন কৰিছিল। ২০২৩ চনত সঞ্জয় দত্তই ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ ‘লিঅ’ ছবিখনত কাম কৰিছিল। ছবিখনত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে বিশ্বজুৰি ৬০৭ কোটি টকাৰ ব্যৱসায় কৰিছিল।

২০২২ চনত মুক্তি পোৱা শ্বাহৰুখ খানৰ ‘জৱান’ ছবিতো কাম কৰিছিল সঞ্জয় দত্তই। অৱশ্যে ছবিখনত তেওঁৰ কেমিঅ’হে আছিল। মুক্তিৰ পাছত এই চিনেমাখনৰ বিশ্বব্যাপী ব্যৱসায় আছিল ১১৫০ কোটি টকা। যদি এই সকলোবোৰ ছবিৰ সংগ্ৰহৰ পৰিসংখ্যা যোগ কৰা হয় তেন্তে সেয়া ৩০০০ কোটি টকাতকৈও অধিক।

এতিয়া যদি শ্বাহৰুখ খানৰ কথা উল্লেখ কৰোঁ, ২০২৩ চনত শ্বাহৰুখৰ তিনিখন ছবিয়ে মুক্তি লাভ কৰিছিল। ‘পাঠান’, ‘জৱান’ আৰু ‘ডংকি’এ বক্স অফিচত ২৬০০ টকাৰো অধিক ব্যৱসায় কৰিছে। ৰণবীৰ কাপুৰৰ ‘শমছেৰা’, ‘ব্ৰহ্মাস্ত্ৰ’, ‘তু ঝুঠি মে মক্কাৰ’ আৰু ‘এনিমল’ আদি ছবিয়ে ১৬০০ কোটি টকা উপাৰ্জন কৰে। একে সময়তে প্ৰভাসৰ ‘ৰাধে শ্যাম’, ‘আদিপুৰুষ’ আৰু ‘ছালাৰ’ৰ মুঠ সংগ্ৰহ ১৩০০ কোটি টকা। থালাপথী বিজয়ৰ 'মাষ্টাৰ', 'বিজিল', 'বৰিছু' আৰু 'লিঅ' ছবিয়ে ১৪০০ কোটি টকাৰ ব্যৱসায় কৰিছে। এইদৰে ক’ৰোনা মহামাৰীৰ পাছত বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰত এই সকলো তাৰকাক পাছত পেলাইছে সঞ্জয় দত্তই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক