--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যৰ গৃহসমষ্টিৰ মণিয়াৰখাল সংৰক্ষিত বনাঞ্চলত থকা অবৈধ পুখুৰীত উচ্ছেদ চলালে কাছাৰৰ বন বিভাগে। শনিবাৰে পুৱাৰেপৰা পুখুৰীসমূহৰ উচ্ছেদ অভিযানত নামে বন বিভাগৰ দল। উল্লেখযোগ্য যে বিগত কেইদিনমানৰ আগত বহুকেইটা পুখুৰীৰ মথাউৰি কাটি পানীসমূহ বাহিৰ কৰি দিয়া হৈছিল আৰু প্ৰশাসনে জাৰি কৰিছিল জাননী।

বছৰ বছৰ ধৰি বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যৰ কেইবাজনো ঘনিষ্ঠ ব্যক্তিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি সংৰক্ষিত বনাঞ্চলত বহুকেইটা পুখুৰী নিৰ্মাণ কৰি মাছৰ ব্যৱসায় চলাই আহিছিল বুলি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। মন্ত্ৰীৰ ঘনিষ্ঠৰ মাজত আছে তেওঁৰ দেহৰক্ষী তুষাৰ ৰয়, শংকু ৰয়সহ অন্য কেইবাজনো ব্যক্তি। অভিযোগ অনুসাৰি এই সংৰক্ষিত বনাঞ্চলত থকা খাচী সম্প্ৰদায়ৰ লোকসকলক খেদি পঠাই তাত পুখুৰী নিৰ্মাণ কৰিছিল। দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে এই পুখুৰীসমূহৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰিছিল।

কিন্তু তদানীন্তন ডিএফঅ’ ছানী দেও চৌধুৰীয়ে অভিযোগত কোনো গুৰুত্ব দিয়া নাই। পুখুৰী উচ্ছেদ নকৰি তুসাৰ ৰয়সহ অবৈধ পুখুৰীৰ মালিকসকলক সহায় কৰি আহিছিল ডিএফঅ’গৰাকীয়ে। কিন্তু বৰ্তমান নতুন চিচিএফ আৰু ডিএফঅ’ আহি পুখুৰীসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰু উচ্ছেদ অভিযান আৰম্ভ কৰে। এগৰাকী বনমন্ত্রীৰ এনে একনায়কত্ববাদী কাৰ্যক গৰিহণা দিছে কাছাৰৰ কংগ্রেছ কৰ্মীসকসলে আৰু ধন্যবাদ জনাইছে কাছাৰ প্ৰশাসনক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু