--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যৰ গৃহসমষ্টিৰ মণিয়াৰখাল সংৰক্ষিত বনাঞ্চলত থকা অবৈধ পুখুৰীত উচ্ছেদ চলালে কাছাৰৰ বন বিভাগে। শনিবাৰে পুৱাৰেপৰা পুখুৰীসমূহৰ উচ্ছেদ অভিযানত নামে বন বিভাগৰ দল। উল্লেখযোগ্য যে বিগত কেইদিনমানৰ আগত বহুকেইটা পুখুৰীৰ মথাউৰি কাটি পানীসমূহ বাহিৰ কৰি দিয়া হৈছিল আৰু প্ৰশাসনে জাৰি কৰিছিল জাননী।

বছৰ বছৰ ধৰি বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যৰ কেইবাজনো ঘনিষ্ঠ ব্যক্তিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি সংৰক্ষিত বনাঞ্চলত বহুকেইটা পুখুৰী নিৰ্মাণ কৰি মাছৰ ব্যৱসায় চলাই আহিছিল বুলি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। মন্ত্ৰীৰ ঘনিষ্ঠৰ মাজত আছে তেওঁৰ দেহৰক্ষী তুষাৰ ৰয়, শংকু ৰয়সহ অন্য কেইবাজনো ব্যক্তি। অভিযোগ অনুসাৰি এই সংৰক্ষিত বনাঞ্চলত থকা খাচী সম্প্ৰদায়ৰ লোকসকলক খেদি পঠাই তাত পুখুৰী নিৰ্মাণ কৰিছিল। দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে এই পুখুৰীসমূহৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰিছিল।

কিন্তু তদানীন্তন ডিএফঅ’ ছানী দেও চৌধুৰীয়ে অভিযোগত কোনো গুৰুত্ব দিয়া নাই। পুখুৰী উচ্ছেদ নকৰি তুসাৰ ৰয়সহ অবৈধ পুখুৰীৰ মালিকসকলক সহায় কৰি আহিছিল ডিএফঅ’গৰাকীয়ে। কিন্তু বৰ্তমান নতুন চিচিএফ আৰু ডিএফঅ’ আহি পুখুৰীসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰু উচ্ছেদ অভিযান আৰম্ভ কৰে। এগৰাকী বনমন্ত্রীৰ এনে একনায়কত্ববাদী কাৰ্যক গৰিহণা দিছে কাছাৰৰ কংগ্রেছ কৰ্মীসকসলে আৰু ধন্যবাদ জনাইছে কাছাৰ প্ৰশাসনক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ