--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ সিন্ধান্তক শলাগ লয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰী আৰু মন্ত্রী-বিধায়কৰ বাবে নৱবৰ্ষত পিতৃ-মাতৃ, শহুৰ-শাহু তথা আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰিবলৈ চৰকাৰে ছুটীৰ ব্যৱস্থা কৰাৰ এক সিদ্ধান্ত লয়। এই সিদ্ধান্তক আদৰণি জনাই অকলশৰীয়া মাতৃৰ কাষত এদিন কটালে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে।

চৰকাৰী বিষয়া-কৰ্মচাৰীক দুদিনৰ বাবে চৰকাৰে দিয়া ছুটীত বোকাখাতৰ মাতৃৰ কাষলৈ গৈ শিক্ষামন্ত্ৰী পেগুৱে ছুটীৰ সদব্যৱহাৰ কৰে। মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নিশা আহি বোকাখাতৰ নিজগৃহত উপস্থিত হয়। বোকাখাতৰ গৃহত অকলশৰে থকা মাতৃৰ লগত আজি দিনটো কটালে। চৰকাৰে নতুনকৈ যুগুত কৰা এই সিন্ধান্তত পঞ্চমুখ হৈ মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক শ’লাগ জনায়।


আনহাতে, অনাগত দিনত শিক্ষকৰ চাকৰিৰ বাবে নিকা পদ্ধতিৰে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। আগন্তুক দিনত টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব চালনীৰে পানী নসৰকা নিয়মৰে, কঠোৰ হ’ব শিক্ষা বিভাগ। কোনো বিষয়া-কৰ্মচাৰীয়ে টেটত বিসংগতি কৰিলে ৰেহাই দিয়া নহ’ব। গতিকে ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ অনুশীলন কৰক। শিক্ষকৰ চাকৰিৰ বাবে মেধাৰ ভিত্তিতহে চাকৰি লাভ কৰিব। বিশেষ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ থকিলেও চাকৰি নাপাব পাৰে, প্ৰাৰ্থীসকলৰ প্ৰাপ্তিৰ নম্বৰৰ ভিত্তিতহে চাকৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্রীগৰাকীয়ে। লগতে কয় যে ক’ভিডৰ তৃতীয় ঢৌৰ বাবে শিক্ষানুষ্ঠানসমূহ আংশিক বন্ধ ঘোষণা কৰা হৈছে যদিও এদিন এৰি এদিন অফলাইন আৰু অনলাইনত পাঠদান চলাই থাকিব পাৰিব। ক’ভিডক লৈ চৰকাৰে জাৰি কৰা এছঅ’পি মানি চলিবলৈ আৰু ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় শিক্ষামন্ত্রী ডাঃ পেগুৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ