--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়বোৰ অসমীয়া লোকৰ ঘৰৰ বাৰীত সহজে পোৱা এবিধ কল হৈছে কাচকল বা পুৰাকল। কাচকলৰ পিতিকা, কাচকলৰ বৰ, কাচকলৰ চিপছ, ধনীয়া, তিল দি বনোৱা কাচকলৰ বাকলিৰ চাটনি, কাচকল ফ্ৰাই, কাচকলৰ আঞ্জা , কাচকলৰ কোফটা কাৰী , কাচকলৰ চপ ইত্যাদি বিবিধ ব্যঞ্জন আমাৰ বহুতৰে প্ৰিয়। ই এবিধ খাটি অসমীয়া থলুৱা খাদ্য। কাচকলৰ অনেক উপকাৰিতা আছে। জানি লওঁ আহক।

১) কাচকল মানুহৰ হাৰ্টৰ বাবে যথেষ্ট উপকাৰী। হাৰ্টত মাংসপেশী জমা হ’লে হাৰ্টবিট হোৱাত অসুবিধাৰ সৃষ্টি হয়। কাচকলত যথেষ্ট পৰিমাণে হাই পটেছিয়াম পোৱা যায়। কাচকল খালে মানুহৰ হাৰ্টত থকা মাংসপেশী নিয়ন্ত্ৰণত সহায় হয়।

২) কলেষ্টেৰলত ভোগা ৰোগীসকলৰ বাবে কাচকল যথেষ্ট উপকাৰী। কাচকলত পটেচিয়াম থকাৰ উপৰিও যথেষ্ট পৰিমাণৰ ফাইবাৰ আৰু মেগনেচিয়াম থাকে। ফাইবাৰ আৰু মেগনেচিয়ামে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩) মধুমেহ অৰ্থাৎ ডাইবেটিছ ৰোগীসকলৰ বাবে কাচকল অতি উত্তম। কাচকলত থকা কাৰ্বহাইড্ৰেটে মানুহৰ শৰীৰত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪) পেটৰ অসুখৰ বাবে কাচকল উপকাৰী। মানুহৰ পেটত ডায়েৰীয়াৰ সমস্যা হ’লে কাচকলত থকা ফাইবাৰ কম্পাউণ্ডে ডায়েৰীয়াৰ পৰা উপশম পোৱাত সহায় কৰে।

৫) গেষ্ট্ৰিক আলচাৰৰ ৰোগীসকলৰ বাবেও কাচকল উপকাৰী।

৬) ওজন বৃদ্ধি আজিকালি প্ৰায়বোৰ লোকৰে এটা গুৰুত্বপূৰ্ণ সমস্যা। মানুহৰ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো কাচকলে সহায় কৰে।

৭) কাচকলত থকা ভিটামিন চিয়ে/ C এ মানুহৰ ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে।

৮) কাচকলত পোৱা ভিটামিন বি ৬ৰ উচ্চ মাত্ৰাই প্ৰাক-ডায়েবেটিছ আৰু ডায়েবেটিছ ৰোগীৰ তেজৰ গ্লুক’জ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৯) কাচকল সেৱন কৰিলে বৃক্কৰ সমস্যা, যেনে বৃক্কৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

১০) এই কলে কলনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে। কার্বোহাইড্রেট থকা বাবে শৰীৰক শক্তি প্রদান কৰে।

১১) ই হজম শক্তি উন্নত কৰাত সহায় কৰে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক