--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়বোৰ অসমীয়া লোকৰ ঘৰৰ বাৰীত সহজে পোৱা এবিধ কল হৈছে কাচকল বা পুৰাকল। কাচকলৰ পিতিকা, কাচকলৰ বৰ, কাচকলৰ চিপছ, ধনীয়া, তিল দি বনোৱা কাচকলৰ বাকলিৰ চাটনি, কাচকল ফ্ৰাই, কাচকলৰ আঞ্জা , কাচকলৰ কোফটা কাৰী , কাচকলৰ চপ ইত্যাদি বিবিধ ব্যঞ্জন আমাৰ বহুতৰে প্ৰিয়। ই এবিধ খাটি অসমীয়া থলুৱা খাদ্য। কাচকলৰ অনেক উপকাৰিতা আছে। জানি লওঁ আহক।

১) কাচকল মানুহৰ হাৰ্টৰ বাবে যথেষ্ট উপকাৰী। হাৰ্টত মাংসপেশী জমা হ’লে হাৰ্টবিট হোৱাত অসুবিধাৰ সৃষ্টি হয়। কাচকলত যথেষ্ট পৰিমাণে হাই পটেছিয়াম পোৱা যায়। কাচকল খালে মানুহৰ হাৰ্টত থকা মাংসপেশী নিয়ন্ত্ৰণত সহায় হয়।

২) কলেষ্টেৰলত ভোগা ৰোগীসকলৰ বাবে কাচকল যথেষ্ট উপকাৰী। কাচকলত পটেচিয়াম থকাৰ উপৰিও যথেষ্ট পৰিমাণৰ ফাইবাৰ আৰু মেগনেচিয়াম থাকে। ফাইবাৰ আৰু মেগনেচিয়ামে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩) মধুমেহ অৰ্থাৎ ডাইবেটিছ ৰোগীসকলৰ বাবে কাচকল অতি উত্তম। কাচকলত থকা কাৰ্বহাইড্ৰেটে মানুহৰ শৰীৰত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪) পেটৰ অসুখৰ বাবে কাচকল উপকাৰী। মানুহৰ পেটত ডায়েৰীয়াৰ সমস্যা হ’লে কাচকলত থকা ফাইবাৰ কম্পাউণ্ডে ডায়েৰীয়াৰ পৰা উপশম পোৱাত সহায় কৰে।

৫) গেষ্ট্ৰিক আলচাৰৰ ৰোগীসকলৰ বাবেও কাচকল উপকাৰী।

৬) ওজন বৃদ্ধি আজিকালি প্ৰায়বোৰ লোকৰে এটা গুৰুত্বপূৰ্ণ সমস্যা। মানুহৰ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো কাচকলে সহায় কৰে।

৭) কাচকলত থকা ভিটামিন চিয়ে/ C এ মানুহৰ ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে।

৮) কাচকলত পোৱা ভিটামিন বি ৬ৰ উচ্চ মাত্ৰাই প্ৰাক-ডায়েবেটিছ আৰু ডায়েবেটিছ ৰোগীৰ তেজৰ গ্লুক’জ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৯) কাচকল সেৱন কৰিলে বৃক্কৰ সমস্যা, যেনে বৃক্কৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

১০) এই কলে কলনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে। কার্বোহাইড্রেট থকা বাবে শৰীৰক শক্তি প্রদান কৰে।

১১) ই হজম শক্তি উন্নত কৰাত সহায় কৰে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু