--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত প্ৰস্তুত কৰা কাফ চিৰাপ সেৱন কৰি গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ পিছতে ভাৰত চৰকাৰে কাফ চিৰাপৰ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে। সেইমৰ্মে ৰপ্তানি কৰাৰ আগতে কাফ চিৰাপৰ  পৰীক্ষা চৰকাৰী পৰীক্ষাগাৰত কৰিব লাগিব। চৰকাৰীভাবে পৰীক্ষা কৰাৰ পিছতহে  ভাৰতীয় কাফ চিৰাপ বিদেশত ৰপ্তানি কৰিবলৈ অনুমতি দিয়া হ'ব। 

চৰকাৰে নিৰ্ধাৰণ কৰা নতুন নিয়মসমূহ অহা মাহৰ পৰা কাৰ্যকৰী হ'ব। যোৱা বছৰ ভাৰতীয় কোম্পানী একাংশই  তৈয়াৰ কৰা কাফ চিৰাপ সেৱন কৰাৰ পিছত গাম্বিয়াত ৬৬  টা শিশুৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে  চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (ডিজিএফটি) এই  বিশেষ নিৰ্দেশনা  জাৰি কৰে।নিৰ্দেশনাত কোৱা হৈছে "কাফ চিৰাপ ৰপ্তানি কৰাৰ আগতে, চৰকাৰী পৰীক্ষাগাৰত পৰীক্ষা কৰা উচিত। পৰীক্ষাত  নমুনাটো  উত্তীৰ্ণ হ'লেহে বিদেশত ৰপ্তানি কৰাৰ অনুমতি দিয়া হ’ব। 

ফাৰ্মাচিউটিকেল কোম্পানীবোৰে ১ জুনৰ পৰা এই নিয়ম মানি চলিব  লাগিব। এই আদেশৰ লগতে চৰকাৰী পৰীক্ষাগাৰৰ তালিকাও প্ৰকাশ কৰা হৈছে।কলকাতা, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদকে ধৰি কেইবাখনো চহৰলৈ পৰীক্ষাৰ বাবে কাফ চিৰাপৰ নমুনা প্ৰেৰণ কৰা হ'ব। বিভিন্ন ৰাজ্য চৰকাৰৰ অধীনৰ পৰীক্ষাগাৰৰ পৰা কাফ চিৰাপৰ ৰপ্তানিৰ অনুমতি  দিব পাৰিব। ভাৰতে যোৱা এবছৰত ১৭ বিলিয়ন ডলাৰ মূল্যৰ কাফ চিৰাপ ৰপ্তানি কৰিছে।

উল্লেখ্য  মেডেন ফাৰ্মাচিউটিকেল নামৰ এটা কোম্পানীয়ে তৈয়াৰ কৰা কাফ চিৰাপ খাই ৬৬ টা শিশুৰ মৃত্যু হৈছিল। কোম্পানীটোৱে পশ্চিম আফ্ৰিকাৰ কেইবাখনো দেশলৈ বিষাক্ত ঔষধ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেনে কাফ চিৰাপ খোৱাৰ ফলত শিশুৰ বৃক্ক বিকল হৈ পৰিছিল বুলি অভিযোগ উঠিছে। । পৰীক্ষাৰ পিছত  প্ৰকাশ পাইছে  যে চাৰিটা কাফ চিৰাপত কেইবাটাও বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল।কোম্পানীটোৰ বিৰুদ্ধে  তদন্তও আৰম্ভ কৰা হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই