--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত প্ৰস্তুত কৰা কাফ চিৰাপ সেৱন কৰি গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ পিছতে ভাৰত চৰকাৰে কাফ চিৰাপৰ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে। সেইমৰ্মে ৰপ্তানি কৰাৰ আগতে কাফ চিৰাপৰ  পৰীক্ষা চৰকাৰী পৰীক্ষাগাৰত কৰিব লাগিব। চৰকাৰীভাবে পৰীক্ষা কৰাৰ পিছতহে  ভাৰতীয় কাফ চিৰাপ বিদেশত ৰপ্তানি কৰিবলৈ অনুমতি দিয়া হ'ব। 

চৰকাৰে নিৰ্ধাৰণ কৰা নতুন নিয়মসমূহ অহা মাহৰ পৰা কাৰ্যকৰী হ'ব। যোৱা বছৰ ভাৰতীয় কোম্পানী একাংশই  তৈয়াৰ কৰা কাফ চিৰাপ সেৱন কৰাৰ পিছত গাম্বিয়াত ৬৬  টা শিশুৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে  চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (ডিজিএফটি) এই  বিশেষ নিৰ্দেশনা  জাৰি কৰে।নিৰ্দেশনাত কোৱা হৈছে "কাফ চিৰাপ ৰপ্তানি কৰাৰ আগতে, চৰকাৰী পৰীক্ষাগাৰত পৰীক্ষা কৰা উচিত। পৰীক্ষাত  নমুনাটো  উত্তীৰ্ণ হ'লেহে বিদেশত ৰপ্তানি কৰাৰ অনুমতি দিয়া হ’ব। 

ফাৰ্মাচিউটিকেল কোম্পানীবোৰে ১ জুনৰ পৰা এই নিয়ম মানি চলিব  লাগিব। এই আদেশৰ লগতে চৰকাৰী পৰীক্ষাগাৰৰ তালিকাও প্ৰকাশ কৰা হৈছে।কলকাতা, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদকে ধৰি কেইবাখনো চহৰলৈ পৰীক্ষাৰ বাবে কাফ চিৰাপৰ নমুনা প্ৰেৰণ কৰা হ'ব। বিভিন্ন ৰাজ্য চৰকাৰৰ অধীনৰ পৰীক্ষাগাৰৰ পৰা কাফ চিৰাপৰ ৰপ্তানিৰ অনুমতি  দিব পাৰিব। ভাৰতে যোৱা এবছৰত ১৭ বিলিয়ন ডলাৰ মূল্যৰ কাফ চিৰাপ ৰপ্তানি কৰিছে।

উল্লেখ্য  মেডেন ফাৰ্মাচিউটিকেল নামৰ এটা কোম্পানীয়ে তৈয়াৰ কৰা কাফ চিৰাপ খাই ৬৬ টা শিশুৰ মৃত্যু হৈছিল। কোম্পানীটোৱে পশ্চিম আফ্ৰিকাৰ কেইবাখনো দেশলৈ বিষাক্ত ঔষধ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেনে কাফ চিৰাপ খোৱাৰ ফলত শিশুৰ বৃক্ক বিকল হৈ পৰিছিল বুলি অভিযোগ উঠিছে। । পৰীক্ষাৰ পিছত  প্ৰকাশ পাইছে  যে চাৰিটা কাফ চিৰাপত কেইবাটাও বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল।কোম্পানীটোৰ বিৰুদ্ধে  তদন্তও আৰম্ভ কৰা হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস