--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল ভাৰতৰ অন্যতম কঠিন পৰীক্ষা সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ(UPSC) ফলাফল। এই পৰীক্ষাৰ শীৰ্ষৰ চাৰিটা স্থানত আধিপত্য বিস্তাৰ কৰিলে মহিলাই। এইবাৰৰ UPSC পৰীক্ষাত শীৰ্ষস্থান দখল কৰিলে ঈশিতা কিশোৰে। দ্বিতীয় স্থানত গৰিমা লোহিয়া, তৃতীয় স্থানত উমা হৰ্থি এন আৰু চতুৰ্থ স্থানত স্মৃতি মিশ্ৰ।

কেন্দ্ৰীয় লোকসেৱা আয়োগে মঙলবাৰে অসামৰিক সেৱা পৰীক্ষা (UPSC CSE 2022)ৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে। আই এ এছ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইট www.upsc.gov.in ত চূড়ান্ত ফলাফল চাব পাৰিব। পৰীক্ষাৰ চূড়ান্ত ফলাফলত মুঠ ৯৩৩ গৰাকী পৰীক্ষাৰ্থীক নিযুক্তিৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰে ৩৪৫ গৰাকী অসংৰক্ষিত, ৯৯ গৰাকী ই ডব্লিউ এছ, ২৬৩ গৰাকী অ’ বি চি, ১৫৪ গৰাকী এছ চি আৰু ৭২ গৰাকী এছ টি শিতানৰ। ১৭৮ গৰাকী প্ৰাৰ্থীৰ সংৰক্ষিত তালিকাও প্ৰস্তুত কৰা হৈছে। আই এ এছৰ পদত নিৰ্বাচনৰ বাবে ১৮০ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে।

বেটি বচাও বেটি পঢ়াও এই জনপ্ৰিয় শ্লগান যেন আজি খাপে খাপে খাই পৰিছে। আমাৰ দেশৰ কন্যাই আজি শৈক্ষিক ক্ষেত্ৰত দেখুওৱা সফলতাই আন কন্যাসকলোকো নিশ্চয় অনুপ্ৰাণিত কৰিব। যি সময়ত চুবুৰীয়া আফগানিস্তান, পাকিস্তানৰ নাৰীসকলৰ সমমৰ্যাদা ধূলিৰ লগত মিলাই দিবলৈ চেষ্টা চলাই থকা হৈছে, যি সময়ত সেই দেশৰ নাৰীয়ে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম, শিক্ষা আৰু সম অধিকাৰৰ যুঁজখন চলাই নিবলগীয়া হৈছে সেই সময়তে ভাৰতৰ নাৰীয়ে উৰুৱাই আছে সফলতাৰ নিচান। ইয়াৰ বাবে তেওঁলোকৰ কষ্ট, অধ্যৱসায়ৰ লগতে অভিভাৱকৰ প্ৰেৰণা আৰু ভাৰতীয় সমাজ ব্যৱস্থাও শলাগৰ যোগ্য। জয় ভাৰতীয় নাৰীৰ জয়....










FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ