--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল ভাৰতৰ অন্যতম কঠিন পৰীক্ষা সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ(UPSC) ফলাফল। এই পৰীক্ষাৰ শীৰ্ষৰ চাৰিটা স্থানত আধিপত্য বিস্তাৰ কৰিলে মহিলাই। এইবাৰৰ UPSC পৰীক্ষাত শীৰ্ষস্থান দখল কৰিলে ঈশিতা কিশোৰে। দ্বিতীয় স্থানত গৰিমা লোহিয়া, তৃতীয় স্থানত উমা হৰ্থি এন আৰু চতুৰ্থ স্থানত স্মৃতি মিশ্ৰ।

কেন্দ্ৰীয় লোকসেৱা আয়োগে মঙলবাৰে অসামৰিক সেৱা পৰীক্ষা (UPSC CSE 2022)ৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে। আই এ এছ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইট www.upsc.gov.in ত চূড়ান্ত ফলাফল চাব পাৰিব। পৰীক্ষাৰ চূড়ান্ত ফলাফলত মুঠ ৯৩৩ গৰাকী পৰীক্ষাৰ্থীক নিযুক্তিৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰে ৩৪৫ গৰাকী অসংৰক্ষিত, ৯৯ গৰাকী ই ডব্লিউ এছ, ২৬৩ গৰাকী অ’ বি চি, ১৫৪ গৰাকী এছ চি আৰু ৭২ গৰাকী এছ টি শিতানৰ। ১৭৮ গৰাকী প্ৰাৰ্থীৰ সংৰক্ষিত তালিকাও প্ৰস্তুত কৰা হৈছে। আই এ এছৰ পদত নিৰ্বাচনৰ বাবে ১৮০ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে।

বেটি বচাও বেটি পঢ়াও এই জনপ্ৰিয় শ্লগান যেন আজি খাপে খাপে খাই পৰিছে। আমাৰ দেশৰ কন্যাই আজি শৈক্ষিক ক্ষেত্ৰত দেখুওৱা সফলতাই আন কন্যাসকলোকো নিশ্চয় অনুপ্ৰাণিত কৰিব। যি সময়ত চুবুৰীয়া আফগানিস্তান, পাকিস্তানৰ নাৰীসকলৰ সমমৰ্যাদা ধূলিৰ লগত মিলাই দিবলৈ চেষ্টা চলাই থকা হৈছে, যি সময়ত সেই দেশৰ নাৰীয়ে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম, শিক্ষা আৰু সম অধিকাৰৰ যুঁজখন চলাই নিবলগীয়া হৈছে সেই সময়তে ভাৰতৰ নাৰীয়ে উৰুৱাই আছে সফলতাৰ নিচান। ইয়াৰ বাবে তেওঁলোকৰ কষ্ট, অধ্যৱসায়ৰ লগতে অভিভাৱকৰ প্ৰেৰণা আৰু ভাৰতীয় সমাজ ব্যৱস্থাও শলাগৰ যোগ্য। জয় ভাৰতীয় নাৰীৰ জয়....










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস