--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্গিল যুদ্ধৰ নায়ক বীৰ চক্ৰ বঁটা লাভ কৰা চুবেদাৰ মেজৰ চেৱাং মুৰোপৰ যোৱা নিশা লেহৰ সমীপত সংঘটিত এটি ভয়ানক পথ দুৰ্ঘটনাত শ্বহীদ হয়। আজি এই তথ্য প্ৰদান কৰে সেনা বিষয়াসকলে। কাৰ্গিল যুদ্ধৰ নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে।

লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে সুবেদাৰ মেজৰৰ ঘৰলৈ গৈ ভাৰতীয় সেনাৰ হৈ শোক প্ৰকাশ কৰে। শ্বহীদ হোৱা সেনা জোৱান চেৱাং মুৰোপৰ পিতৃ নাইব চুবেদাৰ চেৰিং মুটোপকে ধৰি সমগ্ৰ পৰিয়ালটোক লগ কৰি লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে শোকসন্তপ্ত পৰিয়ালটাক সমবেদনা জ্ঞাপন কৰে৷

ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ অফিচিয়েল টুইটাৰ একাউণ্টে টুইট কৰি কয় যে বীৰ চক্ৰ বঁটা বিজয়ী বাহাদুৰ চুবেদাৰ মেজৰ চেৱাং মৰুপৰ দুখজনক মৃত্যুৰ বাবে ফায়াৰ এণ্ড ফিউৰি কৰ্পছে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে। ইফালে, ছ’চিয়েল মিডিয়াত চুবেদাৰ মেজৰ চেৱাং মুৰোপেক শ্ৰদ্ধাঞ্জলি জনাইছে সেৱা আগবঢ়োৱা আৰু প্ৰাক্তন সেনা জোৱানসকলে।

উল্লেখযোগ্য যে,১৯৯৯ চনৰ ৮ মে’ৰ পৰা ১৯৯৯ চনৰ ২৬ জুলাইৰ ভিতৰত পাকিস্তানী আক্ৰমণকাৰীৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধ সংঘটিত হৈছিল। ১৯৯৮ চনৰ শীতকালত তেওঁলোকে নিয়ন্ত্ৰণ ৰেখা (LoC) পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি কেইবাটাও পদ দখল কৰে।

যুদ্ধৰ সময়ত ভাৰতীয় সেনাই "অপাৰেচন বিজয়"ৰ অংশ হিচাপে পাকিস্তানী অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াইছিল আৰু টাইগাৰ হিল তথা অন্যান্য ঠাইসমূহ পুনৰ দখল কৰাত সফল হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ