--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্গিল যুদ্ধৰ নায়ক বীৰ চক্ৰ বঁটা লাভ কৰা চুবেদাৰ মেজৰ চেৱাং মুৰোপৰ যোৱা নিশা লেহৰ সমীপত সংঘটিত এটি ভয়ানক পথ দুৰ্ঘটনাত শ্বহীদ হয়। আজি এই তথ্য প্ৰদান কৰে সেনা বিষয়াসকলে। কাৰ্গিল যুদ্ধৰ নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে।

লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে সুবেদাৰ মেজৰৰ ঘৰলৈ গৈ ভাৰতীয় সেনাৰ হৈ শোক প্ৰকাশ কৰে। শ্বহীদ হোৱা সেনা জোৱান চেৱাং মুৰোপৰ পিতৃ নাইব চুবেদাৰ চেৰিং মুটোপকে ধৰি সমগ্ৰ পৰিয়ালটোক লগ কৰি লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে শোকসন্তপ্ত পৰিয়ালটাক সমবেদনা জ্ঞাপন কৰে৷

ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ অফিচিয়েল টুইটাৰ একাউণ্টে টুইট কৰি কয় যে বীৰ চক্ৰ বঁটা বিজয়ী বাহাদুৰ চুবেদাৰ মেজৰ চেৱাং মৰুপৰ দুখজনক মৃত্যুৰ বাবে ফায়াৰ এণ্ড ফিউৰি কৰ্পছে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে। ইফালে, ছ’চিয়েল মিডিয়াত চুবেদাৰ মেজৰ চেৱাং মুৰোপেক শ্ৰদ্ধাঞ্জলি জনাইছে সেৱা আগবঢ়োৱা আৰু প্ৰাক্তন সেনা জোৱানসকলে।

উল্লেখযোগ্য যে,১৯৯৯ চনৰ ৮ মে’ৰ পৰা ১৯৯৯ চনৰ ২৬ জুলাইৰ ভিতৰত পাকিস্তানী আক্ৰমণকাৰীৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধ সংঘটিত হৈছিল। ১৯৯৮ চনৰ শীতকালত তেওঁলোকে নিয়ন্ত্ৰণ ৰেখা (LoC) পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি কেইবাটাও পদ দখল কৰে।

যুদ্ধৰ সময়ত ভাৰতীয় সেনাই "অপাৰেচন বিজয়"ৰ অংশ হিচাপে পাকিস্তানী অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াইছিল আৰু টাইগাৰ হিল তথা অন্যান্য ঠাইসমূহ পুনৰ দখল কৰাত সফল হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল