--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে সাই বাবাক লৈ দিয়া বিতৰ্কিত বক্তব্যৰ পিছত পুনৰ সমগ্ৰ দেশতে চৰ্চিত হৈছে। তেওঁ কৈছিল যে সাইবাবা সাধু হ’ব পাৰে, ফকিৰ হ’ব পাৰে, কিন্তু ঈশ্বৰ হ’ব নোৱাৰে। এই বক্তব্যৰ এতিয়া তীব্ৰ বিৰোধিতা কৰা হৈছে। সাধাৰণ জনতাৰ পৰা ৰাজনীতিবিদলৈকে এই বিতৰ্কত জপিয়াই পৰিছে।

মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ পৰা সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এআইএমআইএম)ৰ সাংসদ ইমতিয়াজ জলিলেও সাই বাবাৰ বিতৰ্কক লৈ এক বিবৃতি দি কয় যে, ‘সাই বাবাৰ কোটি কোটি ভক্ত আছে। তেওঁলোকৰ সন্দৰ্ভত এনে শব্দ ব্যৱহাৰ নকৰিব। ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনে বহু বাবা চৰ্চা হৈয়েই আছে। ভৱিষ্যতে এই বাবাবোৰৰ কি হ’ব সকলোৱে জানে।"

আনহাতে, ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ নেতা জিতেন্দ্ৰ আৱাহাদে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে সাই বাবা সন্দৰ্ভত দিয়া বিতৰ্কিত বক্তব্যক লৈ মহাৰাষ্ট্ৰ চৰকাৰৰ ওপৰত  দোষ জাপি দিয়াৰ সময়তে কয় যে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে সাইবাবা অপমান কৰাৰ বাবে শাস্তি পাব লাগে তাৰ পৰিৱৰ্তে নিমন্ত্ৰণ পত্ৰ দিয়া হৈছে।  ইয়াৰ পূৰ্বে আচাৰ্য শংকৰাচাৰ্য নামৰ কোনোবাই সাই বাবাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল।

বাগেশ্বৰ দৰবাৰলৈ অহা ড০ শৈলেন্দ্ৰ ৰাজপুত নামৰ এজন ভক্তই  ধীৰেন্দ্ৰ শাস্ত্ৰীক সুধিছিল যে, ‘আমাৰ দেশত বহুত মানুহ সাই ভক্ত। কিন্তু সনাতন ধৰ্মই যেন সাইৰ পূজা অস্বীকাৰ কৰে। আনহাতে সাইক কেৱল সনাতন পদ্ধতিৰেহে পূজা কৰা হয়। গতিকে আপুনি এই বিষয়ৰ ওপৰত পোহৰ পেলাওক '। এই প্ৰশ্নৰ উত্তৰত বাগেশ্বৰ ধাম সৰকাৰে কৈছিল- ‘আমাৰ ধৰ্মৰ শংকৰাচাৰ্যই সাই বাবাক দেৱতাৰ স্থান নিদিয়ে"

বাগেশ্বৰ ধাম বাবায়ে উল্লেখ কৰে যে,"শংকৰাচাৰ্যৰ আজ্ঞা পালন কৰাটো প্ৰতিজন সনাতনীৰে ধৰ্ম কাৰণ তেওঁ নিজৰ ধৰ্মৰ প্ৰধানমন্ত্ৰী। আৰু আন যিকোনো সাধু, আমাৰ ধৰ্মৰ তুলসীদাস হওক বা সুৰদাস হওক, তেওঁলোক এজন সাধু,তেওঁলোক ঈশ্বৰ নহয়। বাকী সকলোৰে নিজৰ নিজৰ বিশ্বাস আছে। কিন্তু ইমানখিনি ক’ব পাৰি যে সাই বাবা হয়তো সাধু, কিন্তু তেওঁ ঈশ্বৰ নহয়। এতিয়া আপুনি ক’লে যে তেওঁক বৈদিক ধৰ্মই পূজা কৰে, গতিকে চাওক ভাই, শিয়ালৰ ছাল পিন্ধি কোনেও সিংহ হ’ব নোৱাৰে। ঈশ্বৰ ঈশ্বৰ আৰু সাধু সাধু। সাইৰ প্ৰতি মোৰ মনত থকা শ্ৰদ্ধাৰ মাজত নাযাবা।"

দেশত সাইবাবাৰ ভক্তসকলৰ মাজত এই মন্তব্যকলৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷এই বিতৰ্ক সন্দৰ্ভত এতিয়ালৈকে বাগেশ্বৰ ধামৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ