--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন দেশৰ আৰ্থিক দীনতাই চৰম পৰ্যায় পাইছেগৈ৷ ধৰ্মীয় মতান্ধতা, অন্ধবিশ্বাস, সন্ত্ৰাসবাদী সমস্যাৰে জৰ্জৰিত দেশখনক এতিয়া কোঙা কৰি পেলাইছে আৰ্থিক দীনতাই৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এতিয়া ভ্ৰমণকাৰী এটা ক্ৰিকেট দলক আপ্যায়ন কৰিবলগীয়া হৈছে মাথোঁ ৰুটি আৰু দাইলেৰে৷ ঘটনাটো পাকিস্তানৰ৷ পাকিস্তানে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলক কৰা আপ্যায়ন বিশ্বজুৰি হৈ পৰিছে সৰব চৰ্চাৰ বিষয়৷ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলক পাকিস্তানে খুৱালে দাইল আৰু ৰুটি৷ পাকিস্তানৰ ৰুটি-দাইলে এতিয়া ছ’চিয়েল মিডিয়াত ৰগৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ কৰাচীত চলি থকা টেষ্ট শৃংখলাত ভ্ৰমণকাৰী দলটোক পাকিস্তানে দাইল-ৰুটিৰে আপ্যায়ন কৰি আছে৷ এই কথা পোহৰলৈ আহিছিল যেতিয়া অষ্ট্ৰেলিয়াৰ বেটছমেন মাৰ্নাছ লাবুচাগেনে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত মধ্যাহ্নভোজনৰ এখন ফটো শ্বেয়াৰ কৰিছিল। অষ্ট্ৰেলিয়াৰ দলটো বৰ্তমান পাকিস্তান ভ্ৰমণত আছে। য’ত তিনিখন মেচৰ টেষ্ট আৰু একে সংখ্যক মেচৰ এদিনীয়া শৃংখলা খেলিব লাগিব। প্ৰথম টেষ্টখন ৰাৱাপিণ্ডিত অমীমাংসিতভাৱে সমাপ্ত হৈছিল। ইয়াত পাকিস্তানক হোষ্টিং কৰাৰ বাবে সামাজিক মাধ্যমত ট্ৰ’ল কৰা হৈছে। ২৪ বছৰৰ দীঘলীয়া ব্যৱধানৰ পাছত অষ্ট্ৰেলিয়াৰ দলটো পাকিস্তান ভ্ৰমণত আছে। কিন্তু, পাকিস্তানে কেংগাৰুৰ আয়োজন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। যাৰ বাবে এতিয়া পাকিস্তানক তীব্ৰ সমালোচনা কৰা হৈছে। অষ্ট্ৰেলিয়াৰ খেলুৱৈ মাৰ্নাছ লাবুচাগেনে মধ্যাহ্নভোজনৰ ফটো শ্বেয়াৰ কৰাৰ লগে লগে পাকিস্তানৰ সমালোচনা আৰম্ভ হয় ছ’চিয়েল মিডিয়াত৷ প্ৰথম টেষ্টত পাকিস্তানে ৪৭৬ ৰাণেৰে প্ৰথম ইনিংছ সমাপ্ত কৰিছিল৷ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৫৯ ৰাণত অল আউট হয়। দ্বিতীয় ইনিংছত পাকিস্তানে কোনো উইকেট অবিহনে ২৫২ৰাণ সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই পাকিস্তানৰ এটাও উইকেট ল’ব নোৱাৰিলে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক