--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন দেশৰ আৰ্থিক দীনতাই চৰম পৰ্যায় পাইছেগৈ৷ ধৰ্মীয় মতান্ধতা, অন্ধবিশ্বাস, সন্ত্ৰাসবাদী সমস্যাৰে জৰ্জৰিত দেশখনক এতিয়া কোঙা কৰি পেলাইছে আৰ্থিক দীনতাই৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এতিয়া ভ্ৰমণকাৰী এটা ক্ৰিকেট দলক আপ্যায়ন কৰিবলগীয়া হৈছে মাথোঁ ৰুটি আৰু দাইলেৰে৷ ঘটনাটো পাকিস্তানৰ৷ পাকিস্তানে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলক কৰা আপ্যায়ন বিশ্বজুৰি হৈ পৰিছে সৰব চৰ্চাৰ বিষয়৷ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলক পাকিস্তানে খুৱালে দাইল আৰু ৰুটি৷ পাকিস্তানৰ ৰুটি-দাইলে এতিয়া ছ’চিয়েল মিডিয়াত ৰগৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ কৰাচীত চলি থকা টেষ্ট শৃংখলাত ভ্ৰমণকাৰী দলটোক পাকিস্তানে দাইল-ৰুটিৰে আপ্যায়ন কৰি আছে৷ এই কথা পোহৰলৈ আহিছিল যেতিয়া অষ্ট্ৰেলিয়াৰ বেটছমেন মাৰ্নাছ লাবুচাগেনে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত মধ্যাহ্নভোজনৰ এখন ফটো শ্বেয়াৰ কৰিছিল। অষ্ট্ৰেলিয়াৰ দলটো বৰ্তমান পাকিস্তান ভ্ৰমণত আছে। য’ত তিনিখন মেচৰ টেষ্ট আৰু একে সংখ্যক মেচৰ এদিনীয়া শৃংখলা খেলিব লাগিব। প্ৰথম টেষ্টখন ৰাৱাপিণ্ডিত অমীমাংসিতভাৱে সমাপ্ত হৈছিল। ইয়াত পাকিস্তানক হোষ্টিং কৰাৰ বাবে সামাজিক মাধ্যমত ট্ৰ’ল কৰা হৈছে। ২৪ বছৰৰ দীঘলীয়া ব্যৱধানৰ পাছত অষ্ট্ৰেলিয়াৰ দলটো পাকিস্তান ভ্ৰমণত আছে। কিন্তু, পাকিস্তানে কেংগাৰুৰ আয়োজন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। যাৰ বাবে এতিয়া পাকিস্তানক তীব্ৰ সমালোচনা কৰা হৈছে। অষ্ট্ৰেলিয়াৰ খেলুৱৈ মাৰ্নাছ লাবুচাগেনে মধ্যাহ্নভোজনৰ ফটো শ্বেয়াৰ কৰাৰ লগে লগে পাকিস্তানৰ সমালোচনা আৰম্ভ হয় ছ’চিয়েল মিডিয়াত৷ প্ৰথম টেষ্টত পাকিস্তানে ৪৭৬ ৰাণেৰে প্ৰথম ইনিংছ সমাপ্ত কৰিছিল৷ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৫৯ ৰাণত অল আউট হয়। দ্বিতীয় ইনিংছত পাকিস্তানে কোনো উইকেট অবিহনে ২৫২ৰাণ সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই পাকিস্তানৰ এটাও উইকেট ল’ব নোৱাৰিলে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে