--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিচেম্বৰ ৩ আৰু ৪ত  পাঁচখন ৰাজ্যৰ ৰাজনৈতিক দলবোৰৰ আগন্তুক পাঁচ বছৰৰ বাবে ভাগ্য নিৰ্ণয় হ'ব ৷  পাঁচখন ৰাজ্য - ৰাজস্থান, তেলেংগানা, মিজোৰাম, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত বিধানসভা নিৰ্বাচন ২০২৩-ৰ ফলাফল ঘোষণা কৰা হ'ব। মিজোৰামৰ ফলাফল ৪ ডিচেম্বৰত ঘোষণা হ’ব৷  আনহাতে আন চাৰিখন ৰাজ্যত ৩ ডিচেম্বৰত ভোটগণনা  আৰু ফলাফল ঘোষণা কৰা  হ'ব। নিৰ্বাচন আৰু ভোট গণনাৰ দিনটো হৈছে বহুতৰে বাবে চাপসৃষ্টিকাৰী দিন৷ 

ৰাজস্থানৰ অশোক গেহলট (বৰ্তমানৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছ), শচীন পাইলট (কংগ্ৰেছ), 
বসুন্ধৰা ৰাজে (প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি); মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান (বৰ্তমানৰ মুখ্যমন্ত্ৰী, বিজেপি), কমল নাথ (প্ৰবীণ কংগ্ৰেছ নেতা); ছত্তিশগড়ৰ ভূপেশ বাঘেল (বৰ্তমানৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছ), ৰমন সিং (প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি); তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও (বৰ্তমানৰ মুখ্যমন্ত্ৰী, ভাৰত ৰাষ্ট্ৰ সমিতি), ৰেৱন্ত ৰেড্ডী (কংগ্ৰেছ, মুখ্যমন্ত্ৰী আসনৰ দাবীদাৰ ); মিজোৰামৰ জোৰামথাংগা (বৰ্তমানৰ মুখ্যমন্ত্ৰী, মিজো নেচনেল ফ্ৰণ্ট) - এইকেইগৰাকী শীৰ্ষ নেতাই এতিয়া নিৰ্বাচনী ফলাফলকলৈ যথেষ্ট উঞকণ্ঠিত বুলি জানিব পৰা গৈছে৷ 

নিৰ্বাচনৰ ফলাফলৰ এদিন আগতে ৰাজনীতিকসকলৰ  মানসিক অৱস্থা কেনে হৈছে? নতুন দিল্লীৰ তুলাচী হেল্থকেয়াৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা মনোৰোগ বিশেষজ্ঞ ডাঃ গৌৰৱ গুপ্তাই বিধানসভা নিৰ্বাচন ২০২৩-ৰ ফলাফলৰ পূৰ্বে  ৰাজনৈতিক নেতাসকলৰ মনোভাৱ বিশ্লেষণ  কৰিবলৈ চেষ্টা কৰিছে। 

৩ আৰু ৪ ডিচেম্বৰত পাঁচখন ৰাজ্যই জানিব যে পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনে ৰাজ্যখন শাসন কৰিব। যদিও বৰ্তমানে থকা  চৰকাৰবোৰেই ক্ষমতা ধৰি ৰাখিব বিচাৰিব, তেওঁলোকৰ প্ৰতিদ্বন্দীসকলেও শাসনৰবাঘজৰীৰ হাতত লোৱাৰ আশা কৰিছে৷ ৰাজনৈতিক নেতাসকলে চাপপূৰ্ণ পৰিস্থিতিবোৰ কেনেদৰে মোকাবিলা  কৰে ? ড০ গুপ্তাই কয় "নিৰ্বাচনৰ ২৪ ঘণ্টা আগতে   এজন ৰাজনীতিকে প্ৰায়ে প্ৰত্যাশা আৰু এক উচ্চ আৱেগিক অৱস্থাৰ অনুভৱ কৰে। তেওঁলোকে  অক্লান্ত প্ৰচাৰৰ যাত্ৰা সমাপ্ত কৰাৰ পিছত ক্লান্ত হৈ পৰে৷ তেওঁলোকৰ মনত পৰাজয়ৰো ভাবনাই ক্ৰিয়া কৰে৷ " এই সময়ছোৱাত এগৰাকী ৰাজনীতিকৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে৷ সেয়ে প্ৰাৰ্থীৰ ক্ষেত্ৰত সকলোৱে সতৰ্ক হোৱা ভাল বুলি ডাঃ গুপ্তাই কয়৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement