--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিচেম্বৰ ৩ আৰু ৪ত  পাঁচখন ৰাজ্যৰ ৰাজনৈতিক দলবোৰৰ আগন্তুক পাঁচ বছৰৰ বাবে ভাগ্য নিৰ্ণয় হ'ব ৷  পাঁচখন ৰাজ্য - ৰাজস্থান, তেলেংগানা, মিজোৰাম, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত বিধানসভা নিৰ্বাচন ২০২৩-ৰ ফলাফল ঘোষণা কৰা হ'ব। মিজোৰামৰ ফলাফল ৪ ডিচেম্বৰত ঘোষণা হ’ব৷  আনহাতে আন চাৰিখন ৰাজ্যত ৩ ডিচেম্বৰত ভোটগণনা  আৰু ফলাফল ঘোষণা কৰা  হ'ব। নিৰ্বাচন আৰু ভোট গণনাৰ দিনটো হৈছে বহুতৰে বাবে চাপসৃষ্টিকাৰী দিন৷ 

ৰাজস্থানৰ অশোক গেহলট (বৰ্তমানৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছ), শচীন পাইলট (কংগ্ৰেছ), 
বসুন্ধৰা ৰাজে (প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি); মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান (বৰ্তমানৰ মুখ্যমন্ত্ৰী, বিজেপি), কমল নাথ (প্ৰবীণ কংগ্ৰেছ নেতা); ছত্তিশগড়ৰ ভূপেশ বাঘেল (বৰ্তমানৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছ), ৰমন সিং (প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি); তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও (বৰ্তমানৰ মুখ্যমন্ত্ৰী, ভাৰত ৰাষ্ট্ৰ সমিতি), ৰেৱন্ত ৰেড্ডী (কংগ্ৰেছ, মুখ্যমন্ত্ৰী আসনৰ দাবীদাৰ ); মিজোৰামৰ জোৰামথাংগা (বৰ্তমানৰ মুখ্যমন্ত্ৰী, মিজো নেচনেল ফ্ৰণ্ট) - এইকেইগৰাকী শীৰ্ষ নেতাই এতিয়া নিৰ্বাচনী ফলাফলকলৈ যথেষ্ট উঞকণ্ঠিত বুলি জানিব পৰা গৈছে৷ 

নিৰ্বাচনৰ ফলাফলৰ এদিন আগতে ৰাজনীতিকসকলৰ  মানসিক অৱস্থা কেনে হৈছে? নতুন দিল্লীৰ তুলাচী হেল্থকেয়াৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা মনোৰোগ বিশেষজ্ঞ ডাঃ গৌৰৱ গুপ্তাই বিধানসভা নিৰ্বাচন ২০২৩-ৰ ফলাফলৰ পূৰ্বে  ৰাজনৈতিক নেতাসকলৰ মনোভাৱ বিশ্লেষণ  কৰিবলৈ চেষ্টা কৰিছে। 

৩ আৰু ৪ ডিচেম্বৰত পাঁচখন ৰাজ্যই জানিব যে পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনে ৰাজ্যখন শাসন কৰিব। যদিও বৰ্তমানে থকা  চৰকাৰবোৰেই ক্ষমতা ধৰি ৰাখিব বিচাৰিব, তেওঁলোকৰ প্ৰতিদ্বন্দীসকলেও শাসনৰবাঘজৰীৰ হাতত লোৱাৰ আশা কৰিছে৷ ৰাজনৈতিক নেতাসকলে চাপপূৰ্ণ পৰিস্থিতিবোৰ কেনেদৰে মোকাবিলা  কৰে ? ড০ গুপ্তাই কয় "নিৰ্বাচনৰ ২৪ ঘণ্টা আগতে   এজন ৰাজনীতিকে প্ৰায়ে প্ৰত্যাশা আৰু এক উচ্চ আৱেগিক অৱস্থাৰ অনুভৱ কৰে। তেওঁলোকে  অক্লান্ত প্ৰচাৰৰ যাত্ৰা সমাপ্ত কৰাৰ পিছত ক্লান্ত হৈ পৰে৷ তেওঁলোকৰ মনত পৰাজয়ৰো ভাবনাই ক্ৰিয়া কৰে৷ " এই সময়ছোৱাত এগৰাকী ৰাজনীতিকৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে৷ সেয়ে প্ৰাৰ্থীৰ ক্ষেত্ৰত সকলোৱে সতৰ্ক হোৱা ভাল বুলি ডাঃ গুপ্তাই কয়৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা