--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত সাধাৰণতে পুৰুষৰ বিৰুদ্ধেই অভিযোগ উত্থাপন হয়৷ কিন্তু মহিলাৰ বিৰুদ্ধেও ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পাৰি নে? বিচাৰকসকলে সাধাৰণতে এনে জটিল গোচৰৰ সন্মুখীন হোৱাৰ পিছত চিন্তা কৰিবলগীয়া হয়। প্ৰশ্ন উত্থাপিত হৈছে এগৰাকী মহিলাক ধৰ্ষণৰ গোচৰত অভিযুক্ত কৰিব পাৰিনে?  ৬২ বছৰীয়া এগৰাকী মহিলাৰ এটা গোচৰৰ প্ৰসংগই এনে প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ উচ্চতম ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ বাবে সন্মত হৈছে। বৃদ্ধাগৰাকীৰ বিুৰুদ্ধে  কিয় ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে?

জানিব পৰা মতে  বৃদ্ধাগৰাকীৰ পুত্ৰৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমেৰিকাত বাস কৰা এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক আছিল। তেওঁলোক দুয়ো 'ভইচ কল'ৰ জৰিয়তে 'বিয়া'তো বহে৷ যদিও যুৱতীগৰাকীয়ে  যুৱকজনক পোনপটীয়াকৈ লগ পোৱা নাছিল,এদিন  যুৱতীগৰাকীয়ে  ভাৰতত থকা  'শহুৰেক'ৰ ঘৰলৈ আহিল। এই বছৰৰ জানুৱাৰী মাহত, বৃদ্ধাগৰাকীৰ সৰু পুত্ৰও বিদেশৰ পৰা দেশলৈ উভতি আহে। তেতিয়াই ঘটনাই এক নাটকীয় ৰূপ লয়।

 মহিলাগৰাকীয়ে দাবী কৰে  যে তেওঁৰ পৰিয়ালৰ কিছু সদস্যই তেওঁৰ ডাঙৰ পুত্ৰ আৰু যুৱতীগৰাকীৰ  সম্পৰ্ক ভাঙিবলৈ তেওঁক হেঁচা দিছিল। যুৱতীগৰাকীয়ে গাওঁ পঞ্চায়তৰ সদস্যসকলৰ উপস্থিতিত বৃদ্ধাগৰাকীৰ বৰপুত্ৰৰ সৈতে বিবাহ ভংগ কৰিবলৈ  সন্মত হৈছিল। লিখিত চুক্তিৰ পিছত  তেওঁক ১১ লাখ টকা পৰিশোধ কৰা হৈছিল। অৱশ্যে, যুৱতীগৰাকীৰ ভাষ্য সম্পূৰ্ণ বেলেগ। তেওঁ কৈছে  যে বৃদ্ধাগৰাকীয়ে   তেওঁক  সৰু পুত্ৰক বিয়া কৰাবলৈ হেঁচা দি আছিল। বৃদ্ধাগৰাকীয়ে আনকিযুৱতীগৰাকীক  সৰু পুত্ৰৰ কোঠালৈ জোৰ প্ৰেৰণ কৰিছিল৷ সৰু পুত্ৰই যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল আৰু অশ্লীল ফটো তুলিছিল।

গোচৰটোত ৬২ বছৰীয়া মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁৰ সৰু পুত্ৰৰ সৈতে মিলি ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা হৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে  ধৰ্ষণৰ অভিযোগ কৰিব পাৰিনে? কেইদিনমান পূৰ্বে  এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছিল যে এগৰাকী মহিলাই ধৰ্ষণ কৰিব নোৱাৰে। অৱশ্যে, তেওঁক ধৰ্ষণত সহায় আৰু উদগনি যোগোৱাৰ  বাবে দোষী সাব্যস্ত কৰিব পাৰি। তেনে ক্ষেত্ৰত তেওঁ উপযুক্ত শাস্তিৰ যোগ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক