--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কাইলৈ পুনৰ বিবাহপাশত আবদ্ধ হব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান৷ আম আদমী পাৰ্টিৰ পঞ্জাব গোটৰ মুখ্য মুখপাত্ৰই কয়, মান চাহেবে কুৰুক্ষেত্ৰৰ পেহোৱাৰ অন্তৰ্ভুক্ত ড° গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হব।

ভগৱন্ত মানৰ এই বিবাহ অনুষ্ঠানত উপস্থিত থাকিব আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পৰিয়াল৷ ২০১৫ চনত তেওঁৰ প্ৰথম পত্নী ইন্দ্ৰপ্ৰীত কৌৰৰ পৰা পৃথক হোৱাৰ পিছত এয়া মানৰ দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথমা পত্নীৰ পৰা কন্যা সীৰত কৌৰ মান (২১) আৰু পুত্ৰ দিলশান মান (১৭) নামৰ দুটা সন্তান আছে। তেওঁলোকে এই বছৰৰ মাৰ্চ মাহত মানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ পৰা আহিছিল।

কেবিনেট মন্ত্ৰী হৰজ্যোট সিং বেইন্সে টুইটাৰযোগে মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছে। টুইটযোগে তেওঁ লিখিছে, মোৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানজীক আগন্তুক বিবাহিত জীৱনৰ শুভেচ্ছা জনাইছোঁ। মই তেওঁলোক দুয়োৰে জীৱনজোৰা মৰম, সন্মান আৰু সহযোগিতা কামনা কৰিছোঁ৷ 

পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী অমৰিন্দৰ সিং ৰাজা ৱাৰিঙেও টুইট কৰি কয়, মুখ্যমন্ত্ৰী ভগৱন্ত মানজীক মোৰ আন্তৰিক অভিনন্দন, যিহেতু তেওঁ কাইলৈ তেওঁৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছে। আগন্তুক সুখী আৰু আনন্দময় বিবাহিত জীৱনৰ বাবে শুভকামনা।

৪৮ বছৰীয়া মানে ডাঃ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হব বুলি জানিব পৰা গৈছে৷ বিয়াখনত কেৱল পৰিয়াল আৰু নিকট আত্মীয় উপস্থিত থাকিব।

মুখ্যমন্ত্ৰীৰ পত্নী হবলৈ আগবঢ়া কোন এইগৰাকী গুৰপ্ৰীত কৌৰ?

গুৰপ্ৰীত কৌৰৰ বয়স ৩২ বছৰ। কৌৰৰ পৰিয়াল কুৰুক্ষেত্ৰৰ পেহৱা এলেকা বাসিন্দা৷ তেওঁৰ পিতৃ ইন্দ্ৰজিৎ সিং এজন কৃষক, মাতৃ মাতা ৰাজ কৌৰ এগৰাকী গৃহিণী৷ তেওঁৰ দুগৰাকী ভগ্নী আছে, যি বিদেশত থাকে। মানৰ ঘনিষ্ঠ সূত্ৰই কৈছিল যে তেওঁলোকৰ পৰিয়াল দুটা বহুবছৰ ধৰি জড়িত হৈ আছে।

তেওঁৰ খুৰাক গুৰিন্দৰ জিতে কয় যে গুৰপ্ৰীত সদায় পঢ়া-শুনাত ভাল আছিল। তেওঁ মুল্লানা চিকিৎসা মহাবিদ্যালয়ত পঢ়িছিল, ত তেওঁ স্বৰ্ণপদক লাভ কৰিছিল৷ সূত্ৰসমূহে কয় যে, কৌৰে পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ভগৱন্ত মানক সহায়ো কৰিছিল গুৰপ্ৰীত কৌৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন