--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কাইলৈ পুনৰ বিবাহপাশত আবদ্ধ হব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান৷ আম আদমী পাৰ্টিৰ পঞ্জাব গোটৰ মুখ্য মুখপাত্ৰই কয়, মান চাহেবে কুৰুক্ষেত্ৰৰ পেহোৱাৰ অন্তৰ্ভুক্ত ড° গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হব।

ভগৱন্ত মানৰ এই বিবাহ অনুষ্ঠানত উপস্থিত থাকিব আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পৰিয়াল৷ ২০১৫ চনত তেওঁৰ প্ৰথম পত্নী ইন্দ্ৰপ্ৰীত কৌৰৰ পৰা পৃথক হোৱাৰ পিছত এয়া মানৰ দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথমা পত্নীৰ পৰা কন্যা সীৰত কৌৰ মান (২১) আৰু পুত্ৰ দিলশান মান (১৭) নামৰ দুটা সন্তান আছে। তেওঁলোকে এই বছৰৰ মাৰ্চ মাহত মানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ পৰা আহিছিল।

কেবিনেট মন্ত্ৰী হৰজ্যোট সিং বেইন্সে টুইটাৰযোগে মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছে। টুইটযোগে তেওঁ লিখিছে, মোৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানজীক আগন্তুক বিবাহিত জীৱনৰ শুভেচ্ছা জনাইছোঁ। মই তেওঁলোক দুয়োৰে জীৱনজোৰা মৰম, সন্মান আৰু সহযোগিতা কামনা কৰিছোঁ৷ 

পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী অমৰিন্দৰ সিং ৰাজা ৱাৰিঙেও টুইট কৰি কয়, মুখ্যমন্ত্ৰী ভগৱন্ত মানজীক মোৰ আন্তৰিক অভিনন্দন, যিহেতু তেওঁ কাইলৈ তেওঁৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছে। আগন্তুক সুখী আৰু আনন্দময় বিবাহিত জীৱনৰ বাবে শুভকামনা।

৪৮ বছৰীয়া মানে ডাঃ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হব বুলি জানিব পৰা গৈছে৷ বিয়াখনত কেৱল পৰিয়াল আৰু নিকট আত্মীয় উপস্থিত থাকিব।

মুখ্যমন্ত্ৰীৰ পত্নী হবলৈ আগবঢ়া কোন এইগৰাকী গুৰপ্ৰীত কৌৰ?

গুৰপ্ৰীত কৌৰৰ বয়স ৩২ বছৰ। কৌৰৰ পৰিয়াল কুৰুক্ষেত্ৰৰ পেহৱা এলেকা বাসিন্দা৷ তেওঁৰ পিতৃ ইন্দ্ৰজিৎ সিং এজন কৃষক, মাতৃ মাতা ৰাজ কৌৰ এগৰাকী গৃহিণী৷ তেওঁৰ দুগৰাকী ভগ্নী আছে, যি বিদেশত থাকে। মানৰ ঘনিষ্ঠ সূত্ৰই কৈছিল যে তেওঁলোকৰ পৰিয়াল দুটা বহুবছৰ ধৰি জড়িত হৈ আছে।

তেওঁৰ খুৰাক গুৰিন্দৰ জিতে কয় যে গুৰপ্ৰীত সদায় পঢ়া-শুনাত ভাল আছিল। তেওঁ মুল্লানা চিকিৎসা মহাবিদ্যালয়ত পঢ়িছিল, ত তেওঁ স্বৰ্ণপদক লাভ কৰিছিল৷ সূত্ৰসমূহে কয় যে, কৌৰে পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ভগৱন্ত মানক সহায়ো কৰিছিল গুৰপ্ৰীত কৌৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ