--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত তীব্ৰ উত্তেজনামূলক খেল চলি আছে। বাংগালুৰুৰ বলাৰসকলে আৰম্ভণিতে দূৰ্দান্ত বলিং কৰিছিল। ডেভিদ উইলীয়ে প্ৰথমে ভেংকটেশ আয়াৰক আৰু তাৰ পিছত একেবাৰে পৰৱৰ্তী বলত মনদ্বীপ সিঙক আউট কৰে। লেগ স্পিনাৰ কৰণ শৰ্মাইও  ৰহমানুল্লাহ গুৰবাজ আৰু তাৰ পিছত ডেঞ্জাৰমেন আন্দ্ৰে ৰাছেলক আউট কৰে।

আৰ চি বিৰ অনুৰাগীসকল উৎফিল্লিত হৈ পৰিল। ৰাছেলৰ পাছতে ৰিংকু সিঙৰ সৈতে ক্ৰীজলৈ আহিছিল সোঁহতীয়া মিডিয়াম পেচাৰ লৰ্ড শ্বাৰদুল ঠাকুৰ। যোৱা ছিজনলৈকে দিল্লী কেপিটেলছৰ অংশ হিচাপে আছিল শ্বাৰদুল। আহিয়ে আৰম্ভ কৰে দূৰ্দান্ত বেটিং।

আই পি এল কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে শ্বাৰদুলে। ২০টা বলতে অৰ্ধশতক অৰ্জন কৰে তেওঁ। ২০২৩ চনৰ আই পি এলত এতিয়ালৈকে ইয়াতকৈ বেছি বেগেৰে অৰ্ধশতক অর্জন কৰা নাই কোনেও৷ আনহাতে, আইপিএলৰ ইতিহাসত ইয়াৰ পূৰ্বে জোছ বাটলাৰে ২০টা বলত ৫০ ৰান সংগ্ৰহ কৰিছিল।

তদুপৰি সাত নম্বৰ বা তাৰ তলত বেটিং কৰি কলকাতাৰ হৈ মাত্ৰ তিনিজন বেটছমেনেহে পঞ্চাশ ৰান কৰে। তেওঁলোক হৈছে- ৰাছেল, পেট কামিন্স আৰু ৱ্ৰিদ্ধিমান সাহা। এতিয়া এই তালিকাত যোগ হৈছে শাৰদুলৰ নাম।

শ্বাৰদুলে সংগ্ৰহ কৰে মুঠ ৬৮ ৰাণ। তেওঁৰ এই ইনিংছটোৰ সহায়তে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথম ইনিংছত ৭ টা উইকেট হেৰুৱাই ২০৪ ৰাণৰ সন্তোষজনক স্ক’ৰ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে