--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ জন্মাষ্টমী। হিন্দু ধৰ্মত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বিশেষ তাৎপৰ্য্য আছে।  শাস্ত্ৰত উল্লেখ আছে যে ভাদ্ৰপদৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ সৈতে ৰোহিনী নক্ষত্ৰত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, গতিকে প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম দিৱস পালন কৰা হয়।

 কৃষ্ণ জন্মাষ্টমীৰ দিনা ভক্তসকলে ব্ৰত ৰাখে আৰু গোটেই দিনটো শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰে।  আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয়।  দেশৰ প্ৰতিটো মন্দিৰ বিশেষভাৱে সজাই তোলা হৈছে।  শ্ৰীকৃষ্ণৱতাৰ উপলক্ষে সকলোতে ঝাকী সজোৱা হয়।  ঘৰতো ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয়।

 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটো অতি শুভ আৰু এই দিনটোত ভক্তসকলৰ সকলো কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।  অৱশ্যে এই দিনটোত কিছুমান কাম ভুলতো কৰিব নালাগে।

জানো আহক  কি কি কৰিব নালাগে-

১)জন্মাষ্টমীৰ দিনা ভুলতো তুলসী পাত চিঙিব নালাগে।  ভগৱান শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়।  বিশ্বাস অনুসৰি তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়।  সেয়ে আজিৰ দিনটোত তুলসী পাত চিঙিলে শুভ বুলি গণ্য কৰা নহয়।

 ২) জন্মাষ্টমীৰ দিনা নহৰু, পিয়াঁজ বা আন কোনো আমিষ খাদ্য খাব নালাগে।  এই দিনটোত সুৰা সেৱনো কৰিব নালাগে।

 ৩) কৃষ্ণ জন্মাষ্টমীৰ দিনা ভুলতো  কাকো অসন্মান নকৰিব।  ধনী বা দৰিদ্ৰ সকলো ভক্ত ভগৱান শ্ৰীকৃষ্ণৰ বাবে একেই।  যিকোনো দুখীয়াক অপমান কৰিলে শ্ৰীকৃষ্ণ অসন্তুষ্ট হ’ব পাৰে।

৪)যিসকলে জন্মাষ্টমীৰ ব্ৰত পালন নকৰে, তেওঁলোকেও এই দিনটোত ভাত নাখাব।  একাদশী আৰু জন্মাষ্টমীৰ দিনা ভাত খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।

 ৫) জন্মাষ্টমীৰ দিনা ব্ৰহ্মচৰ্য পালন কৰাটো বাধ্যতামূলক। এই দিনটোত পূৰ্ণ নিৰ্মল হৃদয় আৰু দেহেৰে ঈশ্বৰৰ আৰাধনা কৰা উচিত।

 ৬) কৃষ্ণ জন্মাষ্টমীৰ দিনা গছ কটাও অশুভ বুলি গণ্য কৰা হয়।  শ্ৰীকৃষ্ণ সকলোতে বাস কৰে আৰু সকলো তেওঁৰ মাজত বাস কৰে।  বৰং সম্ভৱ হ’লে আজিৰ দিনটোত অধিক সংখ্যক গছপুলি ৰোপণ কৰা উচিত।  ইয়াৰ ফলত ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তি থাকে।
 
৭)জন্মাষ্টমীৰ দিনা গৰুক অপমান কৰিব নালাগে।  গৰুৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ বৰ প্ৰেম আছিল।  সৰুতে কানাইয়ে গৰুৰ লগত খেলিছিল।  বিশ্বাস কৰা হয় যে যিয়েই গৰু পূজা কৰে তেওঁ শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পায়।

 ৮) যিসকলে এই দিনটোত ব্ৰত ৰাখে তেওঁলোকে ৰাতি বাৰ বজাৰ আগতে ব্ৰত ভংগ নকৰিব।  তাৰ আগত ব্ৰত ভাঙিলে পূজাৰ ফল নাপায় আৰু ব্ৰতো অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী