--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ জন্মাষ্টমী। হিন্দু ধৰ্মত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বিশেষ তাৎপৰ্য্য আছে।  শাস্ত্ৰত উল্লেখ আছে যে ভাদ্ৰপদৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ সৈতে ৰোহিনী নক্ষত্ৰত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, গতিকে প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম দিৱস পালন কৰা হয়।

 কৃষ্ণ জন্মাষ্টমীৰ দিনা ভক্তসকলে ব্ৰত ৰাখে আৰু গোটেই দিনটো শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰে।  আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয়।  দেশৰ প্ৰতিটো মন্দিৰ বিশেষভাৱে সজাই তোলা হৈছে।  শ্ৰীকৃষ্ণৱতাৰ উপলক্ষে সকলোতে ঝাকী সজোৱা হয়।  ঘৰতো ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয়।

 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটো অতি শুভ আৰু এই দিনটোত ভক্তসকলৰ সকলো কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।  অৱশ্যে এই দিনটোত কিছুমান কাম ভুলতো কৰিব নালাগে।

জানো আহক  কি কি কৰিব নালাগে-

১)জন্মাষ্টমীৰ দিনা ভুলতো তুলসী পাত চিঙিব নালাগে।  ভগৱান শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়।  বিশ্বাস অনুসৰি তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়।  সেয়ে আজিৰ দিনটোত তুলসী পাত চিঙিলে শুভ বুলি গণ্য কৰা নহয়।

 ২) জন্মাষ্টমীৰ দিনা নহৰু, পিয়াঁজ বা আন কোনো আমিষ খাদ্য খাব নালাগে।  এই দিনটোত সুৰা সেৱনো কৰিব নালাগে।

 ৩) কৃষ্ণ জন্মাষ্টমীৰ দিনা ভুলতো  কাকো অসন্মান নকৰিব।  ধনী বা দৰিদ্ৰ সকলো ভক্ত ভগৱান শ্ৰীকৃষ্ণৰ বাবে একেই।  যিকোনো দুখীয়াক অপমান কৰিলে শ্ৰীকৃষ্ণ অসন্তুষ্ট হ’ব পাৰে।

৪)যিসকলে জন্মাষ্টমীৰ ব্ৰত পালন নকৰে, তেওঁলোকেও এই দিনটোত ভাত নাখাব।  একাদশী আৰু জন্মাষ্টমীৰ দিনা ভাত খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।

 ৫) জন্মাষ্টমীৰ দিনা ব্ৰহ্মচৰ্য পালন কৰাটো বাধ্যতামূলক। এই দিনটোত পূৰ্ণ নিৰ্মল হৃদয় আৰু দেহেৰে ঈশ্বৰৰ আৰাধনা কৰা উচিত।

 ৬) কৃষ্ণ জন্মাষ্টমীৰ দিনা গছ কটাও অশুভ বুলি গণ্য কৰা হয়।  শ্ৰীকৃষ্ণ সকলোতে বাস কৰে আৰু সকলো তেওঁৰ মাজত বাস কৰে।  বৰং সম্ভৱ হ’লে আজিৰ দিনটোত অধিক সংখ্যক গছপুলি ৰোপণ কৰা উচিত।  ইয়াৰ ফলত ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তি থাকে।
 
৭)জন্মাষ্টমীৰ দিনা গৰুক অপমান কৰিব নালাগে।  গৰুৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ বৰ প্ৰেম আছিল।  সৰুতে কানাইয়ে গৰুৰ লগত খেলিছিল।  বিশ্বাস কৰা হয় যে যিয়েই গৰু পূজা কৰে তেওঁ শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পায়।

 ৮) যিসকলে এই দিনটোত ব্ৰত ৰাখে তেওঁলোকে ৰাতি বাৰ বজাৰ আগতে ব্ৰত ভংগ নকৰিব।  তাৰ আগত ব্ৰত ভাঙিলে পূজাৰ ফল নাপায় আৰু ব্ৰতো অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু