--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ গণতন্ত্ৰৰ প্ৰতি আস্থাশীল প্ৰতিগৰাকী নাগৰিকৰ মনত আশাৰ চাকি হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ যিসময়ত দেশত গণতন্ত্ৰ তথা সংবিধান সংকটাপন্ন হোৱা বুলি উত্থাপন হৈ অভিযোগৰ গাঢ়তা দিনে-দিনে বৃদ্ধি পাইছে, সেইসময়ত উচ্চতম ন্যায়ালয়ৰ স্থিতি আৰু ভূমিকাই ৰূপান্তৰকামী জনতাৰ মুখলৈ পানী ঘূৰাই আনিছে৷

উচ্চতম ন্যায়ালয়ে সোমবাৰে নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ডৰ বিৱৰণ দাখিল কৰিবলৈ অধিক সময় বিচাৰি ভাৰতীয় ষ্টেট বেংকৰ আবেদন নাকচ কৰে আৰু দেশৰ সৰ্ববৃহৎ বেংকক ১২ মাৰ্চ মঙলবাৰে ব্যৱসায়িক সময়ৰ ভিতৰত সমস্ত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী পেনেলক ১৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত তথ্যবোৰ উপলব্ধি কৰাবলৈ নিৰ্দেশ দিছে৷

আদালতে এছবিআইৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকক সতৰ্ক কৰি দিছে যে যদি সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশ সময়সীমাৰ ভিতৰত পালন কৰা নহয় তেন্তে তেওঁলোক আদালত অৱমাননাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব। ১৫ ফেব্ৰুৱাৰীত প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ ৰায়ত, পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰে যিয়ে বেনামী ৰাজনৈতিক পুঁজিৰ অনুমতি দিয়ে আৰু ইয়াক ‘অসাংবিধানিক’ বুলি অভিহিত কৰে।

উচ্চতম ন্যায়ালয়ে এছ.বি.আই.ক দাতাসকলৰ বিষয়ে বিৱৰণ, আৰু ধনৰ পৰিমাণৰ তথ্য ১৩ মাৰ্চৰ ভিতৰত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। এছবিআই-এ যোৱা সপ্তাহত আদালতক বণ্ডৰ বিৱৰণ প্ৰকাশৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছিল।

আজি চিজেআইৰ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ২৬ দিনত, আপোনালোকে কি পদক্ষেপ লৈছে বুলিও প্ৰশ্ন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ