--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ গণতন্ত্ৰৰ প্ৰতি আস্থাশীল প্ৰতিগৰাকী নাগৰিকৰ মনত আশাৰ চাকি হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ যিসময়ত দেশত গণতন্ত্ৰ তথা সংবিধান সংকটাপন্ন হোৱা বুলি উত্থাপন হৈ অভিযোগৰ গাঢ়তা দিনে-দিনে বৃদ্ধি পাইছে, সেইসময়ত উচ্চতম ন্যায়ালয়ৰ স্থিতি আৰু ভূমিকাই ৰূপান্তৰকামী জনতাৰ মুখলৈ পানী ঘূৰাই আনিছে৷

উচ্চতম ন্যায়ালয়ে সোমবাৰে নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ডৰ বিৱৰণ দাখিল কৰিবলৈ অধিক সময় বিচাৰি ভাৰতীয় ষ্টেট বেংকৰ আবেদন নাকচ কৰে আৰু দেশৰ সৰ্ববৃহৎ বেংকক ১২ মাৰ্চ মঙলবাৰে ব্যৱসায়িক সময়ৰ ভিতৰত সমস্ত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী পেনেলক ১৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত তথ্যবোৰ উপলব্ধি কৰাবলৈ নিৰ্দেশ দিছে৷

আদালতে এছবিআইৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকক সতৰ্ক কৰি দিছে যে যদি সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশ সময়সীমাৰ ভিতৰত পালন কৰা নহয় তেন্তে তেওঁলোক আদালত অৱমাননাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব। ১৫ ফেব্ৰুৱাৰীত প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ ৰায়ত, পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰে যিয়ে বেনামী ৰাজনৈতিক পুঁজিৰ অনুমতি দিয়ে আৰু ইয়াক ‘অসাংবিধানিক’ বুলি অভিহিত কৰে।

উচ্চতম ন্যায়ালয়ে এছ.বি.আই.ক দাতাসকলৰ বিষয়ে বিৱৰণ, আৰু ধনৰ পৰিমাণৰ তথ্য ১৩ মাৰ্চৰ ভিতৰত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। এছবিআই-এ যোৱা সপ্তাহত আদালতক বণ্ডৰ বিৱৰণ প্ৰকাশৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছিল।

আজি চিজেআইৰ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ২৬ দিনত, আপোনালোকে কি পদক্ষেপ লৈছে বুলিও প্ৰশ্ন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু