--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশতে পৰীক্ষা চলি আছে, ছাত্ৰ-ছাত্ৰীসকলে ব’ৰ্ড পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি পঢ়া-শুনা কৰিছে যাতে তেওঁলোকে ভাল নম্বৰেৰে উত্তীৰ্ণ হ’ব পাৰে। পৰীক্ষাৰ আগে আগে দিনে-নিশাই একাংশ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰাৰ বিপৰীতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়া-শুনা নকৰি এনে কিছুমান কথা উত্তৰ বহীত লিখে যিবোৰ পঢ়ি শিক্ষক-শিক্ষয়িত্ৰীসকল হায়ৰাণ হৈ উঠে। এনেকুৱা ঘটনা কিছুমান ছ’চিয়েল মিডিয়াত ভাইৰেলো হৈ পৰে। 

এতিয়া এনে এখন উত্তৰবহী ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, যি দেখি সকলো হতবাক হৈ পৰিছে।

এগৰাকী ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ কৰাই দিবলৈ শিক্ষকক অনুৰোধ জনাইছে।

ছাত্ৰীগৰাকীয়ে উত্তৰবহীত বৰ আৱেগিক বাৰ্তা এটা লিখিছে। ছাত্ৰীগৰাকীয়ে লিখিছে, "মই বৰ দুখীয়া পৰিয়ালৰ ছোৱালী। মোৰ দেউতা খেতিয়ক আৰু তেওঁ পঢ়াৰ বোজা সহ্য কৰিব নোৱাৰে। দেউতাই কৈছে যে মোৰ নম্বৰ ৩১৮তকৈ কম হ'লে মোক বিয়া দি দিব। মোৰ বিয়া হ’বৰ একেবাৰে মন নাই। ছাৰ প্লীজ, মোক পাছ কৰাই দিয়ক।"

কিছুদিন পূৰ্বে বিহাৰৰ ব’ৰ্ড পৰীক্ষাৰ আৰু এখন উত্তৰবহী ভাইৰেল হৈছিল। ছাত্ৰ এগৰাকীয়ে লিখিছিল "এই কথা কোৱাটো মোৰ বাবে বৰ জৰুৰী, মই জানো যে মই কোৱা কথাখিনি আপোনালোকে বিশ্বাস নকৰিব। ছাৰ, মোৰ দেউতাৰ মৃত্যু হৈছে, দহ দিন হৈছে আৰু মই একো অধ্যয়ন কৰা নাই আৰু লগতে মোৰ স্বাস্থ্যও ভাল নহয়, তথাপিও মই পৰীক্ষা দিবলৈ আহিছোঁ। প্লীজ ছাৰ মোক নম্বৰ দিব, ছাৰ মোৰ অৱস্থা বহুত বেয়া, আশাকৰোঁ আপুনি বুজিব ছাৰ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ