--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশতে পৰীক্ষা চলি আছে, ছাত্ৰ-ছাত্ৰীসকলে ব’ৰ্ড পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি পঢ়া-শুনা কৰিছে যাতে তেওঁলোকে ভাল নম্বৰেৰে উত্তীৰ্ণ হ’ব পাৰে। পৰীক্ষাৰ আগে আগে দিনে-নিশাই একাংশ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰাৰ বিপৰীতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়া-শুনা নকৰি এনে কিছুমান কথা উত্তৰ বহীত লিখে যিবোৰ পঢ়ি শিক্ষক-শিক্ষয়িত্ৰীসকল হায়ৰাণ হৈ উঠে। এনেকুৱা ঘটনা কিছুমান ছ’চিয়েল মিডিয়াত ভাইৰেলো হৈ পৰে। 

এতিয়া এনে এখন উত্তৰবহী ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, যি দেখি সকলো হতবাক হৈ পৰিছে।

এগৰাকী ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ কৰাই দিবলৈ শিক্ষকক অনুৰোধ জনাইছে।

ছাত্ৰীগৰাকীয়ে উত্তৰবহীত বৰ আৱেগিক বাৰ্তা এটা লিখিছে। ছাত্ৰীগৰাকীয়ে লিখিছে, "মই বৰ দুখীয়া পৰিয়ালৰ ছোৱালী। মোৰ দেউতা খেতিয়ক আৰু তেওঁ পঢ়াৰ বোজা সহ্য কৰিব নোৱাৰে। দেউতাই কৈছে যে মোৰ নম্বৰ ৩১৮তকৈ কম হ'লে মোক বিয়া দি দিব। মোৰ বিয়া হ’বৰ একেবাৰে মন নাই। ছাৰ প্লীজ, মোক পাছ কৰাই দিয়ক।"

কিছুদিন পূৰ্বে বিহাৰৰ ব’ৰ্ড পৰীক্ষাৰ আৰু এখন উত্তৰবহী ভাইৰেল হৈছিল। ছাত্ৰ এগৰাকীয়ে লিখিছিল "এই কথা কোৱাটো মোৰ বাবে বৰ জৰুৰী, মই জানো যে মই কোৱা কথাখিনি আপোনালোকে বিশ্বাস নকৰিব। ছাৰ, মোৰ দেউতাৰ মৃত্যু হৈছে, দহ দিন হৈছে আৰু মই একো অধ্যয়ন কৰা নাই আৰু লগতে মোৰ স্বাস্থ্যও ভাল নহয়, তথাপিও মই পৰীক্ষা দিবলৈ আহিছোঁ। প্লীজ ছাৰ মোক নম্বৰ দিব, ছাৰ মোৰ অৱস্থা বহুত বেয়া, আশাকৰোঁ আপুনি বুজিব ছাৰ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে