--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত মাইলৰ খুঁটি পাৰ কৰিলে নাথান লায়নে। শ্বেন ৱাৰ্ণৰ কৃতিত্ব স্পৰ্শ কৰে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পিনাৰৰ কাষতে উপবিষ্ট হয় অষ্ট্ৰেলিয়ান অফ স্পিনাৰগৰাকী।

টেষ্ট ক্ৰিকেটত ৫০০ উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰে লায়নে৷ বিশ্বৰ চতুৰ্থ স্পিনাৰ হিচাপে এই কৃতিত্বৰপ গৰাকী হয়। পাকিস্তানৰ প্ৰথম ইনিংছৰ পিছত লায়ন্সৰ টেষ্ট উইকেটৰ সংখ্যা আছিল ৪৯৯ ৰান। দেওবাৰে ফাহিম আশ্ৰাফক আউট কৰি ৫০০ টেষ্ট উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱা তৃতীয়জন অষ্ট্ৰেলিয়ান বলাৰ হিচাপে পৰিগণিত হয়। পিছত অভিজ্ঞ অফ স্পিনাৰগৰাকীয়ে আমেৰ জামালক আউট কৰে। য

প্ৰথমখন টেষ্টৰ পিছত লায়ন্সৰ টেষ্টত উইকেটৰ সংখ্যা হৈছে ৫০১টা। ৱাৰ্ণৰ বাহিৰেও অষ্ট্ৰেলিয়াৰ বলাৰৰ ভিতৰত গ্লেন মেকগ্ৰাথৰ ৫০০টা টেষ্ট উইকেট আছে।

লায়নে এই মাইলৰ খুঁটিত উপনীত হয় বিশ্বৰ চতুৰ্থ স্পিনাৰ হিচাপে। শ্ৰীলংকাৰ প্ৰাক্তন স্পিনাৰ মুটিয়া মুৰলীথাৰণ আৰু ভাৰতৰ অনিল কুম্বলে এই কৃতিত্বৰ অংশীদাৰ হিচাপে হয়। লায়ন্সৰ সৈতে টেষ্টত বিশ্বৰ মুঠ ৮ গৰাকী বলাৰে ৫০০ টা উইকেট দখল কৰিছে।

লায়নে নিজৰ ১২৩ সংখ্যক টেষ্টত এই মাইলৰ খুঁটি স্পৰ্শ কৰে। ক্ষীপ্ৰ গতিত উইকেট লাভৰ ক্ষেত্ৰত তেওঁ বিশ্বৰ ভিতৰতে পঞ্চম। মুৰুলীধৰণৰ হাতত আছে ক্ষীপ্ৰ গতিৰে ইমানসংখ্যক উইকেট লাভৰ বিশ্ব অভিলেখ। ৮৭ সংখ্যক টেষ্টত তেওঁ ৫০০ উইকেট সম্পূৰ্ণ কৰে। দ্বিতীয় স্থানত থকা কুম্বলে নিজৰ ১০৫ সংখ্যক টেষ্টত এই মাইলৰ খুঁটিত উপনীত হয়। অষ্ট্ৰেলিয়াৰ ৱাৰ্ণ আৰু মেকগ্ৰাথ দুয়োজনে ১০৮ সংখ্যক টেষ্টত ৫০০ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে।

ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক ১২১ টা টেষ্ট উইকেট দখল কৰিছে লায়ন্সে। ইয়াৰ পিছত  ইংলেণ্ডৰ বিৰুদ্ধে ১১০টা উইকেট দখল কৰে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু