--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাত গয়ী বাত গয়ী! কিছু দিনৰ পূৰ্বে কাজিয়াত লিপ্ত হোৱাৰ পাছতে এতিয়া সকলো শত্ৰুতা পাহৰি ইজনে সিজনক সাৱটি ধৰিলে। তেওঁলোক হৈছে ৰাখী সবন্ত আৰু চাৰ্লিন চোপ্ৰা।

ইমান দিনে ইজনে সিজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ কেমেৰাৰ সন্মুখত দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। সাৱটি ধৰাই নহয়, ৰাখীয়ে এইদৰেও কৈ উঠিল- "চাৰ্লিন মোৰ ভনীৰ দৰেই!"

স্বামী আদিল দুৰানীৰ সৈতে বৈবাহিক বিসংগতিৰ গোচৰত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাখী সবন্ত। ৰাখীয়ে আদিলৰ বিৰুদ্ধে প্ৰতাৰণা, ঘৰুৱা হিংসাকে ধৰি একাধিক অভিযোগত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত ৭ ফেব্ৰুৱাৰীত অছিয়াৰা থানাই আদিলক গ্ৰেপ্তাৰ কৰিছিল।

কিছুদিন পিছতে আদিলৰ সমৰ্থনত সংবাদ মাধ্যমৰ সন্মুখত মুখ মেলিছিল বলীউডৰ অভিনেত্ৰী চাৰ্লিন চোপ্ৰাই। তেওঁ কৈছিল- "আদিল এজন অতি বুদ্ধিমান ল'ৰা, কোনেনো জানিছিল তেওঁ কেনেকৈ এনেকুৱা ছোৱালীৰ জালত পৰিল!"

কেইসপ্তাহমানৰ ভিতৰতে এই মন্তব্য সলনি হ'ল। বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে চাৰ্লিনে। তেওঁ ক'লে, "মই ৰাখীক লগ পাই তাইক ক'লো, 'আপুনি আপোনাৰ ৰাজকুমাৰক বিচাৰি পাইছে, গতিকে এতিয়া কিয় অশান্তি কৰিছে'? তাৰ পিছত ৰাখীৰ পৰা জানিব পাৰিলোঁ, বিয়াৰ আগতে আৰু পিছত আদিলে বহুতো নাৰীৰ জীৱন ধ্বংস কৰিছে।''

চাৰ্লিনৰ এই কথাখিনিৰ পাছতে ৰাখীয়ে তেওঁক সাৱটি ধৰে। ক'লে- "চাৰ্লিন মোৰ পুৰণি বন্ধু। কেতিয়াবা আমাৰ মাজত সমস্যা হৈছিল, কিন্তু এতিয়া আমি পাহৰি গৈছো।''

বলীউডত চলি থকা ‘মিটু’ আন্দোলনৰ সময়ত চাৰ্লিনে ছাজিদ খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সাজিদ খান প্ৰভাৱশালী হোৱাৰ বাবে মুম্বাই আৰক্ষীৰ পৰা কোনো সহায় পোৱা নাই বুলি অভিনেত্ৰীগৰাকীয়ে দাবী কৰে। সেই সময়ত ৰাখী সাবন্তই ছাজিদৰ বিৰুদ্ধে চাৰ্লিনৰ অভিযোগৰ বিষয়ে মুকলিকৈ কৈছিল।

"ছাজিদ খানৰ বিৰুদ্ধে কোনেও সাক্ষ্য দিয়া নাই, আৰক্ষীয়ে কিয়  ব্যৱস্থা ল'ব? মুম্বাই আৰক্ষীয়ে জানে যে কোনো গোচৰটোৰ দম নাই।''- চাৰ্লিনক ঠাট্টা কৰি ৰাখীয়ে এইদৰে মন্তব্য কৰিছিল।

ৰাখীৰ এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰৰ নৱেম্বৰ মাহত চাৰ্লিনে থানাত এফআইআৰ দাখিল কৰিছিল। সেই এফআইআৰৰ ভিত্তিত ৰাখীক জানুৱাৰী মাহত গ্ৰেপ্তাৰো কৰা হৈছিল।
কিন্তু এতিয়া সেই সংঘাত অতীত। কাজিয়া পাহৰি এতিয়া ৰাখী আৰু চাৰ্লিন ভগ্নীৰ দৰে আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক