--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাত গয়ী বাত গয়ী! কিছু দিনৰ পূৰ্বে কাজিয়াত লিপ্ত হোৱাৰ পাছতে এতিয়া সকলো শত্ৰুতা পাহৰি ইজনে সিজনক সাৱটি ধৰিলে। তেওঁলোক হৈছে ৰাখী সবন্ত আৰু চাৰ্লিন চোপ্ৰা।

ইমান দিনে ইজনে সিজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ কেমেৰাৰ সন্মুখত দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। সাৱটি ধৰাই নহয়, ৰাখীয়ে এইদৰেও কৈ উঠিল- "চাৰ্লিন মোৰ ভনীৰ দৰেই!"

স্বামী আদিল দুৰানীৰ সৈতে বৈবাহিক বিসংগতিৰ গোচৰত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাখী সবন্ত। ৰাখীয়ে আদিলৰ বিৰুদ্ধে প্ৰতাৰণা, ঘৰুৱা হিংসাকে ধৰি একাধিক অভিযোগত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত ৭ ফেব্ৰুৱাৰীত অছিয়াৰা থানাই আদিলক গ্ৰেপ্তাৰ কৰিছিল।

কিছুদিন পিছতে আদিলৰ সমৰ্থনত সংবাদ মাধ্যমৰ সন্মুখত মুখ মেলিছিল বলীউডৰ অভিনেত্ৰী চাৰ্লিন চোপ্ৰাই। তেওঁ কৈছিল- "আদিল এজন অতি বুদ্ধিমান ল'ৰা, কোনেনো জানিছিল তেওঁ কেনেকৈ এনেকুৱা ছোৱালীৰ জালত পৰিল!"

কেইসপ্তাহমানৰ ভিতৰতে এই মন্তব্য সলনি হ'ল। বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে চাৰ্লিনে। তেওঁ ক'লে, "মই ৰাখীক লগ পাই তাইক ক'লো, 'আপুনি আপোনাৰ ৰাজকুমাৰক বিচাৰি পাইছে, গতিকে এতিয়া কিয় অশান্তি কৰিছে'? তাৰ পিছত ৰাখীৰ পৰা জানিব পাৰিলোঁ, বিয়াৰ আগতে আৰু পিছত আদিলে বহুতো নাৰীৰ জীৱন ধ্বংস কৰিছে।''

চাৰ্লিনৰ এই কথাখিনিৰ পাছতে ৰাখীয়ে তেওঁক সাৱটি ধৰে। ক'লে- "চাৰ্লিন মোৰ পুৰণি বন্ধু। কেতিয়াবা আমাৰ মাজত সমস্যা হৈছিল, কিন্তু এতিয়া আমি পাহৰি গৈছো।''

বলীউডত চলি থকা ‘মিটু’ আন্দোলনৰ সময়ত চাৰ্লিনে ছাজিদ খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সাজিদ খান প্ৰভাৱশালী হোৱাৰ বাবে মুম্বাই আৰক্ষীৰ পৰা কোনো সহায় পোৱা নাই বুলি অভিনেত্ৰীগৰাকীয়ে দাবী কৰে। সেই সময়ত ৰাখী সাবন্তই ছাজিদৰ বিৰুদ্ধে চাৰ্লিনৰ অভিযোগৰ বিষয়ে মুকলিকৈ কৈছিল।

"ছাজিদ খানৰ বিৰুদ্ধে কোনেও সাক্ষ্য দিয়া নাই, আৰক্ষীয়ে কিয়  ব্যৱস্থা ল'ব? মুম্বাই আৰক্ষীয়ে জানে যে কোনো গোচৰটোৰ দম নাই।''- চাৰ্লিনক ঠাট্টা কৰি ৰাখীয়ে এইদৰে মন্তব্য কৰিছিল।

ৰাখীৰ এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰৰ নৱেম্বৰ মাহত চাৰ্লিনে থানাত এফআইআৰ দাখিল কৰিছিল। সেই এফআইআৰৰ ভিত্তিত ৰাখীক জানুৱাৰী মাহত গ্ৰেপ্তাৰো কৰা হৈছিল।
য
কিন্তু এতিয়া সেই সংঘাত অতীত। কাজিয়া পাহৰি এতিয়া ৰাখী আৰু চাৰ্লিন ভগ্নীৰ দৰে আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু