--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহৰে কাজু বাদাম প্ৰিয়। কাজু বাদাম বৰ দামী বাদাম। এই বাদাম মানুহে কেঁচাকৈ খোৱাৰ উপৰিও পায়স,ক্ষীৰ,মিঠাই আদি নানা ব্যঞ্জনত ব্যৱহাৰ কৰে। পোলাওটো কাজু বাদাম ব্যৱহাৰ হয়। কাজু বৰফিৰ সোৱাদেই সুকীয়া নহয় জানো.. আমাৰ শৰীৰৰ স্বাভাৱিক কাম-কাজৰ কাৰণে এই কাজু বাদামৰ যথেষ্ট উপকাৰিতা আছে। কাজুত প্ৰয়োজনীয় এণ্টি-অক্সিডেণ্ট গুণ থকাৰ লগতে ভিটামিন আৰু মিনাৰেলো আছে। 

কাজুবাদামক শুকান ফলৰ ৰজা বুলি কোৱা হয় । আমাৰ শৰীৰৰ প্ৰায় সকলো ধৰনৰ পৌষ্টিক উপাদান যেনে- অধিক মাত্ৰাত প্ৰ’টিন ,ভিটামিন আইৰন, ক'পাৰ, কেলচিয়াম ,পটেচিয়াম মেগনেচিয়াম,চিলিয়াম ,মেংগানীজ,জিংক,ফাইবাৰ ,কেলৰী ,খনিজ ধাতব লবন , স্নেহ পদাৰ্থ আদি সুক্ষ্ম পোষক তত্বৰে (micro-nutrient) ভৰপুৰ কাজু বাদাম ।


কাজু বাদামৰ উপকাৰিতা


১)কাজুত যথেষ্ট পৰিমাণৰ কপাৰ থকাৰ বাবে চুলিৰ বাবেও আৱশ্যকীয়।এই কপাৰে চুলি পকাত বাধা দিয়ে।ইয়াৰ বাহিৰেও কাজুত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ বাবে উপযোগী।

২)কাজু বাদামে ওজন কম কৰাত সহায় কৰে।কাজুত ভাল কলেষ্টেৰল আছে।সপ্তাহত দিনে দুবাৰকৈ কাজু বাদাম খালে ওজন কম কৰাত সহায় কৰে।

৩)কাজুত চেলেনিয়াম,কপাৰ,মেগনেছিয়াম  ইত্যাদি বহু এনজাইম থাকে। কাজুৱে আহাৰ হজম কৰাতো সহায় কৰে। 

৪) যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থকা বাবে কাজু দাঁত আৰু দাঁতৰ আলুৰ বাবেও উপকাৰী। 

৫) কাজুৱে হৃৎপিণ্ড সুস্থ কৰি ৰাখে।

৬) কাজু বাদামত ভাল চৰ্বি থাকে,যিটোৱে বেয়া কলেষ্টেৰল এলভিএলৰ মাত্ৰা কম কৰাত সহায় কৰে।বহুতেই কাজু খালে শকত হয় বুলি ভয় কৰে, যিটো মিছা ধাৰণা।

৭) কাজুত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে।ফলত মাংসপেশী আৰু স্নায়ুৰ সঠিক কামৰ বাবে আৱশ্যকীয় খাদ্য।

৮)কাজুৱে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।এইবিধ বাদামত ছডিয়াম কম থাকে।ইয়াৰ বিপৰীতে পটেছিয়াম বেছি থাকে।যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয়।

৯)কেন্সাৰ ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰাতো কাজু বাদামে সহায় কৰে।কাজুত চেলেনিয়াম,ভিটামিন –ই থাকে।যাৰ ফলত কেন্সাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰে।

১০)কাজুত বহু পৰিমাণে জিংক থকা বাবে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে শৰীৰক প্ৰতিৰক্ষা দিয়াত সহায় কৰে।

১১) কাজুত উচ্চ মাত্ৰাত কপাৰ থাকে বাবে বহু পৰিমাণে এনজাইম শৰীৰে লাভ কৰে।বিশেষকৈ হৰম’নৰ উৎপাদনৰ লগতে মস্তিষ্কৰ কামত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

১২) কাজুৱে লোহিত ৰক্ত কণিকাৰ উপাদান গঠনতো সহায় কৰে বাবে ৰক্তহীনতা ৰোগ দূৰ হয়।

১৩) ১৬) নিয়মিত কাজু খালে পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে । 

১৪) কাজু খালে দুৰ্বল,ৰুগীয়া বা নিৰোগী লোকৰ গাত বলশক্তি বাঢ়ে ।

১৫) সাধাৰণতে মহিলাসকলৰ মেন’পজৰ পাছত টোপনিৰ ব্যাঘাত জন্মে।এই সময়ত হৰম’নৰ পৰিৱৰ্তনৰ বাবে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।অযথা মানসিক চাপ হয়।এই ক্ষেত্ৰত নিয়মীয়াকৈ কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

১৬) বায়ু পিত্ত কফৰ সমতা ৰক্ষা কৰে কাজু বাদামে ।

যিহেতু কাজুত উচ্চ মাত্ৰাত কেল'ৰি থাকে সেয়ে সৰু লৰা-ছোৱালীয়ে এবাৰত ৩-৪টা ডাঙৰে ৪-৮টা কাজু বাদাম খালেই যথেষ্ট। আহক প্ৰকৃতিৰ অনুপম উপাদান কাজু বাদাম খাও আৰু সুস্বাস্থ্যৰ অধিকাৰী হও...








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু