--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহৰে কাজু বাদাম প্ৰিয়। কাজু বাদাম বৰ দামী বাদাম। এই বাদাম মানুহে কেঁচাকৈ খোৱাৰ উপৰিও পায়স,ক্ষীৰ,মিঠাই আদি নানা ব্যঞ্জনত ব্যৱহাৰ কৰে। পোলাওটো কাজু বাদাম ব্যৱহাৰ হয়। কাজু বৰফিৰ সোৱাদেই সুকীয়া নহয় জানো.. আমাৰ শৰীৰৰ স্বাভাৱিক কাম-কাজৰ কাৰণে এই কাজু বাদামৰ যথেষ্ট উপকাৰিতা আছে। কাজুত প্ৰয়োজনীয় এণ্টি-অক্সিডেণ্ট গুণ থকাৰ লগতে ভিটামিন আৰু মিনাৰেলো আছে। 

কাজুবাদামক শুকান ফলৰ ৰজা বুলি কোৱা হয় । আমাৰ শৰীৰৰ প্ৰায় সকলো ধৰনৰ পৌষ্টিক উপাদান যেনে- অধিক মাত্ৰাত প্ৰ’টিন ,ভিটামিন আইৰন, ক'পাৰ, কেলচিয়াম ,পটেচিয়াম মেগনেচিয়াম,চিলিয়াম ,মেংগানীজ,জিংক,ফাইবাৰ ,কেলৰী ,খনিজ ধাতব লবন , স্নেহ পদাৰ্থ আদি সুক্ষ্ম পোষক তত্বৰে (micro-nutrient) ভৰপুৰ কাজু বাদাম ।


কাজু বাদামৰ উপকাৰিতা


১)কাজুত যথেষ্ট পৰিমাণৰ কপাৰ থকাৰ বাবে চুলিৰ বাবেও আৱশ্যকীয়।এই কপাৰে চুলি পকাত বাধা দিয়ে।ইয়াৰ বাহিৰেও কাজুত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ বাবে উপযোগী।

২)কাজু বাদামে ওজন কম কৰাত সহায় কৰে।কাজুত ভাল কলেষ্টেৰল আছে।সপ্তাহত দিনে দুবাৰকৈ কাজু বাদাম খালে ওজন কম কৰাত সহায় কৰে।

৩)কাজুত চেলেনিয়াম,কপাৰ,মেগনেছিয়াম  ইত্যাদি বহু এনজাইম থাকে। কাজুৱে আহাৰ হজম কৰাতো সহায় কৰে। 

৪) যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থকা বাবে কাজু দাঁত আৰু দাঁতৰ আলুৰ বাবেও উপকাৰী। 

৫) কাজুৱে হৃৎপিণ্ড সুস্থ কৰি ৰাখে।

৬) কাজু বাদামত ভাল চৰ্বি থাকে,যিটোৱে বেয়া কলেষ্টেৰল এলভিএলৰ মাত্ৰা কম কৰাত সহায় কৰে।বহুতেই কাজু খালে শকত হয় বুলি ভয় কৰে, যিটো মিছা ধাৰণা।

৭) কাজুত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে।ফলত মাংসপেশী আৰু স্নায়ুৰ সঠিক কামৰ বাবে আৱশ্যকীয় খাদ্য।

৮)কাজুৱে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।এইবিধ বাদামত ছডিয়াম কম থাকে।ইয়াৰ বিপৰীতে পটেছিয়াম বেছি থাকে।যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয়।

৯)কেন্সাৰ ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰাতো কাজু বাদামে সহায় কৰে।কাজুত চেলেনিয়াম,ভিটামিন –ই থাকে।যাৰ ফলত কেন্সাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰে।

১০)কাজুত বহু পৰিমাণে জিংক থকা বাবে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে শৰীৰক প্ৰতিৰক্ষা দিয়াত সহায় কৰে।

১১) কাজুত উচ্চ মাত্ৰাত কপাৰ থাকে বাবে বহু পৰিমাণে এনজাইম শৰীৰে লাভ কৰে।বিশেষকৈ হৰম’নৰ উৎপাদনৰ লগতে মস্তিষ্কৰ কামত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

১২) কাজুৱে লোহিত ৰক্ত কণিকাৰ উপাদান গঠনতো সহায় কৰে বাবে ৰক্তহীনতা ৰোগ দূৰ হয়।

১৩) ১৬) নিয়মিত কাজু খালে পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে । 

১৪) কাজু খালে দুৰ্বল,ৰুগীয়া বা নিৰোগী লোকৰ গাত বলশক্তি বাঢ়ে ।

১৫) সাধাৰণতে মহিলাসকলৰ মেন’পজৰ পাছত টোপনিৰ ব্যাঘাত জন্মে।এই সময়ত হৰম’নৰ পৰিৱৰ্তনৰ বাবে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।অযথা মানসিক চাপ হয়।এই ক্ষেত্ৰত নিয়মীয়াকৈ কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

১৬) বায়ু পিত্ত কফৰ সমতা ৰক্ষা কৰে কাজু বাদামে ।

যিহেতু কাজুত উচ্চ মাত্ৰাত কেল'ৰি থাকে সেয়ে সৰু লৰা-ছোৱালীয়ে এবাৰত ৩-৪টা ডাঙৰে ৪-৮টা কাজু বাদাম খালেই যথেষ্ট। আহক প্ৰকৃতিৰ অনুপম উপাদান কাজু বাদাম খাও আৰু সুস্বাস্থ্যৰ অধিকাৰী হও...








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক