--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাকো নকৰিবা বঞ্চিত, সকলোকে দিবা কিঞ্চিৎ কিঞ্চিৎ৷ যেন এই নীতিকেই সাৰোগত কৰি বিভিন্ন প্ৰতিস্থানে অনুদান আগবঢ়াইছিল ৰাজনৈতিক দলসমূহক৷ বিভিন্ন কোম্পানীয়ে বণ্ডৰ দ্বাৰা কোটি কোটি টকাৰ চান্দা দিছে ৰাজনৈতিক দলসমূহক৷

মেঘা ইঞ্জিনিয়াৰিং, ফিউচাৰ গেমিং, NKG, বেদান্ত, যশোদা হাস্পতালেও আগবঢ়াইছিল বৃহৎ পৰিমাণৰ চান্দা৷ লোকচানসত্ত্বেও ভাৰতী এয়াৰটেলেও বণ্ডৰ দ্বাৰা চান্দা আগবঢ়াইছিল৷ অৱশ্যে, কোনোটো ৰাজনৈতিক দলকে অসন্তুষ্ট কৰা নাছিল কোম্পানীসমূহে৷ 

বিশেষকৈ ইলেক্ট’ৰেল বণ্ড লাভৰ শীৰ্ষত আছে বিজেপি, তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ৷ ১০টা কোম্পানীৰ পৰা সৰ্বাধিক বণ্ড লাভ কৰিছে দল তিনিটাই৷

বিজেপিলৈ ৬,০৬০ কোটিৰ ২,২৮৮ কোটিয়েই ১০টা কোম্পানীৰ, তৃণমূল কংগ্ৰেছৰ ১,৬০৬ কোটিৰ বণ্ডৰ ১,১৬০ কোটিয়েই ১০টা কোম্পানীৰ৷ একেদৰে, কংগ্ৰেছৰ ১,৪২১ কোটিৰ বণ্ডৰ ৬,০১৫ কোটিয়েই ১০টা কোম্পানীৰ৷

ইলেক্ট’ৰেল বণ্ডৰ সিংহভাগ গৈছিল শাসকীয় বিজেপিলৈ৷ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল, আৰ জে ডি, জে ডি ইউ, এন চি পি, বি আৰ এছ আৰু আপলৈও কোম্পানীসমূহে আগবঢ়াইছিল চান্দা৷ তথ্য অনুসৰি, বেদাণ্টা, এয়াৰটেল, মুথূট, বাজাজ, পিৰামল–ছান ফাৰ্মা আদিয়ে বণ্ড আগবঢ়াইছিল প্ৰায় প্ৰতিটো দললৈ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ