--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-ক’ৰিঅ’গ্ৰাফাৰ ফাৰাহ খান ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ক’ভিড-১৯ প্ৰতিষেধকৰ দুটা ড’জ লোৱাৰ পাছতো কৰ’নাক্ৰান্ত হৈছে ফাৰাহ খান। বুধবাৰে এক ইনষ্টাগ্ৰাম পোষ্টযোগে এই বিষয়ে প্ৰকাশ কৰিছে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। দুটাকৈ প্ৰতিষেধক গ্ৰহণ আৰু বেছিভাগ ডাবল ভেক্সেড লোকৰ সৈতে কাম কৰা স্বত্বেও ক’ভিডাক্ৰান্ত হোৱাত আচৰ্য প্ৰকাশ কৰিছে ফাৰাহ খানে। ইনষ্টাগ্ৰাম পোষ্ট যোগে ‘কালা টিকা’ৰ প্ৰসংগও উত্থাপন কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। সামাজিক মাধ্যমত ফাৰাহ খানৰ ব্যংগাত্মক পোষ্টটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। ‘কালা টিকা’ নলগোৱা বাবে কৰ’নাক্ৰান্ত হোৱা বুলি ব্যংগ কৰিছে ফাৰাহ খানে। অৱশ্যে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড পৰীক্ষাৰো পৰামৰ্শ প্ৰদান কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে।


ফাৰাহ খান টিভি ৰিয়েলিটি শ্ব' জি কমেডি শ্ব'ৰ শ্বুটিংত ব্যস্ত হৈ আছিল। উক্ত অনুষ্ঠানটোত তেওঁ বিচাৰকৰ আসনত উপৱিষ্ট হৈ আছিল। জানিবলৈ পোৱা মতে, ফাৰাহ খান আৰোগ্য হৈ নুঠালৈকে অনুষ্ঠানটোত গায়ক মিকা সিঙে বিচাৰকৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিব। জি কমেডি শ্ব'ৰ উপৰিও, ফাৰাহ খানে অলপতে ছুপাৰ ডান্সাৰ ৪-ত অতিথি হিচাপে উপস্থিত আছিল। শিল্পা চেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৰ সৈতে বিচাৰকৰ পেনেল ভাগ-বতৰা কৰিছিল। ফাৰাহ খানে শুকুৰবাৰ বিশেষৰ বাবে অমিতাভ বচ্চনৰ ‘কৌন বনেগা ক্ৰোড়পতি-১৩’ ৰ এটা খণ্ডৰ বাবে দৃশ্যগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ