--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ৰাতিটোৰ ভিতৰতে কোটিপতি হোৱাৰ কথা শুনিবলৈ ভাল, কিন্তু ইয়াৰ বাস্তৱিকতা প্ৰশ্নৰ ঊৰ্ধ্বত নহয়। খুব চমৎকাৰ কিবা নঘটিলে এনে হোৱাটো সাধাৰণতে মানুহৰ কল্পনাতে থাকি যায়। কিন্তু এনে সৌভাগ্যই প্ৰকৃততে লগ দিছে এজন লোকক। ৰাতিটোৰ ভিতৰতে তেওঁ হৈ পৰিল কোটিপতি। মুম্বাইৰ সমীপৰ মহাৰাষ্ট্ৰৰ পালঘৰৰ এজন মাছমৰীয়াই কেতিয়াও কল্পনা কৰা নাছিল এনে সৌভাগ্যৰ কথা। কিন্তু বাস্তৱত সেয়াই ঘটিল আৰু ৰাতিটোৰ ভিতৰত তেওঁ কোটি টকা অৰ্জন কৰিলে।

তেওঁৰ জীৱীকা মাছ ধৰাৰ জৰিয়তই এনে মিৰাকল ঘটিল তেওঁৰ জীৱনত। পালঘৰ জিলাৰ মুৰ্বে গাঁৱৰ এজন মাছমৰীয়া চন্দ্ৰকান্ত তাৰে ২৮ আগষ্টত বাৰিষা মাছ ধৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁৰ নাওখন সাগৰলৈ গৈছিল। মাছ ধৰাৰ সময়ত, তেওঁ লক্ষ্য কৰিছিল যে জালখন অতি গধুৰ হৈ পৰিছে। তেওঁ লগে লগে সাৱধানে জালখন পাৰলৈ তুলি আনে। তেওঁৰ লগতে নাওখনত থকা তেওঁৰ সহযোগীকেইজনে দেখি আচৰিত হৈছিল যে তেওঁ একেলগে জালত প্ৰায় ১৫০টা ‘ঘোল’ মাছ ধৰিছিল।

ঘোল নামৰ এই বিশেষ মাছবিধ কেৱল সুস্বাদু খাদ্যই নহয় বৰং ইয়াৰ বহুতো ঔষধি গুণ আছে আৰু বিভিন্ন দেশত ইয়াৰ মূল্য যথেষ্ট। ইয়াৰ দেহৰ অংশবোৰ ঔষধ আৰু অন্যান্য উচ্চ মূল্যৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। মাছটোক "সোণৰ হৃদয়ৰ মাছ" বুলিও কোৱা হয়। ইমানবোৰ ঘোল মাছ জালত উঠাৰ লগে লগে তেওঁৰ ভাগ্যৰ দুৱাৰো মুকিল হৈ পৰিল। এই দুৰ্মূল্য মাছবিধ বিক্ৰী কৰি তেওঁ অৰ্জন কৰিলে কোটি টকা। এই মাছখিনিৰ দাম নিলামত ১.৩৩ কোটি টকালৈকে উঠিছে। এই বাতৰি লিখাৰ সময়লৈকে মাছখিনিৰ নিলাম সম্পূৰ্ণ হোৱা নাছিল বুলি প্ৰকাশ কৰিছে মাছমৰীয়া চন্দ্ৰকান্ত তাৰেৰ পুত্ৰ সোমনাথে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু