--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ৰাতিটোৰ ভিতৰতে কোটিপতি হোৱাৰ কথা শুনিবলৈ ভাল, কিন্তু ইয়াৰ বাস্তৱিকতা প্ৰশ্নৰ ঊৰ্ধ্বত নহয়। খুব চমৎকাৰ কিবা নঘটিলে এনে হোৱাটো সাধাৰণতে মানুহৰ কল্পনাতে থাকি যায়। কিন্তু এনে সৌভাগ্যই প্ৰকৃততে লগ দিছে এজন লোকক। ৰাতিটোৰ ভিতৰতে তেওঁ হৈ পৰিল কোটিপতি। মুম্বাইৰ সমীপৰ মহাৰাষ্ট্ৰৰ পালঘৰৰ এজন মাছমৰীয়াই কেতিয়াও কল্পনা কৰা নাছিল এনে সৌভাগ্যৰ কথা। কিন্তু বাস্তৱত সেয়াই ঘটিল আৰু ৰাতিটোৰ ভিতৰত তেওঁ কোটি টকা অৰ্জন কৰিলে।

তেওঁৰ জীৱীকা মাছ ধৰাৰ জৰিয়তই এনে মিৰাকল ঘটিল তেওঁৰ জীৱনত। পালঘৰ জিলাৰ মুৰ্বে গাঁৱৰ এজন মাছমৰীয়া চন্দ্ৰকান্ত তাৰে ২৮ আগষ্টত বাৰিষা মাছ ধৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁৰ নাওখন সাগৰলৈ গৈছিল। মাছ ধৰাৰ সময়ত, তেওঁ লক্ষ্য কৰিছিল যে জালখন অতি গধুৰ হৈ পৰিছে। তেওঁ লগে লগে সাৱধানে জালখন পাৰলৈ তুলি আনে। তেওঁৰ লগতে নাওখনত থকা তেওঁৰ সহযোগীকেইজনে দেখি আচৰিত হৈছিল যে তেওঁ একেলগে জালত প্ৰায় ১৫০টা ‘ঘোল’ মাছ ধৰিছিল।

ঘোল নামৰ এই বিশেষ মাছবিধ কেৱল সুস্বাদু খাদ্যই নহয় বৰং ইয়াৰ বহুতো ঔষধি গুণ আছে আৰু বিভিন্ন দেশত ইয়াৰ মূল্য যথেষ্ট। ইয়াৰ দেহৰ অংশবোৰ ঔষধ আৰু অন্যান্য উচ্চ মূল্যৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। মাছটোক "সোণৰ হৃদয়ৰ মাছ" বুলিও কোৱা হয়। ইমানবোৰ ঘোল মাছ জালত উঠাৰ লগে লগে তেওঁৰ ভাগ্যৰ দুৱাৰো মুকিল হৈ পৰিল। এই দুৰ্মূল্য মাছবিধ বিক্ৰী কৰি তেওঁ অৰ্জন কৰিলে কোটি টকা। এই মাছখিনিৰ দাম নিলামত ১.৩৩ কোটি টকালৈকে উঠিছে। এই বাতৰি লিখাৰ সময়লৈকে মাছখিনিৰ নিলাম সম্পূৰ্ণ হোৱা নাছিল বুলি প্ৰকাশ কৰিছে মাছমৰীয়া চন্দ্ৰকান্ত তাৰেৰ পুত্ৰ সোমনাথে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ