--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সংকটজনক অৱস্থাত চিকিৎসালয়ত আন এগৰাকী প্ৰবীণ অভিনেত্ৰী। অনুৰাগীক উদ্বিগ্ন কৰি আইচিইউত চিকিৎসাধীন হ’বলগীয়া হ’ল তাৰকাগৰাকী। তেওঁ হৈছে ছাইৰা বানু। ৰক্তচাপজনিত সমস্যাত ভোগা প্ৰবীণ অভিনেত্ৰীগৰকীক কেইদিনমান পূৰ্বে মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল। কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত বুধবাৰে চিকিৎসালয়খনৰ আইচিইউ ৱাৰ্ডলৈ তেওঁক স্থানান্তৰ কৰা হৈছে।

সংবাদ প্ৰতিষ্ঠান এএনআইয়ে এই বাতৰি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ছাইৰা বানুৰ স্বামী তথা কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ বিগত জুলাই মাহত মুম্বাইত ৯৮ বছৰ বয়সত মৃত্যু হৈছিল। এএনআইৰ মতে, ছাইৰা বানুৱে ৰক্তচাপ সম্পৰ্কীয় সমস্যাত ভুগিছিল আৰু তিনিদিন আগতে হিন্দুজা চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিল। তেওঁক আজি আইচিইউ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে, ছাইৰা বানুৱে ১৯৬১ চনত প্ৰয়াত অভিনেতা শাম্মী কাপুৰৰ বিপৰীতে জংলী চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। তেওঁ পাডোচন (১৯৬৮), হেৰা ফেৰী (১৯৭৬), দিৱানা (১৯৬৭) আৰু পূৰব ঔৰ পশ্চিম (১৯৭০)ৰ দৰে চলচ্চিত্ৰত কৰা দুৰ্দান্ত অভিনয়ৰ জৰিয়তে সকলোৰে মন মুহি থৈছে। তেওঁৰ অসুস্থতাৰ খবৰে এতিয়া তেওঁৰ অনুৰাগীসকলক উদ্বিগ্ন কৰি ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ