--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কালঘূৰ্ণী ‘মোচা’ই৷ প্ৰতিঘণ্টাত ১৭৫ কিঃমিঃ বেগত ধুমুহাৰ আশংকা কৰা হৈছে৷ পশ্চিমবংগত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে৷ অন্ধ্ৰপ্ৰদেশ, ওড়িশাতো মোচাক লৈ শংকিত হৈ পৰিছে জনতা৷

উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যতো দেখা গৈছে ‘মোচা’ৰ প্ৰভাৱ। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ কিছু কিছু ঠাইত পৰিছে বে’ অব্ বেংগল সাগৰ পৃষ্ঠত ঘণ্টাত ১৫০/১৬০ কি:মি: গতিবেগত উৎপত্তি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ। আগন্তুক ৫ দিনলৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  হালধীয়া আৰু কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰে। 

বতৰ বিজ্ঞানৰ বতৰ বিজ্ঞানীৰ  আগজাননী অনুসৰি অহা ২৪ ঘন্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত পাতলীয়া বৰষুণৰ লগত বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে৷ ১৩ মে’ত নগালেণ্ড  মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ আহিব যদিও অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কিছু ঠাইত পাতলীয়া বৰষুণ আহিব পাৰে। 

ঠিক তেনেদৰে ১৪ মে’ত ‘মোচা’ ঘূৰ্ণী বতাহৰ ফলত মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত ৫০/৬০ কি:মি: গতিবেগত ধুমুহাৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা যদিও অসম, মেঘালয়, নগালেণ্ড আৰু অৰুণাচলৰ কিছু ঠাইত আহিব পাৰে ধাৰাসাৰ বৰষুণ। ১৫ মে’ত অসম, মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু ঠাইত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে।ঠিক তেনেদৰে অহা ১৬ মে’ত অসম আৰু মেঘালয়ৰ কিছু ঠাইত প্ৰবল বৃষ্টিপাত হোৱাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঠাইবিশেষে ধাৰাসাৰ বৰষুণ অহাৰ যথেষ্ট সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ