--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কালঘূৰ্ণী ‘মোচা’ই৷ প্ৰতিঘণ্টাত ১৭৫ কিঃমিঃ বেগত ধুমুহাৰ আশংকা কৰা হৈছে৷ পশ্চিমবংগত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে৷ অন্ধ্ৰপ্ৰদেশ, ওড়িশাতো মোচাক লৈ শংকিত হৈ পৰিছে জনতা৷

উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যতো দেখা গৈছে ‘মোচা’ৰ প্ৰভাৱ। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ কিছু কিছু ঠাইত পৰিছে বে’ অব্ বেংগল সাগৰ পৃষ্ঠত ঘণ্টাত ১৫০/১৬০ কি:মি: গতিবেগত উৎপত্তি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ। আগন্তুক ৫ দিনলৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  হালধীয়া আৰু কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰে। 

বতৰ বিজ্ঞানৰ বতৰ বিজ্ঞানীৰ  আগজাননী অনুসৰি অহা ২৪ ঘন্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত পাতলীয়া বৰষুণৰ লগত বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে৷ ১৩ মে’ত নগালেণ্ড  মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ আহিব যদিও অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কিছু ঠাইত পাতলীয়া বৰষুণ আহিব পাৰে। 

ঠিক তেনেদৰে ১৪ মে’ত ‘মোচা’ ঘূৰ্ণী বতাহৰ ফলত মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত ৫০/৬০ কি:মি: গতিবেগত ধুমুহাৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা যদিও অসম, মেঘালয়, নগালেণ্ড আৰু অৰুণাচলৰ কিছু ঠাইত আহিব পাৰে ধাৰাসাৰ বৰষুণ। ১৫ মে’ত অসম, মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু ঠাইত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে।ঠিক তেনেদৰে অহা ১৬ মে’ত অসম আৰু মেঘালয়ৰ কিছু ঠাইত প্ৰবল বৃষ্টিপাত হোৱাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঠাইবিশেষে ধাৰাসাৰ বৰষুণ অহাৰ যথেষ্ট সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস