--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হৈছে চিবিএছইৰ দশম স্ৰেণীৰ পৰীক্ষাৰ ফলাফল। আজি ঘোষিত ফলাফলত চণ্ডীগড় অন্ধ বিদ্যালয়ৰ ভিতৰত টপাৰ হিচাবে পৰিগণিত হৈছে এগৰাকী অন্ধ ছাত্ৰী। নাম তেওঁৰ কাফি। চণ্ডিগড়ৰ ইনষ্টিটিউট অফ ব্লাইণ্ডৰ  ১৫ বছৰীয়া ছাত্ৰী কাফি চিবিএছই দশম শ্ৰেণীৰ ফলাফলত ৯৫.২০ % নম্বৰ লাভেৰে   বিদ্যালয়ৰ  ভিতৰতে শীৰ্ষস্থানত আৰোহণ কৰিছে। 

কাফি এগৰাকী এচিড আক্ৰমণৰ পৰা বাচি যোৱা কিশোৰী।মাত্ৰ তিনি বছৰ বয়সতে হিছাৰৰ বুধনা গাঁৱত বাস কৰা তিনিজন চুবুৰীয়াই ঈৰ্ষাৰ বাবেই কাফিক এচিডেৰে আক্ৰমণ কৰিছিল।ফলত  কাফিৰ মুখ আৰু বাহু গুৰুতৰ ভাৱে জ্বলি গৈছিল, আৰু তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। ইমানৰ পিছতো কাফিয়ে হাৰ মানিব বিচৰা নাছিল আৰু তাইৰ সপোনবোৰ সফল  কৰিবলৈ যুঁজ দি গৈছিল।

 কাফিৰ দেউতাকে তেওঁক চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱাইছিল।   চিকিৎসকে পৰিয়ালটোক কৈছিল যে কাফি গোটেই জীৱন অন্ধ হৈ থাকিব।কাফিৰ দেউতাকে ন্যায়ৰ বাবে যুঁজ দিছিল, আৰু আক্ৰমণকাৰীসকলক হিছাৰৰ জিলা আদালতে দুবছৰৰ শাস্তি প্ৰদান কৰিছিল। অৱশ্যে,শাস্তি সম্পূৰ্ণ কৰাৰ পিছত আক্ৰমণকাৰীসকল এতিয়া মুক্ত, যিটো কথাই কাফিৰ পৰিয়ালক আজিও চিন্তিত কৰি ৰাখিছে।

কাফিয়ে আঠ বছৰ বয়সতে হিছাৰৰ অন্ধ বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰিছিল। তেওঁ  তাত তাইৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী সম্পূৰ্ণ কৰিছিল, কিন্তু সুবিধাৰ অভাৱৰ বাবে, তেওঁৰ পৰিয়াল চণ্ডীগড়লৈ স্থানান্তৰিত হৈছিল। কাফিৰ দেউতাকে চুক্তিৰ ভিত্তিত চণ্ডিগড়ৰ সচিবালয়ত পিয়ন হিচাপে কাম কৰে।
প্ৰত্যাহ্বান আৰু সম্পদৰ অভাৱ স্বত্বেও কাফিৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ কেতিয়াও হ্ৰাস পোৱা নাছিল। তাৰ ফল আজি তেওঁ পালে। কাফিৰ এতিয়া ইচ্ছা ভৱিষ্যতে এগৰাকী আইএএছ বিষয়া হোৱা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা