--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হৈছে চিবিএছইৰ দশম স্ৰেণীৰ পৰীক্ষাৰ ফলাফল। আজি ঘোষিত ফলাফলত চণ্ডীগড় অন্ধ বিদ্যালয়ৰ ভিতৰত টপাৰ হিচাবে পৰিগণিত হৈছে এগৰাকী অন্ধ ছাত্ৰী। নাম তেওঁৰ কাফি। চণ্ডিগড়ৰ ইনষ্টিটিউট অফ ব্লাইণ্ডৰ  ১৫ বছৰীয়া ছাত্ৰী কাফি চিবিএছই দশম শ্ৰেণীৰ ফলাফলত ৯৫.২০ % নম্বৰ লাভেৰে   বিদ্যালয়ৰ  ভিতৰতে শীৰ্ষস্থানত আৰোহণ কৰিছে। 

কাফি এগৰাকী এচিড আক্ৰমণৰ পৰা বাচি যোৱা কিশোৰী।মাত্ৰ তিনি বছৰ বয়সতে হিছাৰৰ বুধনা গাঁৱত বাস কৰা তিনিজন চুবুৰীয়াই ঈৰ্ষাৰ বাবেই কাফিক এচিডেৰে আক্ৰমণ কৰিছিল।ফলত  কাফিৰ মুখ আৰু বাহু গুৰুতৰ ভাৱে জ্বলি গৈছিল, আৰু তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। ইমানৰ পিছতো কাফিয়ে হাৰ মানিব বিচৰা নাছিল আৰু তাইৰ সপোনবোৰ সফল  কৰিবলৈ যুঁজ দি গৈছিল।

 কাফিৰ দেউতাকে তেওঁক চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱাইছিল।   চিকিৎসকে পৰিয়ালটোক কৈছিল যে কাফি গোটেই জীৱন অন্ধ হৈ থাকিব।কাফিৰ দেউতাকে ন্যায়ৰ বাবে যুঁজ দিছিল, আৰু আক্ৰমণকাৰীসকলক হিছাৰৰ জিলা আদালতে দুবছৰৰ শাস্তি প্ৰদান কৰিছিল। অৱশ্যে,শাস্তি সম্পূৰ্ণ কৰাৰ পিছত আক্ৰমণকাৰীসকল এতিয়া মুক্ত, যিটো কথাই কাফিৰ পৰিয়ালক আজিও চিন্তিত কৰি ৰাখিছে।

কাফিয়ে আঠ বছৰ বয়সতে হিছাৰৰ অন্ধ বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰিছিল। তেওঁ  তাত তাইৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী সম্পূৰ্ণ কৰিছিল, কিন্তু সুবিধাৰ অভাৱৰ বাবে, তেওঁৰ পৰিয়াল চণ্ডীগড়লৈ স্থানান্তৰিত হৈছিল। কাফিৰ দেউতাকে চুক্তিৰ ভিত্তিত চণ্ডিগড়ৰ সচিবালয়ত পিয়ন হিচাপে কাম কৰে।
প্ৰত্যাহ্বান আৰু সম্পদৰ অভাৱ স্বত্বেও কাফিৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ কেতিয়াও হ্ৰাস পোৱা নাছিল। তাৰ ফল আজি তেওঁ পালে। কাফিৰ এতিয়া ইচ্ছা ভৱিষ্যতে এগৰাকী আইএএছ বিষয়া হোৱা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস