--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কানাডাত সাম্প্ৰতিক সময়ত ভাৰতীয় সকলৰ বিৰুদ্ধে ঘৃণা অপৰাধৰ সৈতে জড়িত বহু ঘটনা চৰ্চালৈ আহিছে। শেহতীয়া ঘটনাটোত কানাডাৰ ব্ৰেম্পটন চহৰৰ এখন উদ্যানত ভাঙি-ছিঙি কৰা ঘটনা পোহৰলৈ আহিছে। এই উদ্যানখন ‘ভাগৱদ গীতা উদ্যান’ নামেৰে জনাজাত। বৰ্তমান সমগ্ৰ ভাৰততে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু ইয়াক ঘৃণাজনিত অপৰাধ বুলি অভিহিত কৰিছে। কানাডাস্থিত ভাৰতীয় উচ্চায়ুক্তই এই বিষয়টোৰ তদন্ত কৰি অতি শীঘ্ৰে দোষীক ধৰিবলৈ আৰক্ষীক আবেদন জনাইছে।

একে সময়তে এই বিষয়ত আৰক্ষীৰ পৰা কোৱা হৈছে যে শ্ৰী ভাগৱত উদ্যানৰ স্থায়ী চাইনবোৰ্ড এতিয়াও সাজু হোৱা নাই। উদ্যানখনত কোনো ধৰণৰ ভেঙুচালিৰ কোনো চিন পোৱা নাই।

অট’ৱাস্থিত ভাৰতীয় উচ্চায়ুক্তই এক টুইটযোগে কয় যে, "ব্ৰেম্পটনৰ শ্ৰীভগৱদ গীতা পাৰ্কত সংঘটিত হোৱা ঘৃণাজনিত অপৰাধক আমি গৰিহণা দিছো। আমি কানাডাৰ কৰ্তৃপক্ষ আৰু আৰক্ষীক আহ্বান জনাইছো যে অপৰাধীৰ বিৰুদ্ধে তদন্ত কৰি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক।" ইয়াৰ নাম সলনি কৰি শ্ৰী ভাগৱত উদ্যান কৰি ২৮ ছেপ্টেম্বৰত উন্মোচন কৰা হয়।
ইয়াৰ পূৰ্বেও‌ ব্ৰেম্পটনৰ মেয়ৰ পেট্ৰিক ব্ৰাউনে উদ্যানখনত ভাঙি-ছিঙি সংঘটিত হোৱা ঘটনাটো নিশ্চিত কৰিছিল। এই কাণ্ডক গৰিহণা দি ব্ৰাউনে কয় যে ইয়াৰ প্ৰতি আমাৰ শূন্য সহনশীলতা আছে। আমি জানিব পাৰিছো যে সদ্য উন্মোচন কৰা শ্ৰী ভাগৱত উদ্যানৰ প্ৰতীক চিহ্নটো ভাঙি পেলোৱা হৈছিল। আমি পিল আঞ্চলিক আৰক্ষীক অধিক তদন্তৰ বাবে অনুৰোধ জনাইছো। আমাৰ উদ্যান বিভাগে অতি শীঘ্ৰে চাইন বৰ্ড ঠিক কৰাৰ বাবে কাম কৰি আছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কানাডাৰ সৈতে ঘৃণাজনিত অপৰাধ, সাম্প্ৰদায়িক হিংসা আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ কাণ্ড হাতত লৈ তদন্তৰ সৈতে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে কানাডাত এই অপৰাধসমূহ এতিয়াও ন্যায়ৰ ওচৰলৈ অনা হোৱা নাই। আপোনালোকক কওঁ যে কানাডাত ভাৰতীয় মূলৰ প্ৰায় ১৬ লাখ লোক বাস কৰে। দেশৰ হিন্দু মন্দিৰত চলিত বৰ্ষত কমেও দুটাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে