--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কানাডাত সাম্প্ৰতিক সময়ত ভাৰতীয় সকলৰ বিৰুদ্ধে ঘৃণা অপৰাধৰ সৈতে জড়িত বহু ঘটনা চৰ্চালৈ আহিছে। শেহতীয়া ঘটনাটোত কানাডাৰ ব্ৰেম্পটন চহৰৰ এখন উদ্যানত ভাঙি-ছিঙি কৰা ঘটনা পোহৰলৈ আহিছে। এই উদ্যানখন ‘ভাগৱদ গীতা উদ্যান’ নামেৰে জনাজাত। বৰ্তমান সমগ্ৰ ভাৰততে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু ইয়াক ঘৃণাজনিত অপৰাধ বুলি অভিহিত কৰিছে। কানাডাস্থিত ভাৰতীয় উচ্চায়ুক্তই এই বিষয়টোৰ তদন্ত কৰি অতি শীঘ্ৰে দোষীক ধৰিবলৈ আৰক্ষীক আবেদন জনাইছে।

একে সময়তে এই বিষয়ত আৰক্ষীৰ পৰা কোৱা হৈছে যে শ্ৰী ভাগৱত উদ্যানৰ স্থায়ী চাইনবোৰ্ড এতিয়াও সাজু হোৱা নাই। উদ্যানখনত কোনো ধৰণৰ ভেঙুচালিৰ কোনো চিন পোৱা নাই।

অট’ৱাস্থিত ভাৰতীয় উচ্চায়ুক্তই এক টুইটযোগে কয় যে, "ব্ৰেম্পটনৰ শ্ৰীভগৱদ গীতা পাৰ্কত সংঘটিত হোৱা ঘৃণাজনিত অপৰাধক আমি গৰিহণা দিছো। আমি কানাডাৰ কৰ্তৃপক্ষ আৰু আৰক্ষীক আহ্বান জনাইছো যে অপৰাধীৰ বিৰুদ্ধে তদন্ত কৰি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক।" ইয়াৰ নাম সলনি কৰি শ্ৰী ভাগৱত উদ্যান কৰি ২৮ ছেপ্টেম্বৰত উন্মোচন কৰা হয়।
ইয়াৰ পূৰ্বেও‌ ব্ৰেম্পটনৰ মেয়ৰ পেট্ৰিক ব্ৰাউনে উদ্যানখনত ভাঙি-ছিঙি সংঘটিত হোৱা ঘটনাটো নিশ্চিত কৰিছিল। এই কাণ্ডক গৰিহণা দি ব্ৰাউনে কয় যে ইয়াৰ প্ৰতি আমাৰ শূন্য সহনশীলতা আছে। আমি জানিব পাৰিছো যে সদ্য উন্মোচন কৰা শ্ৰী ভাগৱত উদ্যানৰ প্ৰতীক চিহ্নটো ভাঙি পেলোৱা হৈছিল। আমি পিল আঞ্চলিক আৰক্ষীক অধিক তদন্তৰ বাবে অনুৰোধ জনাইছো। আমাৰ উদ্যান বিভাগে অতি শীঘ্ৰে চাইন বৰ্ড ঠিক কৰাৰ বাবে কাম কৰি আছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কানাডাৰ সৈতে ঘৃণাজনিত অপৰাধ, সাম্প্ৰদায়িক হিংসা আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ কাণ্ড হাতত লৈ তদন্তৰ সৈতে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে কানাডাত এই অপৰাধসমূহ এতিয়াও ন্যায়ৰ ওচৰলৈ অনা হোৱা নাই। আপোনালোকক কওঁ যে কানাডাত ভাৰতীয় মূলৰ প্ৰায় ১৬ লাখ লোক বাস কৰে। দেশৰ হিন্দু মন্দিৰত চলিত বৰ্ষত কমেও দুটাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক