--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কল্পনাও কৰিব নোৱাৰা নাৰকীয় ঘটনা সংঘটিত হৈছিল কানপুৰত । কানপুৰৰ ঘাটমপুৰৰ এজন বেজৰ  নিৰ্দেশত ২০২০ চনৰ ১৪ নৱেম্বৰত এগৰাকী সাত বছৰীয়া কন্যা শিশুক  হত্যা কৰিছিল এহাল দম্পতীে। তাৰ পিছত দম্পতীহালে শিশুটিৰ  যকৃত আৰু অন্যান্য গুৰুত্বপূৰ্ণ অঙ্গ ভক্ষণ কৰিছিল। আৰক্ষীয়ে তদন্ত কৰি দম্পতীহালৰ লগতে মুঠ চাৰি জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ২০২০ চনৰ সেই নাৰকীয় ঘটনাটোৰ মূল অভিযুক্ত  দম্পতীহালৰ লগতে  চাৰিজন লোকক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

 তিনি বছৰ ধৰি চলি থকা বিচাৰৰ অন্তত কানপুৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ (পকচো আইন) বাকুৰ শ্বামিম ৰিজৱীয়ে অভিযুক্ত দম্পতী পৰশুৰাম  আৰু সুনয়নাক শাস্তি প্ৰদান কৰে।  তেওঁলোকৰ ভতিজা অংকুল আৰু তেওঁৰ সহযোগী বীৰেনকো যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে।   আদালতে অংকুল আৰু বীৰেনক ৪৫,০০০ টকা আৰু পৰশুৰাম আৰু সুনয়নাক  ২০,০০০ টকাৰ জৰিমনাও বিহিছে।  চৰকাৰৰ অতিৰিক্ত অধিবক্তা ৰাম ৰক্ষিত শৰ্মা, প্ৰদীপ পাণ্ডে আৰু অজয় কুমাৰ ত্ৰিপাঠীয়ে কয়  যে ঘাটামপুৰৰ এজন   বাসিন্দাই  অভিযোগ কৰিছিল যে ১৪ নৱেম্বৰ, ২০২০ তাৰিখে তেওঁৰ সাত বছৰীয়া ছোৱালীজনীয়ে বাহিৰত খেলি থকাৰ সময়তে সন্ধানহীন হৈছিল৷ 

  পিছদিনা গাওঁখনৰ কাষৰে এখন পথাৰত শিশুটিৰ  ক্ষতবিক্ষত মৃতদেহ পোৱা গৈছিল। তদন্ত চলাই আৰক্ষীয়ে পৰশুৰাম, সুনয়না, অংকুল আৰু বীৰেনক গ্ৰেপ্তাৰ কৰিছিল।  আৰক্ষীয়ে  জানিব পাৰিছিল যে পৰশুৰাম আৰু সুনয়নাই বিবাহৰ ১৯ বছৰৰ পাছতো সন্তানহীন আছিল । সেয়ে তেওঁলোকে এজন বেজৰ  কাষ চাপিছিল। বেজেই  তেওঁলোকক এজনী ছোৱালীৰ যকৃত খাবলৈ কৈছিল। অংকুল আৰু বীৰেনে ছোৱালীজনীক যৌন নিৰ্যাতন চলাইছিল আৰু তাৰ পিছত  হত্যা কৰিছিল। তেওঁলোকেই ছোৱালীজনীৰ যকৃত উলিয়াই পৰশুৰাম আৰু সুনয়নাক দিছিল। অৱশেষত  নৰখাদক দম্পতীৰ লগতে আন দুজনক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক