--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কল্পনাও কৰিব নোৱাৰা নাৰকীয় ঘটনা সংঘটিত হৈছিল কানপুৰত । কানপুৰৰ ঘাটমপুৰৰ এজন বেজৰ  নিৰ্দেশত ২০২০ চনৰ ১৪ নৱেম্বৰত এগৰাকী সাত বছৰীয়া কন্যা শিশুক  হত্যা কৰিছিল এহাল দম্পতীে। তাৰ পিছত দম্পতীহালে শিশুটিৰ  যকৃত আৰু অন্যান্য গুৰুত্বপূৰ্ণ অঙ্গ ভক্ষণ কৰিছিল। আৰক্ষীয়ে তদন্ত কৰি দম্পতীহালৰ লগতে মুঠ চাৰি জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ২০২০ চনৰ সেই নাৰকীয় ঘটনাটোৰ মূল অভিযুক্ত  দম্পতীহালৰ লগতে  চাৰিজন লোকক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

 তিনি বছৰ ধৰি চলি থকা বিচাৰৰ অন্তত কানপুৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ (পকচো আইন) বাকুৰ শ্বামিম ৰিজৱীয়ে অভিযুক্ত দম্পতী পৰশুৰাম  আৰু সুনয়নাক শাস্তি প্ৰদান কৰে।  তেওঁলোকৰ ভতিজা অংকুল আৰু তেওঁৰ সহযোগী বীৰেনকো যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে।   আদালতে অংকুল আৰু বীৰেনক ৪৫,০০০ টকা আৰু পৰশুৰাম আৰু সুনয়নাক  ২০,০০০ টকাৰ জৰিমনাও বিহিছে।  চৰকাৰৰ অতিৰিক্ত অধিবক্তা ৰাম ৰক্ষিত শৰ্মা, প্ৰদীপ পাণ্ডে আৰু অজয় কুমাৰ ত্ৰিপাঠীয়ে কয়  যে ঘাটামপুৰৰ এজন   বাসিন্দাই  অভিযোগ কৰিছিল যে ১৪ নৱেম্বৰ, ২০২০ তাৰিখে তেওঁৰ সাত বছৰীয়া ছোৱালীজনীয়ে বাহিৰত খেলি থকাৰ সময়তে সন্ধানহীন হৈছিল৷ 

  পিছদিনা গাওঁখনৰ কাষৰে এখন পথাৰত শিশুটিৰ  ক্ষতবিক্ষত মৃতদেহ পোৱা গৈছিল। তদন্ত চলাই আৰক্ষীয়ে পৰশুৰাম, সুনয়না, অংকুল আৰু বীৰেনক গ্ৰেপ্তাৰ কৰিছিল।  আৰক্ষীয়ে  জানিব পাৰিছিল যে পৰশুৰাম আৰু সুনয়নাই বিবাহৰ ১৯ বছৰৰ পাছতো সন্তানহীন আছিল । সেয়ে তেওঁলোকে এজন বেজৰ  কাষ চাপিছিল। বেজেই  তেওঁলোকক এজনী ছোৱালীৰ যকৃত খাবলৈ কৈছিল। অংকুল আৰু বীৰেনে ছোৱালীজনীক যৌন নিৰ্যাতন চলাইছিল আৰু তাৰ পিছত  হত্যা কৰিছিল। তেওঁলোকেই ছোৱালীজনীৰ যকৃত উলিয়াই পৰশুৰাম আৰু সুনয়নাক দিছিল। অৱশেষত  নৰখাদক দম্পতীৰ লগতে আন দুজনক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক