--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহেজাৰ, দুহেজাৰ বা এক লাখ, দুই লাখ নহয়, ৫৫ লাখ মোবাইল ফোনৰ ন্মবৰ ব্লক কৰি দিলে কেন্দ্ৰীয় চৰকাৰে।   কিন্তু চৰকাৰে কিয় এনে পন্থা গ্ৰহণ কৰিলে। দৰাচলতে চৰকাৰে বল্ক কৰি দিয়া মোবাইল ফোনৰ গৰাকীসকলৰ পৰিচয় ভুৱা আছিল। ভুৱা তথ্য আৰু নথি-পত্ৰে তেনে ফোন নম্বৰসমূহ বহুতে লাভ কৰিছিল।নিজৰ নামত নথকা তেনে নম্বৰসমূহৰ পৰা বহুতেই ধন দাবীকে ধৰি আন বহু অপৰাধ সংঘটিত কৰি আহিছিল।  

এনে চাইবাৰ জালিয়াতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভুৱা নথিপত্ৰৰে প্ৰস্তুত কৰা  চিমবোৰ অকামিলা কৰি দিছে। উল্লেখ্য ভাৰতত চাইবাৰ জালিয়াতিৰ ঘটনা বৃদ্ধি পাইছে।  চাইবাৰ কেলেংকাৰীৰ নতুন নতুন ঘটনা প্ৰতিদিনে পোহৰলৈ আহি আছে।  চাইবাৰ অপৰাধীৰ জালত পৰি  বহু  লোকে লাখ লাখ টকা হেৰুৱাইছে।  কিছু ক্ষেত্ৰত চাইবাৰ অপৰাধীয়ে বহু লোকৰ  ছবি আদি ব্যৱহাৰ কৰিও ব্লেকমেইল কৰি আহিছে।  

কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ  মন্ত্ৰী দেৱুসিংহ চৌহানে সংসদত কয়  যে  ভুৱা পৰিচয় পত্ৰৰ সহায়ত লোৱা নম্বৰবোৰৰ সৰহভাগেই  বন্ধ কৰা হৈছে। এই সংখ্যাটো প্ৰায় ৫৫ লাখ হ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ১.৩২  লাখ মোবাইল ফোনো ব্লক কৰি দিয়া হৈছে। 

 উল্লেখ্য সঞ্চাৰ সাথী পৰ্টেলৰ যোগেৰে  মোবাইল ফোনৰ বহু তথ্য লাভ কৰিব পাৰি।  সঞ্চাৰ সাথী পৰ্টেল হৈছে ব্যৱহাৰকাৰীৰ ম'বাইল নম্বৰ প্ৰমাণিত কৰিবলৈ এটা অনলাইন প্লেটফৰ্ম। সঞ্চাৰ সাথী পৰ্টেলে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নামত জাৰি কৰা ম'বাইল সংযোগৰ বিষয়ে জানিবলৈ, অপ্ৰয়োজনীয় সংযোগ বিচ্ছিন্ন কৰিবলৈ, হেৰুওৱা মোবাইল ফোনবোৰ ব্লক আৰু ট্ৰেচ কৰিবলৈ তথা  নতুন আৰু পুৰণি মোবাইল ফোন ক্ৰয় কৰোঁতে ডিভাইচৰ তথ্য  পৰীক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিএই পৰ্টেলটোৱে আপোনাক বহুতো সেৱা প্ৰদান কৰে।এই পৰ্টেল আপুনি www.sancharsaathi.gov.in ছাৰ্চ কৰিলেই পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement