--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহিলাসকলে চৰকাৰী চাকৰি পাবলৈ কাৰোবাৰ শয্যাসংগিনী হ’ব লাগিব। একেদৰে যুৱকসকলে বৃহৎ উৎকোচ দিব লাগিব। এগৰাকী কংগ্ৰেছ নেতাৰ এনে মন্তব্যই এতিয়া দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কৰ্ণাটকৰ  কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেই ৰাজ্য খনৰ শানাধিষ্ঠিত  বিজেপি চৰকাৰকসমালোচনা কৰিবলৈ গৈ এনেদৰে মন্তব্য কৰে। 

খাৰ্গেৰ মন্তব্যত জাঙুৰ খাই উঠিছে কৰ্ণাটকৰ মহিলা-যুৱতীসকল। মহিলাৰ বিৰুদ্ধে এনে টুলুঙা মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা জনক বহুতে ক্ষমা খোজাৰো দাবী জনাইছে।

খাৰ্গেই কয় , "চৰকাৰে চৰকাৰী পদ বিক্ৰী কৰিবলৈ লৈছে। চৰকাৰী চাকৰি পাবলৈ  যুৱতীসকলে শয্যসংগিনী হ’ব লাগে। যুৱসকলে উৎকোচ দিব লাগে। এগৰাকী মন্ত্ৰীয়ে এগৰাকী যুৱতীক চাকৰি দিয়াৰ চৰ্তত তেওঁৰ শয্যা সংগিনী হ’বলৈ প্ৰস্তাৱ দিছিল। পিছত সেয়া ৰাজহুৱা হোৱাৰ পিছত তেওঁ পদত্যাগ কৰিছিল। এয়া মোৰ দাবীৰ সমৰ্থনত উপযুক্ত প্ৰমাণ। " 

নেতাগৰাকীয়ে পুনৰ নদি কয় "মোৰ ওচৰত তথ্য আছে যে এনেদৰে ৬০০ টা পদত নিযুক্তি দিয়া হৈছে। সহকাৰী অভিযন্তা পদৰ বাবে ৫০ লাখ টকা আৰু কনিষ্ঠ অভিযন্তা পদৰ বাবে ৩০ লাখ টকা উৎকোচ লোৱা হৈছিল। সম্ভৱতঃ ৩০০ কোটি টকা এনেদৰে আত্মসাৎ কৰা হৈছে"। স্বাভাৱিকতে কংগ্ৰেছ নেতাজনৰ অভিযোগৰ পিছতে অস্বস্তিবোধ কৰিছে বিজেপিয়ে ।

গেৰুৱা শিবিৰে সামাজিক মাধ্যমত বিষয়টোকলৈ  নিজৰ ক্ষোভ উজাৰিছে। খাৰ্গেৰ মন্তব্যৰ বিপৰীতে বিজেপিয়ে দাবী কৰিছে যে কংগ্ৰেছৰ শাসনকালতহে ৰাজ্যখনৰ মন্ত্ৰীসকলে ব্যভিচাৰত লিপ্ত হৈছিল।খাৰ্গেই তেওঁৰ মন্তব্যৰ জৰিয়তে  সমগ্ৰ দেশৰ সকলো মহিলাকে অপমান কৰা বুলি বিজেপিয়ে কৈছে। 

যিসকলে চৰকাৰী চাকৰি পাবলৈ কঠোৰ পৰিশ্ৰম কৰিছে তেনে মহিলা-যুৱতীসকলক খাৰ্গেই অপমান কৰা বুলি বিজেপিয়ে অভিযোগ কৰিছে।খাৰ্গেই  চৰকাৰী চাকৰিৰ নিযুক্তিত  সংঘটিত দুৰ্নীতিৰ তদন্তৰ  কৰিবলৈ  বিশেষ তদন্তকাৰী গোট  (এছআইটি) গঠন কৰাৰো দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান