--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহিলাসকলে চৰকাৰী চাকৰি পাবলৈ কাৰোবাৰ শয্যাসংগিনী হ’ব লাগিব। একেদৰে যুৱকসকলে বৃহৎ উৎকোচ দিব লাগিব। এগৰাকী কংগ্ৰেছ নেতাৰ এনে মন্তব্যই এতিয়া দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কৰ্ণাটকৰ  কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেই ৰাজ্য খনৰ শানাধিষ্ঠিত  বিজেপি চৰকাৰকসমালোচনা কৰিবলৈ গৈ এনেদৰে মন্তব্য কৰে। 

খাৰ্গেৰ মন্তব্যত জাঙুৰ খাই উঠিছে কৰ্ণাটকৰ মহিলা-যুৱতীসকল। মহিলাৰ বিৰুদ্ধে এনে টুলুঙা মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা জনক বহুতে ক্ষমা খোজাৰো দাবী জনাইছে।

খাৰ্গেই কয় , "চৰকাৰে চৰকাৰী পদ বিক্ৰী কৰিবলৈ লৈছে। চৰকাৰী চাকৰি পাবলৈ  যুৱতীসকলে শয্যসংগিনী হ’ব লাগে। যুৱসকলে উৎকোচ দিব লাগে। এগৰাকী মন্ত্ৰীয়ে এগৰাকী যুৱতীক চাকৰি দিয়াৰ চৰ্তত তেওঁৰ শয্যা সংগিনী হ’বলৈ প্ৰস্তাৱ দিছিল। পিছত সেয়া ৰাজহুৱা হোৱাৰ পিছত তেওঁ পদত্যাগ কৰিছিল। এয়া মোৰ দাবীৰ সমৰ্থনত উপযুক্ত প্ৰমাণ। " 

নেতাগৰাকীয়ে পুনৰ নদি কয় "মোৰ ওচৰত তথ্য আছে যে এনেদৰে ৬০০ টা পদত নিযুক্তি দিয়া হৈছে। সহকাৰী অভিযন্তা পদৰ বাবে ৫০ লাখ টকা আৰু কনিষ্ঠ অভিযন্তা পদৰ বাবে ৩০ লাখ টকা উৎকোচ লোৱা হৈছিল। সম্ভৱতঃ ৩০০ কোটি টকা এনেদৰে আত্মসাৎ কৰা হৈছে"। স্বাভাৱিকতে কংগ্ৰেছ নেতাজনৰ অভিযোগৰ পিছতে অস্বস্তিবোধ কৰিছে বিজেপিয়ে ।

গেৰুৱা শিবিৰে সামাজিক মাধ্যমত বিষয়টোকলৈ  নিজৰ ক্ষোভ উজাৰিছে। খাৰ্গেৰ মন্তব্যৰ বিপৰীতে বিজেপিয়ে দাবী কৰিছে যে কংগ্ৰেছৰ শাসনকালতহে ৰাজ্যখনৰ মন্ত্ৰীসকলে ব্যভিচাৰত লিপ্ত হৈছিল।খাৰ্গেই তেওঁৰ মন্তব্যৰ জৰিয়তে  সমগ্ৰ দেশৰ সকলো মহিলাকে অপমান কৰা বুলি বিজেপিয়ে কৈছে। 

যিসকলে চৰকাৰী চাকৰি পাবলৈ কঠোৰ পৰিশ্ৰম কৰিছে তেনে মহিলা-যুৱতীসকলক খাৰ্গেই অপমান কৰা বুলি বিজেপিয়ে অভিযোগ কৰিছে।খাৰ্গেই  চৰকাৰী চাকৰিৰ নিযুক্তিত  সংঘটিত দুৰ্নীতিৰ তদন্তৰ  কৰিবলৈ  বিশেষ তদন্তকাৰী গোট  (এছআইটি) গঠন কৰাৰো দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ