--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰীসকলক আজিও সমাজৰ বহু লোকে হেয় জ্ঞান কৰে৷ অসমতো নাৰী সমাজৰ ওপৰত কটু মন্তব্য কৰাৰ বাবে ব্ৰাহ্মণ সমাজৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা সমালোচনাৰো পাত্ৰ হৈছে৷ কিন্তু এনে সময়তে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে কেৰালাৰ অথিৰা প্ৰীথা ৰাণীয়ে৷ভাৰতীয় মূলৰ কন্যা অথিৰা প্ৰীথা ৰাণীক নাছাৰ ২০২২ বৰ্ষৰ মহাকাশচাৰী প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰা হৈছে৷ প্ৰীথা ৰাণীৰ বয়স ২৪ বছৰ৷ 

 প্ৰীথা ৰাণী কেৰালাৰ থিৰুৱন্তপুৰমৰ নিবাসী৷উল্লেখযোগ্য যে, নাছাই এই প্ৰশিক্ষণৰ বাবে সমগ্ৰ বিশ্বৰৰ মাত্ৰ ১২ জন লোককহে নিৰ্বাচন কৰিছে৷ সেই বাৰজন লোকৰ ভিতৰত আছে কেৰালাৰ প্ৰীথা৷ 

 নাছাই নিৰ্বাচিত লোক সকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব৷ এই প্ৰশিক্ষণ তিনিৰ পৰা পাঁচ বছৰীয়া হ’ব বুলি জানিব পৰা গৈছে৷প্ৰীথায়ে এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’লে কল্পনা চাওলা আৰু সুনীতা উইলিয়ামৰ পিছত মহাকাশলৈ যোৱা তৃতীয় গৰাকী মহিলা হ’ব৷ প্ৰীথাৰ সাফল্যৰ এই যাত্ৰা অব্যাহত থাকক আৰু বিশ্ববাসীৰ ওচৰত ভাৰতীয়ৰ মৰ্যাদা দুগুণ বৃদ্ধি কৰি তোলক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ